কাৰ্বি আংলঙৰ (Karbi Anglong violence) ঘটনাক লৈ সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিলে অভিনেতা ৰাজীৱ ক্ৰ’ৰে। সামাজিক মাধ্যমত অভিনেতা ৰাজীৱ ক্ৰ’ৰে খেৰণীৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘খেৰণিত কি ঘটি আছে সকলোৱে গম পাইছে। আগতে গম পোৱা নাছিল যদিও, এতিয়া পাইছে। বেদখলকাৰী সকলৰ পৰা PGR /VGR ভূমি উদ্ধাৰৰ বাবে বহু দিনৰ পৰা আন্দোলন চলি আহিছে। নিজৰ ভূমিৰ বাবে, নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে দুজন লোকে অকালতে মৃত্যু বৰণ কৰিলে। জাতি মাটিৰ বাবে শ্বহীদ হল। তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কাৰ্বি আংলং আৰু অসম চৰকাৰক অনুৰোধ জনাইছো, আপোনালোকে অতি শীঘ্ৰে শান্তিপূৰ্ণভাৱে ৰাইজৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ চেষ্টা কৰক। কাৰ্বি আংলংতে কাৰ্বি সকলক “কাৰ্বি চাইনিজ গ বেক” শ্লোগান শুনিবলৈ পোৱাটো দুৰ্ভাগ্যজনক। পুলিচৰ সন্মুখত দুজন কাৰ্বি যুৱকক গুৰিয়াই কোবাই আহত কৰাটো দুৰ্ভোগ জনক। অসমত বহুতো দল সংগঠন আছে। বহুতো গুণী জ্ঞানী বিশিষ্ট লোক সকল আছে।কিন্তু দুই এজন বা দুই এটা সংগঠনৰ বাহিৰে এই বিষয় লৈ মাত মতা নাই কিয়?এইয়া অকল কাৰ্বি সকলৰ বা কাৰ্বি আংলংৰ সমস্যা নেকি? আমি কাৰ্বি সকল অসমীয়া নহয় নেকি? কাৰ্বি আংলং খন অসমৰ নহয় নেকি?এইয়া অসম আৰু অসমীয়াৰ সমস্যা।আমি কাৰ্বি সকল বাহিৰৰ নহয়। আমিও অসমৰ। আমিও অসমীয়া। ২৬/১২/২০২৫ ত চৰকাৰ আৰু প্ৰতিবাদকাৰী সকলৰ মাজত আলোচনা হোৱাৰ কথা। শান্তিপূৰ্ণ আলোচনা আৰু সুফল পাম বুলি আমি আশা কৰিলো। কাৰ্দম’
Karbi Anglong violence: ‘কাৰ্বি আংলংতে কাৰ্বি সকলক “কাৰ্বি চাইনিজ গ’ বেক” শ্লোগান শুনিবলৈ পোৱাটো দুৰ্ভাগ্যজনক’

