Jayanta Das: দলীয় প্ৰাৰ্থী ঘোষণা হোৱাই নাই, ভোট বিচাৰি দিছপুৰ সমষ্টিৰ ঘৰে ঘৰে বিজেপি নেতা জয়ন্ত দাস

আগন্তুক অসম বিধানসভা (Jayanta Das) নিৰ্বাচনলৈ মাজত মাথো তিনি মাহ। এই মূহুৰ্তত প্ৰতিটো ৰাজনৈতিক দলে সমষ্টিয়ে সমষ্টিয়ে নিজৰ দলৰ সাংগঠনিক শক্তি বৃদ্ধিত গুৰুত্ব প্ৰদান কৰি দলৰ সাংগঠনিক সক্ৰিয়তা অব্যাহত ৰাখিছে। কোন সমষ্টিত কোন দলে কোনজন নেতাক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেই সম্পৰ্কত কি কংগ্ৰেছ, কি বিজেপি কোনো এটা ৰাজনৈতিক দলে সুস্থিৰ সিদ্ধান্তত উপনীত হোৱা নাই বা প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াও আৰম্ভ কৰা নাই। তেনে এক সময়তে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ দূৰ্গ কঁপাই বিজেপি নেতা জয়ন্ত কুমাৰ দাসে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ লক্ষ্যৰে দিছপুৰ সমষ্টিৰ প্ৰতি ঘৰে ঘৰে ভোট বিচাৰি যোৱাৰ লক্ষ্য উদ্দেশ্যেৰে আজিৰে পৰা আৰম্ভ কৰিছে পদযাত্ৰা কাৰ্যসূচী।

বশিষ্ঠ মন্দিৰৰ পৰা আজি এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিজেপি নেতা জয়ন্ত কুমাৰ দাসে। বিজেপি নেতাজনৰ
এই পদযাত্ৰা কাৰ্যসূচীয়ে সমষ্টিৰ ৰাইজৰ পৰা ব্যাপক হাৰত সহাঁৰি লাভ কৰাও পৰিলক্ষিত হয়। উল্লেখ্য যে – ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন উপ সভাপতি আৰু প্ৰাক্তন মুখপাত্ৰ জয়ন্ত কুমাৰ দাসে বিগত ত্ৰিশ বছৰ ধৰি বিজেপি দলক সেৱা আগবঢ়াই আহিছে যদিও প্ৰতিবাৰেই নিৰ্বাচনৰ সময়ত তেওঁ দলীয় প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত হৈ আহিছে। এইবাৰ ২৬ ৰ নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সংকল্পৰে জয়ন্ত কুমাৰ দাসে যুদ্ধংদেহী প্ৰস্তুতিৰে সমষ্টিটোত নিজৰ ৰাজনৈতিক সক্ৰিয়তা অব্যাহত ৰাখিছে।


উল্লেখ্য যে – দলীয় প্ৰাৰ্থী ঘোষণা নোহোৱাকৈ ভোট বিচাৰি ভোটাৰ ৰাইজৰ ঘৰে ঘৰে পদযাত্ৰা কৰাৰ জয়ন্ত কুমাৰ দাসে যি কাৰ্যসূচী হাতত লৈছে সেয়া সততে বিৰল। জয়ন্তৰ পূৰ্বে কোনো দলৰ কোনো নেতাই এই ধৰণৰ কাৰ্যসূচী হাতত লোৱাৰ নজিৰ নাই। ইফালে জয়ন্ত কুমাৰ দাসে আজিৰ পৰা আৰম্ভ কৰা পদযাত্ৰা কাৰ্যসূচীয়ে সমষ্টিটোৰ বৰ্তমানৰ বিজেপি বিধায়ক অতুল বৰা আৰু সমষ্টিটোৰ আন এগৰাকী প্ৰাৰ্থীত্বৰ দাবীদাৰ মানস বৰাক বাৰুকৈয়ে ৰাজনৈতিক ভাৱে শলঠেকত পেলোৱাটো নিশ্চিত হৈ পৰিছে। ইফালে সাংবাদিকৰে হোৱা বাৰ্তালাপত বিজেপি নেতা জয়ন্ত কুমাৰ দাসে কয় যে – আগন্তুক নিৰ্বাচনত তেওঁ দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত আৰু দলীয় প্ৰাৰ্থীত্ব নিশ্চয় লাভ কৰিব। দিছপুৰ সমষ্টিৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ লগতে সমষ্টিবাসী ৰাইজক সেৱা কৰি যোৱাৰ মানসিকতাৰে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ওলাইছে বুলি উল্লেখ কৰে।

Related Articles