বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছে প্ৰাৰ্থিত্বৰ চূড়ান্ত তালিকা ঘোষনা কৰাৰ লগে লগেই ৰাজ্যৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে বিদ্ৰোহৰ জুই৷ ইয়াৰ ব্যতিক্ৰম নহয় উজনি অসমৰ তিনিচুকীয়া জিলাও৷ উদীয়মান প্ৰাৰ্থীক বঞ্চিত কৰি জিলাখনৰ কেইবাটাও সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে পুৰ্বৰ বিধায়কসকলকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত বিজেপিৰ ভিতৰচৰাত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিয়াৰ সমান্তৰালকৈ কংগ্ৰেছতো দেখিবলৈ পোৱা গৈছে বিসম্বাদৰ জুই৷ একালৰ কংগ্ৰেছৰ দুৰ্গস্বৰূপ ১২২ নং তিনিচুকীয়া সমষ্টিত বৰ্তমানে উঠিছে দলত্যাগৰ জোৱাৰ৷ সমষ্টিটোত ১১ গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাক্ষীক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰি এইবাৰ কংগ্ৰেছ মিত্ৰজোটৰ সতে চামিল থকা আৰ জে দিক সমষ্টিটো এৰি দিয়াৰ কথা ঘোষনা কৰাত এতিয়া তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছে কংগ্ৰেছ মহলত৷ তিনিচুকীয়াত কংগ্ৰেছে এক সংবাদমেলৰ আয়োজন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটি তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে একাংশই সমূহীয়াকৈ দল ত্যাগ কৰাৰ কথা ঘোষনা কৰে৷ তিনিচুকীয়া প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক অৰুন চাহু, দণ্ডী সোনোৱাল, বাবলু কুলদ্বীপ, ৰাজু চাহু সহ কেইবাগৰাকী উচ্চ পৰ্যায়ৰ নেতাই তেওলোকৰ সকলোবোৰ বুথ কমিটি, মণ্ডল কমিটি আৰু ব্লক কমিতিৰ বিষয় ববীয়াই সৰ্বসন্মত সিদ্ধান্তমৰ্মে কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা ঘোষনা কৰে৷ সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক অৰুন চাহুৱে কয় যে, বছৰ বছৰ ধৰি তেওলোকে কংগ্ৰেছ দলৰ উত্তৰনৰ বাবে আহুপুৰুষাৰ্থ কৰি আহিছিল৷ কংগ্ৰেছৰ বাবে তেওলোক নিজৰ জীৱন দিবলৈও সাজু আছিল৷ তিনিচুকীয়া কংগ্ৰেছৰ সৱল নেতৃত্বৰ বাবে স্বাধীনতাৰ পিছৰে পৰা ২০১৬ চনলৈকে সমষ্টিটো কংগ্ৰেছৰে দখলত আছিল৷ ২০১৬ চনত মোডীৰ পৰিবৰ্তনৰ বতাহত সমষ্টিটো বিজেপিৰ হাতলৈ যায় যদিও এইবাৰ পুনৰ সমষ্টিটো কংগ্ৰেছে উদ্ধাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল৷ তেনেক্ষেত্ৰত দলে সমষ্টিটো এইবাৰ নাম গোন্ধ নথকা আৰ জে দি দলক এৰি দিবলৈ লোৱা সিদ্ধান্ত কোনোপধ্যেই গ্ৰহনযোগ্য নহয়৷ দলৰ এনে অবিবেচক সিদ্ধান্তৰ তীব্ৰ বিৰুধীতা কৰি তেওলোকে আজিৰে পৰা ২৭ মাৰ্চলৈকে কংগ্ৰেছৰ হৈ কোনো কাম নকৰাৰ সিদ্ধান্ত গ্ৰহন কৰে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…