অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছত কাৰ্বি প্ৰতিনিধিৰ সৈতে দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক, লোৱা হ’ল একাধিক সিদ্ধান্ত


কাৰ্বি আংলং জিলাত সৃষ্টি হোৱা শেহতীয়া অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছত ৰাজ্য চৰকাৰ আৰু কাৰ্বি প্ৰতিনিধিৰ মাজত আজি দিছপুৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) তুলিৰাম ৰংহাংসহ বিভিন্ন কাৰ্বি সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জনায় যে, খেৰণি অঞ্চলৰ ভিজিআৰ আৰু পিজিআৰ ভূমি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰটোৰ ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে অহা ৫ জানুৱাৰীৰ ভিতৰত নিজৰ শপতনামা দাখিল কৰিব। ইয়াৰ লগতে কাৰ্বি নাগৰিক সমাজেও উক্ত গোচৰত পৃথকভাৱে নিজৰ বক্তব্য দাখিল কৰিব।

মুখ্যমন্ত্ৰীয়ে আৰু জানিবলৈ দিয়ে যে, বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ক খৰতকীয়া শুনানি আৰু শীঘ্ৰ ৰায়দানৰ বাবে অনুৰোধ জনাব, যাতে আদালতৰ নিৰ্দেশ অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।

বৈঠকত গৃহীত সিদ্ধান্ত অনুসাৰে, খেৰণিৰ ভিজিআৰ–পিজিআৰ এলেকাত থকা সকলো চৰকাৰী কাৰ্যালয় অতি সোনকালে অন্য স্থানলৈ স্থানান্তৰ কৰা হ’ব। ইয়াৰ লগতে উক্ত এলেকাত থকা প্ৰায় ৮ হাজাৰ বিঘা ভিজিআৰ–পিজিআৰ ভূমিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বেৰা দিয়াৰ ব্যৱস্থা কৰিব আৰু বনানীকৰণ কৰি ভবিষ্যতে যাতে কোনো অবৈধ দখল নহয়, সেই দিশত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

শেহতীয়া হিংসাত্মক ঘটনাত আৰক্ষীৰ গুলীত নিহত ব্যক্তিৰ পৰিয়ালক স্বায়ত্তশাসিত পৰিষদে এটা চৰকাৰী চাকৰি প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিহতৰ পৰিয়াললৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱা হ’ব।

বৈঠকত লগতে সিদ্ধান্ত লোৱা হয় যে, ভিজিআৰ–পিজিআৰ ভূমিত চলি থকা সকলো বাণিজ্যিক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব। একে সময়তে কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰি থকা লোকসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা হাতত লোৱা হ’ব।

ইফালে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা প্ৰস্তাৱিত কেইবাখনো আইন যিবোৰ বৰ্তমান ৰাজ্য চৰকাৰৰ অনুমোদনৰ অপেক্ষাত আছে, সেই আইনসমূহ শীঘ্ৰে অনুমোদন দিবলৈও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে।

উল্লেখ্য যে, এই বিষয়সমূহৰ ওপৰত পৰৱৰ্তী পৰ্যায়ৰ আলোচনা অহা ১৭ জানুৱাৰীত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে চৰকাৰী সূত্ৰই।

Related Articles