নলবাৰী জিলাৰ(Book Launch) বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাপলাবড়ীৰ বনপুৰাস্থিত ‘ একাডেমী অফ ইডুকেশ্বন’ত আজি ২৮ ডিচেম্বৰত বৰক্ষেত্ৰীৰ সৰবৰহী লেখক ওমৰ আলী চৌধুৰীৰ দ্বাৰা ৰচিত গল্প সংকলন “এজনী পতিতাৰ আত্মকথা” আৰু উপন্যাস “অন্তিম আশীর্বাদ” শীর্ষক দুখনকৈ গ্রন্থ উন্মোচন কৰা হয়। ৰবিবাৰে দিনৰ ১১ বজাত কাপলাবড়ী-বনপুৰাস্থিত নেশ্যনেল একাডেমী অফ এডুকেশ্বনত আয়োজিত এক গাম্ভীর্যপূর্ণ উন্মোচনী সভাত গ্ৰন্থ দুখন উন্মোচন কৰে মেন্দিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ কমল দাস আৰু প্ৰগতিশীল লেখক পৰীক্ষিত বৈশ্যই। উক্ত উন্মোচনী সভাখন কালদি গোপালথান হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন দাসৰ সভাপতিত্বত অনুষ্ঠিত হয়। গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে নেচনেল একাডেমী অৱ এডুকেশ্বনৰ অধ্যক্ষ ভুৱনেশ্বৰ নাথ,বিৰিণা গোষ্ঠী অসমৰ প্ৰতিষ্ঠাপক সভাপতি লীলাধৰ পাঠক, পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবুবক্কৰ ছিদ্দিক, কালদি গোপালথান হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক মকছেদুল ইছলাম প্ৰমুখ্যে ভালেমান বিশিষ্ট লোক।

উল্লেখ্য ১৯৬৮ চনৰ ২৯ ফেব্ৰুৱাৰীত নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখাইটি গাওঁত জন্ম গ্ৰহণ কৰা ওমৰ আলী চৌধুৰী পেছাত এগৰাকী অধিবক্তা। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে, ‘আমাৰ প্ৰকৃত শত্ৰুক চিনাক্ত কৰাৰ এয়াই উপযুক্ত সময়(ৰাজনৈতিক)’, ‘ভাৰতবৰ্ষত যীশুখ্ৰীষ্ট’ ,’অসমৰ জাতীয় ভাষা আৰু অস্তিত্বৰ সংকট ‘, ‘যৌন অপৰাধ সমস্যা আৰু সমাধান’, ‘মিঞা দৰ্পণ’, ‘মিঞাসকলৰ ঐতিহাসিক দস্তাবেজ’ ,’সিন্ধুৰ পৰা লৌহিত্যলৈ’ আদি। ভাষণ প্ৰসংগত লেখক চৌধুৰীয়ে কয়, “সাহিত্য সত্য কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত, কিন্তু তাত কাল্পনিকতা থাকিব লাগিব, কিন্তু বাস্তৱিক হ’ব লাগিব, বাস্তৱ সমাজ জীৱনৰ প্ৰতিচ্ছবি প্ৰতিফলিত হ’ব লাগিব।’ উল্লেখ্য যে বাস্তৱ সমাজ জীৱনৰ প্ৰতিচ্ছবিৰ আধাৰত ৰচিত গ্ৰন্থ দুখন পাঠক সমাজে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে লেখক ওমৰ আলী চৌধুৰীয়ে।

