আকৌ খেলিমেলি! গৌৰৱ গগৈৰ ‘১০০খন আসন’ ঘোষণাই জোকাৰিলে মিত্ৰতা সমীকৰণ

আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতিত পুনৰ তীব্ৰ আলোড়ন সৃষ্টি হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কংগ্ৰেছ দলে অকলে ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰাৰ পিছতে বিৰোধী শিবিৰত আৰম্ভ হৈছে তীব্ৰ আলোচনা আৰু মতানৈক্য। বিশেষকৈ বিৰোধী ঐক্য গঠনৰ প্ৰচেষ্টাত এই ঘোষণাই নতুন জটিলতা সৃষ্টি কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।

ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, “গৌৰৱ গগৈয়ে ১০০খন আসনৰ কথা ক’লেও এই বিষয়টো আলোচনা কৰি চূড়ান্ত কৰা হ’ব। তেওঁ এই মন্তব্যৰ জৰিয়তে বিৰোধী ঐক্যৰ বিষয়টো সম্পূৰ্ণ নাকচ কৰা নাই।” লুৰীণজ্যোতি গগৈয়ে স্পষ্ট কৰি দিয়ে যে বিৰোধী শক্তিৰ একতা অবিহনে বিজেপিক পৰাভূত কৰা সম্ভৱ নহয়।

তেওঁ কয়, “আমি আৰম্ভণিৰ পৰাই কৈ আহিছো যে মিত্ৰতা অবিহনে বিজেপিক প্ৰতিহত কৰিব নোৱাৰি। বিৰোধী ভোট বিভাজন হ’লে বিজেপিয়েই লাভবান হ’ব। সেয়েহে কোন দলে ক’ত শক্তিশালী, কোন অঞ্চলত কাৰ সংগঠন মজবুত, কোন প্ৰাৰ্থীৰ জয় সম্ভাৱনা বেছি—এই সকলো দিশ আলোচনা কৰি সিদ্ধান্ত ল’ব লাগিব।”

লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে আগন্তুক দিনত আলোচনাৰ জৰিয়তে সমষ্টি ভাগ-বতৰা সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। গৌৰৱ গগৈয়ে কোৱা ১০০খন আসনৰ ভিতৰত বিটিআৰৰ আসনসমূহ অন্তৰ্ভুক্ত হৈছে নে নহয়, সেয়াও স্পষ্ট হ’ব লাগিব বুলি মন্তব্য কৰে তেওঁ।

এইদৰে বিৰোধী ঐক্যৰ কথা আগবঢ়াই নিয়া সময়তে কংগ্ৰেছৰ আসনসংখ্যা ঘোষণা ৰাজনৈতিক মহলত নতুন বিতৰ্কৰ সূচনা কৰিছে। আগন্তুক দিনত আলোচনা-মীমাংসাৰ মাজেদিয়েই বিৰোধী শিবিৰৰ ৰণকৌশল নিৰ্ধাৰণ হ’ব বুলি ৰাজনৈতিক পৰ্যবেক্ষকৰ মত।

Related Articles