স্থানীয় বিধায়ক তথা(Nitin Gadkari) মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত দিল্লীলৈ যোৱা ৬ জনীয়া প্ৰতিনিধি দলটিয়ে কালি সংসদ ভৱনত পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেবিনেট মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত কলিয়াবৰ তিনিআলিৰ পৰা ৰাঙলুলৈকে বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথটো (পুৰণা ৩৭নং নতুন ৭১৫) সম্প্ৰসাৰণ আৰু বহলিকৰণ কৰি নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰাৰ সময়ত অসমৰ তিনিগৰাকীকৈ সাংসদ ক্ৰমে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফনীফুষণ চৌধুৰী আৰু কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে। সাক্ষাৎৰ সময়ত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক কলিয়াবৰৰ ফ’ৰলেন সমস্যা বিতংভাৱে অৱগত কৰে।
অসমৰ তিনি সাংসদৰ লগতে মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ সদস্যসকল ক্ৰমে প্ৰদীপ লস্কৰ, গোলাপ চন্দ্ৰ শইকীয়া, প্লাৱন বৰা, মৃগাঙ্ক বৰা, লেখনাথ শৰ্মা আৰু সুভম দামাই। ফ’ৰলেন দাবী সমিতিৰ এই তিনিবছৰীয়া সংগ্ৰামখনৰ দীৰ্ঘদিনীয়া ফ’ৰলেন সমস্যাটো বিবেচনা কৰা হ’ব বুলি প্ৰতিনিধি দলটোক আশ্বাস দিয়ে মন্ত্ৰী নীতিন গাডকাৰীয়ে।

