Kamrup: কামৰূপ মহানগৰ জিলাৰ খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰ ১০,৭৫,৫৭৬

ভোটাৰ তালিকা(Kamrup) বিশেষ সংশোধনী কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। এই খচৰা তালিকা প্ৰকাশৰ লগে লগে ভোটাৰসকলৰ বাবে দাবী আৰু আপত্তি দাখিলৰ সুযোগ মুকলি কৰা হৈছে। প্ৰশাসনে জনোৱা মতে, ২৭ ডিচেম্বৰ পৰা ২২ জানুৱাৰীলৈ এই সময়ছোৱাৰ ভিতৰত ভোটাৰসকলে নিজৰ নাম অন্তৰ্ভুক্তি, সংশোধন, স্থানান্তৰ বা নাম বাদ দিয়াৰ বাবে আবেদন কৰিব পাৰিব। শনিবাৰে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক সংবাদমেলত জিলা আয়ুক্ত সুমিত সত্ত্বন (আইএএছ)য়ে এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে ভোটাৰসকলৰ সুবিধাৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰৰ আয়োজন কৰা হ’ব, য’ত দাবী-আপত্তি দাখিল কৰাত সহায় আগবঢ়োৱা হ’ব। জিলা প্ৰশাসনে জনোৱা মতে, সকলো দাবী আৰু আপত্তিৰ শুনানি তথা নিষ্পত্তি ২ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব আৰু ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। খচৰা ভোটাৰ তালিকা অনুসৰি কামৰূপ মহানগৰ জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১০,৭৫,৫৭৬ জন।

ইয়াৰ ভিতৰত ৫,২১,৩৮৮ জন পুৰুষ ভোটাৰ, ৫,৫৪,১৫১ জন মহিলা ভোটাৰ আৰু ৩৭ জন তৃতীয় লিংগৰ ভোটাৰ অন্তৰ্ভুক্ত আছে। লগতে জিলাখনত ৩,৮২২ জন ডি-ভোটাৰ আৰু ৯১২ জন সেৱা ভোটাৰ আছে বুলি প্ৰশাসনে জানিবলৈ দিয়ে। এইবাৰ ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা পূৰ্বৰ তুলনাত ১.৬৩ শতাংশ বৃদ্ধি পাইছে। ভোটাৰসকলৰ সুবিধাৰ্থে নতুনকৈ ১০৫টা ভোটকেন্দ্ৰ সংযোজন কৰা হৈছে। ইয়াৰ ফলত জিলাখনত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা বৃদ্ধি পাই ১,২১৮টা হৈছে। ইয়াৰে ৯৯২টা নগৰাঞ্চলত আৰু ২২৬টা গ্ৰামাঞ্চলত অৱস্থিত। এই সকলো ভোটকেন্দ্ৰ ৪১৮টা স্থানত বিস্তৃত। বিধানসভা সমষ্টিভিত্তিক তথ্য দাঙি ধৰি জিলা আয়ুক্তে কয় যে দিছপুৰ সমষ্টিত পুৰুষ ভোটাৰ ১,২১,১৮০ জন, মহিলা ভোটাৰ ১,২৮,৫৫২ জন আৰু তৃতীয় লিংগৰ ভোটাৰ ১৪ জন আছে। ভোটাৰ তালিকা পৰিশুদ্ধ কৰাৰ উদ্দেশ্যে বুথ স্তৰৰ বিষয়াসকলৰ জৰিয়তে জিলাখনৰ শতভাগ ঘৰ-ঘৰলৈ যাচাই অভিযান চলোৱা হৈছে। এই অভিযানত মুঠ ২,৯৩,১৩২টা পৰিয়াল পৰিদৰ্শন কৰা হয়। যাচাই সময়ছোৱাত ২৪,১৬৩ জন মৃত ভোটাৰ আৰু ২১,১৫৪ জন স্থানান্তৰিত ভোটাৰ চিনাক্ত কৰা হৈছে। মুঠতে ৪৫,৩১৭ জন ভোটাৰ মৃত্যু বা স্থানান্তৰৰ বাবে চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নহ’ব।

এই সন্দৰ্ভত জিলা আয়ুক্তে স্পষ্ট কৰি কয় যে এতিয়ালৈকে কোনো ভোটাৰৰ নাম আনুষ্ঠানিকভাৱে বাদ দিয়া হোৱা নাই; কেৱল মৃত আৰু স্থানান্তৰিত ভোটাৰসকলক চিনাক্ত কৰা হৈছে। তেওঁ লগতে জনায় যে সমীক্ষাত ১৮ বছৰৰ অধিক বয়সৰ ১৪,৭০০ জন যোগ্য নাগৰিক এতিয়াও ভোটাৰ তালিকাত নথিভুক্ত নোহোৱা অৱস্থাত পোৱা গৈছে। এইসকলকো সময়মতে আবেদন কৰি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনোৱা হৈছে। ভোটাৰসকলে ফৰ্ম–৬, ৬এ, ৭ আৰু ৮ৰ জৰিয়তে অনলাইন প’ৰ্টেল, ভোটাৰ হেল্পলাইন এপ বা সংশ্লিষ্ট বুথ স্তৰৰ বিষয়াৰ সহায়ত দাবী-আপত্তি দাখিল কৰিব পাৰিব। প্ৰশাসনে সকলো নাগৰিককে নিজৰ নাম আৰু বিৱৰণ সঠিকভাৱে পৰীক্ষা কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত আবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে।

Related Articles