বাক্সা জিলাৰ বৰমাস্থিত বৰমা প্ৰেছ ক্লাৱত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বাক্সা জিলা সমিতিৰ এক সাধাৰণ সভা অনুষ্ঠিত হয় ৷ জিলা সমিতিৰ তদৰ্থ সমিতিৰ সভাপতি আতিকুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত বাক্সা জিলাৰ অন্তৰ্গত আটাইকেইখন আঞ্চলিক সমিতিৰ সদস্যসকলৰ উপস্থিতিত এক পূৰ্ণাঙ্গ সমিতি গঠন কৰা হয় ৷ মজিবৰ ৰহমানক সভাপতি, চিদ্দিক আলীক কাৰ্যকৰী সভাপতি, আতিকুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে লৈ ৪১ জনীয়া বাক্সা জিলা সমিতিখন গঠন কৰা হয়। আনহাতে আজিৰ সভাতে গৰিয়া-মৰিয়া উন্নয়ণ পৰিষদৰ নৱ-নিযুক্ত অধ্যক্ষ হাফিজুল আহমেদক বাক্সা জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সভাত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) হাচিফুল ইছলাম, বিত্ত সম্পাদক জালালুদ্দিন আহমেদ, সাংগঠনিক সম্পাদক আৰফান আলী চৌধুৰী, মহিলা সমিতিৰ কেন্দ্ৰীয় আহ্বায়ক সমিতিৰ অন্যতম সদস্যা ৰমীজা বেগম, কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক মুকুল আলীও উপস্থিত থাকে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…