Imran Khan: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীক ১৭ বছৰৰ কাৰাদণ্ড

পাকিস্তানৰ(Imran Khan) ৰাজনীতি সন্দৰ্ভত ডাঙৰ খবৰ। তোছাখানা-দ্বিতীয় গোচৰত আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পত্নী বুশৰা বিবিক দোষী সাব্যস্ত কৰি কাৰাদণ্ড বিহিছে। শনিবাৰে ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত অৱস্থিত বিশেষ আদালতে এই ৰায়দান কৰে। আদালতে তেওঁলোকৰ ওপৰত এক কোটি টকাকৈ জৰিমনাও বিহিছিল। এই সিদ্ধান্তৰ পিছতে পাকিস্তানৰ ৰাজনীতি পুনৰ অশান্ত হৈ পৰিছে।

পত্নীসহ ইমৰান খানক ১৭ বছৰ কাৰাদণ্ড বিহা হৈছে। পাকিস্তানৰ এখন আদালতৰ এই ৰায়দান তোষাখানা গোচৰত দুয়োকে ১৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে। বৰ্তমান কাৰাগাৰতে আছে পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খান।

আদালতে বিভিন্ন ধাৰাত শাস্তি নিৰ্ধাৰণ কৰিছিল, যিবোৰ একেলগে মিলিলে মুঠ ১৭ বছৰ হ’ব। ইমৰাণ খান আৰু বুশৰা বিবিক পাকিস্তান দণ্ডবিধিৰ ৪০৯ ধাৰাত ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। আন আন ধাৰাতো দোষী সাব্যস্ত কৰা হয়। শুনানিৰ সময়ত আদালতত এফ আই এৰ বিষয়াসকল উপস্থিত থকাৰ বিপৰীতে ইমৰাণ খানৰ অধিবক্তাই তেওঁৰ গোচৰ দাখিল কৰে।


Related Articles