Rahul Gandhi: জাৰ্মানীৰ BMW প্লাণ্ট আৰু BMW ৱেল্ট পৰিদৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

জাৰ্মানীৰ (Rahul Gandhi) বিএমডব্লিউ প্লাণ্ট আৰু বিএমডব্লিউ ৱেল্ট পৰিদৰ্শন ৰাহুল গান্ধীৰ। বাইকত উঠি বিশেষ প’জ দিয়াও দেখা গ’ল বিৰোধীৰ নেতাগৰাকীক।

জাৰ্মানীৰ বিএমডব্লিউ ৱৰ্ল্ড পৰিদৰ্শন কৰাৰ পিছত ৰাহুল গান্ধীয়ে কয় যে উৎপাদন শক্তি শক্তিশালী অৰ্থনীতিৰ মেৰুদণ্ড। ভাৰতত উৎপাদন “কমি অহা অৱস্থা”ত আছে। দেশখনত দ্ৰুত অৰ্থনৈতিক বিকাশৰ বাবে অধিক উৎপাদন, উন্নত উৎপাদন পৰিৱেশ তন্ত্ৰ, বৃহৎ পৰিসৰৰ, উচ্চমানৰ চাকৰিৰ প্ৰয়োজন।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জাৰ্মানীৰ মিউনিখত থকা BMW Welt আৰু BMW প্লাণ্ট পৰিদৰ্শন কৰে। নিজৰ অভিজ্ঞতা ব্যক্ত কৰি ৰাহুল গান্ধীয়ে কয় যে বিএমডব্লিউৰ উৎপাদন প্ৰক্ৰিয়া আৰু প্ৰযুক্তি বিশ্বমানৰ। তেওঁ লগতে কয় যে তেওঁৰ ভ্ৰমণৰ এটা উল্লেখযোগ্য অংশ আছিল বিএমডব্লিউৰ সৈতে অংশীদাৰিত্বৰে নিৰ্মাণ কৰা টিভিএছ ৪৫০চিচি মটৰ চাইকেলখন দেখা। তেওঁ ইয়াক ভাৰতীয় অভিযান্ত্ৰিকতাৰ বাবে এক “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে।

Related Articles