বীৰদৰ্পে একালৰ অন্যতম সক্ৰিয় বিজেপিৰ কৰ্মী তথা ২০১৬ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অজন্তা নেওগৰ বিৰুদ্ধে তুমূল প্ৰতিদ্বন্দিতা আগবঢ়াই মাত্ৰ ৫০০০ ভোটত পৰাজয় বৰণ কৰা বিতোপন শইকীয়াৰ চিৰবৈৰী কংগ্ৰেছলৈ হঠাৎ কৰা গমনে গোলাঘাটৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত বিজেপিৰ অন্যতম প্ৰাৰ্থীত্বৰ দাবীদাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা জীনা বৰুৱাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিজেপিৰ নেত্ৰীগৰাকীয়ে মতামত বিচৰাত ধন্যবাদ জনাই কয় যে , গোলাঘাটৰ ৰাজনৈতিক চিত্ৰপট খন এতিয়া অন্য বোৰ সমষ্টি তকৈ বহুত বেলেগ হৈ আছে বুলি কব লাগিব ।এনেকুৱা ধৰণৰ ঘটনা বাস্তৱত কাচিৎ হে হয়।ৰাজনীতিৰ আধাৰত নিৰ্মিত কথা ছবিতহে সাধাৰণতে এনে ধৰণৰ কথা কাণ্ড বোৰ দেখা যায়।বিধান সভা নিৰ্বাচনৰ বাবে টিকটৰ প্ৰবল দাবীদাৰ আছিলোঁ আমি তিনিজন।বিতোপন শইকীয়া, দেবজিত বৰা আৰু মই জীনা বৰুৱা ।সমষ্টি টোত বিজেপিৰ ভাৱমূৰ্তি উন্নত কৰিবৰ বাবে আমি প্ৰতিজনেই যথেষ্ট কষ্ট কৰিলোঁ।কৰোনাৰ সময়ত অসংখ্য লোকক আৰ্থিক সাহাৰ্য্য দিলোঁ।খাদ্য সামগ্ৰী দিলোঁ।মুঠতে সমষ্টি টোত বিজেপিৰ ভেটি ইমান সবল হৈ উঠিল যে ইয়াত পুৰণি দাবীদাৰ যিকোনো এজনেই (সমষ্টিত কাম কৰি থকা )অনায়াসে জয়লাভ কৰি গ’ল হেঁতেন ,কিন্তু হঠাতে কংগ্ৰেছ দলৰ বিধায়িকা অজন্তা নেওগ ডাঙৰীয়ানীয়ে বিজেপিত যোগদান কৰি প্ৰাথীৰ্ত্ব বিচৰাত অংকত যেন কিছু খেলি মেলি লাগিল; কাৰণ বিশেষ কৈ তৃণমূল পৰ্য্যায়ৰ কাৰ্য্য কৰ্তা সকলে তেওঁৰ প্ৰাথীৰ্ত্ব মানি লব খোজা নাই ।আমাৰ কষ্টৰ বিনিময়তো প্ৰাথীৰ্ত্ব নোপোৱাৰ বাবে দুখ নিশ্চয় লাগিছে,লগাটো স্বাভাৱিক ।তথাপিও দলৰ উৰ্দ্ধতন মহলৰ সিদ্ধান্ত আমি মানি লৈছোঁ।আমাৰ মাজৰে এজন বিতোপন শইকীয়া ডাঙৰীয়া ই এই সিদ্ধান্তত আঘাত পাই দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছে।যিহেতু তৃণমূল কাৰ্য্যকৰ্তা সকলেও এই সিদ্ধান্ত মানি লব খোজা নাই, সেয়েহে বহু খিনি সদস্য তেওঁৰ লগতে কংগ্ৰেছ লৈ গৈছে।ইতিমধ্যে এই সকলো বোৰ কথা মিডিয়া ত প্ৰকাশ হৈছে,সম্প্ৰচাৰ হৈছে।এক কবলৈ গ’লে গোলাঘাট সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট অতি উত্তপ্ত , ধূসৰতাই আৱৰি ধৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…