ভাৰতীয় জনতা পাৰ্টিৰ, সংখ্যালঘু মৰ্চা হয়বৰগাঁও মন্ডলৰ উদ্যোগত নগাঁও সদৰ সমষ্টিৰ পৌৰসভাৰ অন্তৰ্গত ২০ নং মহলা আৰু ৬ নং মহলাত অনুষ্ঠিত হোৱা দুখনকৈ ৰাজহুৱা সভাত কংগ্ৰেছ , এ আই ইউ ডি এফক দলত মোক্ষম আঘাত হানি সহস্ৰাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। ছফিকুল খানৰ সভাপতিত্বত অনুষ্ঠিত সভাতনগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা বৰ্তমান সমষ্টিটোৰ মিত্ৰজোটৰ প্ৰাৰ্থী ৰূপক শৰ্মা উপস্থিত থাকে। সভা দুখনত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই কয় যে নগাঁও সদৰ সমষ্টিত বিগত দিনসমূহত হোৱা উন্নয়ন আৰু ভাৰতীয় জনতা পাৰ্টিৰ নিতী আৰু আৰ্দশৰ প্ৰতি আকৃষ্ট হৈয়ে বিভিন্ন দলৰ সহস্ৰাধিক লোকে বিজেপি দলত যোগদান কৰে।বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এনেদৰে কংগ্ৰেছ , এআই ইউ ডি এফকে ধৰি বিভিন্ন দলৰ সহস্ৰাধিক কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা কাৰ্যই প্ৰমান কৰিছে যে আমাৰ জয় নিশ্চিত।কেইবাসহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাকেইখনত ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উপসভানেত্ৰী চালামা জেচমিন প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু কৰ্মী সকল উপস্থিত থাকে।

