Ammonia-Urea Project Namrup: ১০ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব নামৰূপৰ এমোনীয়া-ইউৰীয়া প্ৰকল্পৰ

১২ লাখ ইউৰীয়া (Ammonia-Urea Project Namrup) উৎপাদনেৰে দেশৰ সৰ্ববৃহৎ সাৰকাৰখানা নিৰ্মাণ হ’ব নামৰূপত। ৩৮ বছৰীয়া প্ৰতিক্ষাৰ অৱসান ঘটাই আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভেলী ফাৰ্টিলাইজাৰ কোম্পানী লিমিটেডৰ এমোনীয়া-ইউৰীয়া সাৰ প্ৰকল্প আধাৰশিলা স্থাপন কৰে। ১০,৬০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া প্ৰকল্পটো সামৰি লোৱা হৈছে ৫৬০ বিঘা এলেকা। বিশ্বমানৰ এমোনীয়া-ইউৰীয়া সাৰপ্ৰকল্পটোৰ উৎপাদনক্ষমতা হ’ব বছৰি ১২.৭ লাখ মেট্ৰিক টন। আনহাতে প্ৰতিদিনে ২২০০ মেট্ৰিক টন এমোনীয়া আৰু ৩৮৫০ মেট্ৰিক টন ইউৰীয়া উৎপাদন হ’ব। এই প্ৰকল্পটোৰ বাবে বি ভি এফ চি এলৰ ১১ শতাংশ, অসম চৰকাৰৰ ৪০ শতাংশ, হিন্দুস্থান উৰ্বৰক ৰসায়ন লিমিটেডৰ ১৩ শতাংশ, নেশ্যনেল ফার্টিলাইজাৰ লিমিটেডৰ ১৮ শতাংশ আৰু অইল ইণ্ডিয়া লিমিটেডে ১৮ শতাংশ বিনিয়োগ কৰিব। যৌথ উদ্যোগ হিচাপে প্রতিষ্ঠা হ’বলগা উদ্যোগটোৱে বছেৰেকত ১২.৭ লাখ মেট্রিক টন ইউৰিয়া উৎপাদন কৰিব। সম্প্ৰতি নামৰূপ সাৰকাৰখানা (বি ভি এফ চি এল)ৰ তৃতীয় গোটটো নাম মাত্রহে চলি আছে। বিগত ৩৮ বছৰ ধৰি তৃতীয় গোটটোৱে সাৰ উৎপাদন কৰি আহিছে। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অইল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰাকৃতিক গেছৰ যোগান, দিল্লী নদীৰ পৰা পৰ্যাপ্ত পানী আহৰণ, সৱল ঔদ্যোগিক পৰিৱেশ আৰু সংযোগ ব্যৱস্থা, উত্তৰ পূৱ আৰু পূৱ ভাৰতৰ কৃষিজাত সামগ্ৰীৰ মূল বজাৰসমূহৰ সৈতে নিকট সম্পৰ্ক স্থাপন কৰা আদি দিশসমূহ হ’ব সুবিধাজনক। তদুপৰি প্ৰকল্পটোৰ ফলত ভাৰতৰ ইউৰীয়া আমদানি হ্ৰাস, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ইউৰীয়াৰ প্ৰয়োজন পূৰণ, উত্তৰ-পূৱ আৰু পূৱ ভাৰতৰ অঞ্চলসমূহলৈ সময়মতে ইউৰীয়া যোগান, যাতায়ত ব্যয় হ্ৰাসেৰে উত্তৰ-পূৰ্বাঞ্চলত ইউৰীয়াৰ মূল্য হ্ৰাস, প্ৰকল্পৰ আশে-পাশে বৃহৎ পৰিসৰত অৰ্থনৈতিক কাম-কাজ বৃদ্ধি আৰু তিনিশৰো অধিক প্ৰত্যক্ষ আৰু সহস্ৰাধিক পৰোক্ষ নিয়োগৰ সম্ভাৱনা গঢ়ি তুলিব।

২০৩০ চনত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰি নামৰূপৰ হাপজান পথাৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত কয় যে, আজিৰ দিনটো অসম আৰু উত্তৰ পূৱৰ বাবে ডাঙৰ দিন। দীৰ্ঘদিনৰ প্ৰতিক্ষাৰ অন্ততঃ সপোন পূৰণ হ’বলৈ গৈ আছে। এই সমগ্ৰ অঞ্চলটো ঔদ্যোগিক ক্ষেত্ৰত প্ৰগতিৰ নতুন অধ্যায়ৰ আৰম্ভ হ’ব। আজি এম’নীয়া-ইউৰীয়া প্ৰকল্পৰ ভূমি পূজন কৰিলোঁ। গুৱাহাটীত বিমানবন্দৰৰ টাৰ্মিনেল শুভ উদ্বোধন কৰিলোঁ। অসম এতিয়া দ্ৰুতগতিৰে বিকাশ হৈছে। এইয়া আৰম্ভণিহে। আমি অসমক বহু আগলৈ নিবলৈ বাকী আছে। আপোনালোকৰ লগত লৈ উন্নয়নৰ যাত্ৰাত আগবাঢ়িব লাগিব। আহোমৰ ৰাজত্বকালত অসমক যিধৰণে শক্তিশালী কৰি তুলিছিল, ঠিক সেইদৰে আমিও অসমক শক্তিশালী ৰাজ্যলৈ পৰিণত কৰিব লাগিব। মই আপোনালোকক আধুনিক ইউৰীয়া প্ৰকল্পটোৰ লগতে বিমানবন্দৰৰ টাৰ্মিনেলৰ বাবে অভিনন্দন জনাইছোঁ। একেটা ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, বিজেপিৰ ডাবল ইঞ্জীন চৰকাৰৰ দিনত ঔদ্যোগ আৰু যোগাযোগৰ বিকাশে নতুন দিগন্তৰ সূচনা কৰিছে। যুৱক-যুৱতীক নতুন সপোন দেখিবলৈ সুযোগ প্ৰদান কৰিলে। বিকশিত ভাৰত নিৰ্মাণত অন্নদাতা কৃষকসকলৰ ডাঙৰ ভূমিকা আছে। সেইবাবে আমাৰ চৰকাৰে কৃষকসকলৰ বাবে দিনে-ৰাতি কাম কৰি আছে। আগন্তুক দিনত ইউৰীয়া কাৰখানাই উত্তৰ-পূ্ৱৰ উন্নয়ন নিশ্চিত কৰিব বুলি উল্লেখ কৰি আৰু কয়, এই প্ৰকল্পটোৰ বাবে ১০ হাজাৰ কোটি টকা খৰচ কৰি নিৰ্মাণ হোৱা প্ৰকল্পটোৱে ১২ লাখ মেট্ৰিক টন ইউৰীয়া উৎপাদন কৰিব।

নিবনুৱাই সংস্থাপন লাভ কৰিব। আমদানি-ৰপ্তানি বৃদ্ধি পাব। বিভিন্ন গোটত স্থানীয় যুৱক-যুৱতীয়ে সংস্থাপন পাব। বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত কৃষকৰ কল্যাণ সাধন হ’ল। দশক দশক ধৰি পুৰণি গোটটোৰে মৰু-জীউকৈ উৎপাদন হৈ আছিল ইউৰীয়া। উত্তৰ-পূৱৰ কৃষি ব্যৱস্থাই শক্তিশালী ৰূপ পাইছিল পাইছিল। কৃষকসকলৰ বাবে যথেষ্ট সহায়ক আছিল প্ৰকল্পটোৱে। অসমৰ কৃষকসকলক বানে প্ৰত্যাহ্বান জনাইছিল যদিও কাৰখানাটোৱে শক্তি দিছিল। কিন্তু এই প্ৰকল্পটো শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাছিল কংগ্ৰেছে। যাৰ বাবে বন্ধ হৈ পৰিছিল নামৰূপ সাৰকাৰখানাৰ তিনিটাকৈ গোট। ইয়াৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল উত্তৰ-পূৱৰ কৃষকসকল। কৃষি পথাৰত সমস্যা বৃদ্ধি পাবলৈ আৰম্ভ হৈছিল। কিন্তু কংগ্ৰেছে ইয়াৰ সমাধান সূত্ৰ উলিয়াব পৰা নাছিল। কিন্তু আজি ডাবল ইঞ্জিন চৰকাৰে কংগ্ৰেছে সৃষ্টি কৰা সমস্যাৰ সমাধান কৰিছে। কংগ্ৰেছৰ দোষৰ বাবে দেশৰ বহুকেইটা ইউৰীয়া প্ৰকল্প বন্ধ হৈ পৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে আৰু কয়, গৌৰখপুৰ, ছিডনী, বাউৰী, ৰামাউদান আদি ইউৰীয়া প্ৰকল্প বন্ধ হৈ পৰিছিল। ইউৰীয়া ক্ষেত্ৰত আহিবলগীয়া দিনত আত্মনিৰ্ভৰ হ’ব পৰাকৈ কাম কৰি থকা হৈছে। ২০১৪ চনত ভাৰতবৰ্ষত বছৰি ২২৫ লাখ মেট্ৰিক টন ইউৰীয়া উৎপাদন হৈছিল। কিন্তু আমাৰ চৰকাৰৰ ১০ বছৰীয়া পৰিশ্ৰমৰ অন্তত ৩০৬ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পালে ইউৰীয়া উৎপাদন। কংগ্ৰেছে সেই সময়ত কাম নকৰাৰ বাবে মই এতিয়া অতিৰিক্ত কষ্ট কৰিবলগীয়া হৈছে। বছৰেকত আমাৰ দেশত ৩৮০ লাখ মেট্ৰিক টন প্ৰয়োজন হয় ইউৰীয়া। আৰু ইয়াৰ পৰিমান আগলৈ বৃদ্ধি পাব। ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, আপোনাৰ হিতৰ বাবে আমাৰ চৰকাৰ যথেষ্ট সংবেদনশীল। বিদেশৰ পৰা অধিক দামত অনা ইউৰীয়া চাবচিডি দি কৃষকৰ সেই বোজা চৰকাৰে বহন কৰিছে। বিদেশৰ পৰা ক্ৰয় কৰা ৩০০০ হাজাৰ টকীয়া ইউৰীয়া কৃষকক ৩০০ টকাতে দি থকা হৈছে। এই সকলো বোজা কৃষকক দিয়াৰ পৰিৱৰ্তে চৰকাৰে নিজেই বোজা বহন কৰিছো। কৃষকসকলে মোকো সহায় কৰিব লাগিব।

এই মাতৃভূমিক ৰক্ষা কৰাৰ দায়িত্ব ল’ব লাগিব। ইউৰীয়া খোৱাই খোৱাই মাতৃভূমিক মাৰি পেলোৱাৰ অধিকাৰ কাৰো নাই। এই দেশ আমাৰ মা হয়। এই মাতৃভূমিক আমি বচাব লাগিব। আনহাতে কৃষকসকলক ঋণৰ বোজাৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ কথা প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি কয়, কৃষকসকল যাতে ধাৰুৱা হ’বলগীয়া নহয়, তাৰ বাবে ৪ লাখ কোটি টকা কৃষকৰ একাউন্টলৈ হস্তান্তৰ কৰা হৈছে। এই বছৰ ৩৫ হাজাৰ কোটি টকা খৰচ কৰি দুটাকৈ আচনি কৃষকৰ বাবে মুকলি কৰা হৈছে। কৃষকৰ সুবিধা হোৱাকৈ আমি কাম কৰি আছোঁ। কৃষকৰ উৎপাদিত সামগ্ৰী উপযুক্ত দামত বিক্ৰী কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰত আমাৰ চৰকাৰ গঠন কৰাৰ পাছত কিষাণ ক্ৰেডিট কাৰ্ড সুবিধা দিয়া হৈছে। পশুপালক আৰু মৎস্য পালকক সামৰা হৈছে। এইসকলে বহু সুবিধা লাভ কৰিছে। ১০ লাখ কোটি টকা খৰচ কৰা হৈছে কিষাণ ক্ৰেডিট কাৰ্ডত।


শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে নেচাৰেল মিছন আৰু নেচাৰেল ফাৰ্মিং আৰম্ভ কৰাৰ কথা জানিবলৈ দি উত্তৰ পূৱক গুৰুত্ব দি পাম অইল সংযোগৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিছে। ইয়াৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰিব পাৰিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী বিমল বৰা, প্ৰশান্ত ফুকন, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ, পোণাকন বৰুৱা, তেৰছ গোৱালা, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা আদিয়ে উপস্থিত থাকে।

Related Articles