আজি বিশ্বনাথৰ আৰু বিহালীৰ পৰা মনোনয়ন পত্ৰ দাখিল

২৭ মার্চত প্রথম পর্যায়ত অনুষ্ঠিত হ’ব লগীয়া ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ বাবে ভাৰতীয় জনতা পার্টিৰ প্রার্থী ৰঞ্জীৎ দত্ত : কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ চিপিআই (এম এল) ৰ প্রার্থী বিবেক দাস আৰু বিশ্বনাথ সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰে মনোনয়ন পত্র দাখিল কৰিছে । পুৱা বিজেপিৰ প্রার্থী ৰণ্জিত দত্তৰ বাসগৃহৰ পৰা ১৫ হাজাৰৰো অধিক সমর্থক সহ দত্ত আহি জিলা উপায়ুক্তৰ কার্যালয়লৈ আহে। প্ৰমোদ বৰঠাকুৰেও প্ৰায় দহ শতাধিক সমৰ্থকেৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে দুই হাজাৰ সমর্থকক লগত লৈ চিপিআই (এম এল) দলৰ বিবেক দাসে জিলা উপায়ুক্তৰ কার্যালয়ত মনোনয়ন পত্র দাখিল কৰে  দাসক সংগ দিয়ে কংগ্ৰেছ দলৰ হৈ ৰাজ্যিক সম্পাদক প্ৰেমলাল গঞ্জু আৰু চিপি আই এম এলৰ জ্যেষ্ঠ নেতা লিলা শৰ্মাই।

Related Articles