দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।(Narendra Modi)
বিকাশৰ বতৰা লৈ নিৰ্বাচনী ৰণডংকা বজাব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
বিয়লি ২:৪৫ বজাত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল।
গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূর্তি টার্মিনেল উদ্বোধনৰ পাছত ৰাজহুৱা সভা সম্বোধন কৰিব প্রধানমন্ত্রীয়ে।
জনসভাৰ পাছত বশিষ্ঠৰ বাজপেয়ী ভৱনলৈ ৰাওনা হ’ব প্রধানমন্ত্রীগৰাকী।
কাইলৈ শিক্ষার্থীৰে ‘পৰীক্ষা পে চর্চা’ত ভাগ ল’ব প্রধানমন্ত্রীয়ে।
তাৰ পাছত বৰাগাঁৱৰ ছহিদ স্মাৰকলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী।
কাইলৈ অংশ ল’ব নামৰূপ সাৰ কাৰখানাৰ ১০ হাজাৰ ৬০০ কোটিৰ চতুৰ্থ গোটৰ ভূমিপূজনত।

