শনিবাৰে নিশাৰ ভাগত কংগ্ৰেছ প্ৰাৰ্থী তালিকা ঘোষনা কৰাৰ লগে লগেই তিনিচুকীয়া জিলাৰ ডিগবৈ আৰু মাৰ্ঘেৰিটাৰ কংগ্ৰেছ মহলত কাহ পৰি জীন জোৱাৰ অৱস্থা সৃষ্টি হৈছে৷ কিয়নো সমষ্টিদুটাৰ বাবে কংগ্ৰেছে যি দুগৰাকী নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে দুয়োৰে সমষ্টি দুটাত নাই কোনো গনভিত্তী৷ যাৰ ফলত ডিগবৈত পুনৰ বিজেপিৰ সুৰেন ফুকন আৰু মাৰ্ঘেৰিটাত বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বিজয়ৰ পথ প্ৰায় মুকলি হৈ পৰিল৷ মন কৰিবলগীয়া যে, ১২৩ নং ডিগবৈ বিধান সভা সমষ্টিত কংগ্ৰেছৰ হাইকামাণ্ডে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে যুৱ কংগ্ৰেছী নেতা শিৱনাথ চেতিয়াক৷ সমষ্টিটোৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত এইবাৰ শক্তিশালী প্ৰাৰ্থী আছিল প্ৰয়াত বিধায়ক ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ গৌতম ধানোৱাৰ আৰু ডিগবৈ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি ভাস্কৰ জীৱন বৰুৱা৷ বিজেপিৰ বিধায়ক সুৰেন ফুকনৰ সতে প্ৰতিদ্বণ্ডিতা কৰিব পৰা একমাত্ৰ প্ৰাৰ্থীজনেই আছিল গৌতম ধানোৱাৰ৷ কিন্তু দলে শেষ মূহূৰ্তত গৌতম ধানোৱাৰৰ পৰিবৰ্তে যুৱ কংগ্ৰেছী নেতা শিৱনাথ চেতিয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰাত পুনৰ বিজয়ৰ পথ সুনিশ্চিত হৈ পৰিল বিধায়ক সুৰেন ফুকনৰ৷ সেইদৰে ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত বিধায়ক ভাস্কৰ শৰ্মাক প্ৰত্যাহ্বান জনাব পৰা এজনেই নেতা আছিল, তেও হল তিনিচুকীয়া জিলা কংগ্ৰেছৰ সম্পাদক বাসুদেব ছেত্ৰী৷ কিন্ত দলে অন্তিম মূহূৰ্তত বাসুদেৱ ছেত্ৰীক বঞ্চিত কৰি মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি মনোৰঞ্জন বৰগোহাইক প্ৰাৰ্থিত্ব প্ৰদান কৰাত এতিয়া ব্যাপক গৰাখহনীয়া সৃষ্টি হৈছে মাৰ্ঘেৰিটা কংগ্ৰেছত৷ বাসুদেৱ ছেত্ৰীৰ সমৰ্থক সকলে সামাজিক মাধ্যমত আৰম্ভ কৰিছে মুকলি বিদ্ৰোহ৷ ফলস্বৰূপে বিধায়ক ভাস্কৰ শৰ্মাই বিপুল ভোটত পুনৰ বিপুল ভোটত জয়লাভ কৰাটো সুনিশ্চিত হৈ পৰিছে৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে, বিধায়ক ভাস্কৰ শৰ্মাই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ লগে লগে যোৱাকালি ঢোলে দগৰে তেওক কেইবাহাজাৰ সমৰ্থক আৰু দলীয় কৰ্মীয়ে আদৰনি জনোৱাৰ বিপৰীতে কংগ্ৰেছৰ মনোৰঞ্জন বৰগোহায়ে প্ৰাৰ্থিত্ব লাভ কৰাত দলীয় কৰ্মীসকলৰ মাজত দেখিবলৈ পোৱা নগল কোনোধৰনৰ উচাহ উদ্দীপনা৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…