পশ্চিম কাৰ্বি আংলঙত জাৰি BNS 163 ধাৰা, পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত
সোমবাৰে প্ৰতিবাদৰ নামত ভয়ংকৰ ৰূপ ধাৰণ কৰিলে পাহাৰীয়া কাৰ্বি ভূমিয়ে। পশ্চিম কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) তুলিৰাম ৰংহাঙৰ ডংকামকামস্থিত পিতৃগৃহত উত্তেজিত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ ফলত সমগ্ৰ অঞ্চলটো অগ্নিগৰ্ভা হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ সকলো থানা এলেকাত ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে।
জানিব পৰা মতে, কাৰ্বি আংলঙৰ কেইবাটাও সংগঠনে চৰকাৰৰ ভূমিনীতি অনুসৰি কাৰ্বি আংলঙৰ পৰা অনা-কাৰ্বি লোকক বহিষ্কাৰৰ দাবীত বিগত প্ৰায় এপষেক ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। দেওবাৰে এজন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাক লৈ সোমবাৰে প্ৰতিবাদ অধিক উত্তাল হৈ উঠে।
সোমবাৰে উত্তেজিত প্ৰতিবাদকাৰীসকলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডংকামকামস্থিত পূৰ্বৰ বাসগৃহত প্ৰৱেশ কৰাৰ চেষ্টা কৰে। আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতেই পৰিস্থিতি তীব্ৰ ৰূপ লয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। ইয়াৰ সমান্তৰালকৈ উত্তেজিত প্ৰতিবাদকাৰীয়ে তুলিৰাম ৰংহাঙৰ পিতৃগৃহত অগ্নিসংযোগ কৰে।
বিগত এপষেক ধৰি চলি থকা প্ৰতিবাদৰ পৰিণতিত সোমবাৰে ডংকামকাম অঞ্চল সম্পূৰ্ণ উত্তাল হৈ পৰে। প্ৰতিবাদকাৰী সংগঠনসমূহৰ অভিযোগ মতে, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদে এই গুৰুত্বপূৰ্ণ দাবী সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলত তেওঁলোক অধিক ক্ষোভিত হৈ পৰিছিল। আলোচনাৰ পথ বন্ধ হোৱাৰ বাবেই অৱশেষত এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় বুলি সংগঠনসমূহে দাবী কৰে।
অগ্নিসংযোগৰ লগতে আৰক্ষীৰ লাঠিচালনা আৰু গুলীচালনাত পৰিস্থিতি অধিক জটিল হৈ পৰে। এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে যদিও সঠিক সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই। অৱশ্যে অগ্নিসংযোগ কৰা বাসগৃহটোত কোনো লোক হতাহত হোৱা নাই বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।
ঘটনাৰ গুৰুত্ব বিবেচনা কৰি সোমবাৰে মাজ নিশাই ডংকামকামত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (DGP) হাৰমিত সিং। ডিজিপিয়ে নিশাই স্থানীয় প্ৰতিবাদকাৰীৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়।
ইফালে, পশ্চিম কাৰ্বি আংলং জিলাত জাৰি কৰা ১৬৩ ধাৰা অনুসৰি পাঁচজনতকৈ অধিক লোক একেলগে সমবেত হ’ব নোৱাৰিব। কোনো ৰেলী, ধৰ্ণা বা সমাবেশ আয়োজনত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সামাজিক মাধ্যমতো আৰক্ষীয়ে কড়া দৃষ্টি ৰাখিছে। সামাজিক আৰু অন্যান্য মাধ্যমযোগে উচতনিমূলক বক্তব্য প্ৰচাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয়,
“কাৰ্বি আংলঙত বহুদিনৰ পৰা এটা দাবী উঠি আছে যে যিসকল স্থায়ী লোক নহয়, তেওঁলোকক উচ্ছেদ কৰিব লাগে। কিন্তু এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন ৰায় আছে। ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি উচ্ছেদ চলোৱাটো সম্ভৱ নহয়। একাংশই তৎকালীন উচ্ছেদ বিচাৰি আমৰণ অনশন কৰিছিল। খেৰণিত আমৰণ অনশনত বহা কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই, স্বাস্থ্যজনিত কাৰণতহে চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হৈছিল। মন্ত্ৰী ৰণোজ পেগু আৰু DGP ঘটনাস্থলীত উপস্থিত আছে। ৰাতিৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব বুলি আমি আশাবাদী।”
এই প্ৰতিবেদন লিখা পৰ্যন্ত আৰক্ষী আৰু প্ৰশাসনে পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আনিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও অঞ্চলটোত এতিয়াও উত্তেজনা অব্যাহত থকা বুলি জানিব পৰা গৈছে।

