Tripura student Anjel Chakma: জনজাতীয় মুখায়ৱেই কাল হ’ল এজন যুৱকৰ বাবেঃ উত্তৰাখণ্ডত প্ৰাণ হেৰুৱালে উত্তৰ-পূবৰ যুৱকে

জনজাতীয় মুখায়ৱেই কাল (Tripura student Anjel Chakma) হ’ল এজন যুৱকৰ বাবে৷ উত্তৰাখণ্ডৰ ডেৰাডুনত সংঘটিত হোৱা ঘটনাই বহু প্ৰশ্নৰ অৱকাশ আনিছে৷ প্ৰাপ্ত খবৰ অনুসৰি, ত্ৰিপুৰাৰ এজন যুৱকক উত্তৰাখণ্ডৰ ডেৰাডুনত একাংশ অভিযুক্তই প্ৰথমে চাইনিজ বুলি উপহাস কৰে, পিছত গালি-গালাজ কৰি ছুৰীৰে আক্ৰমণ কৰে৷ প্ৰায় ১৭ দিন ধৰি জীৱন মৃত্যুৰে যুঁজি অৱশেষত এঞ্জেল চাকমাই চ্ছ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে৷ ইয়াৰ পাছতে সমগ্ৰ দেশত ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷এই ঘটনা সংঘটিত হৈছিল ৯ ডিচেম্বৰত৷ এঞ্জেলৰ ভাতৃ মাইকেলে জনোৱা মতে সেইদিনা দুয়ো এখন দোকানলৈ গৈছিল৷ ডেৰাডুনৰ চেলাকুই অঞ্চলত বজাৰ কৰি থকাৰ মাজতে একাংশ যুৱকে তেওঁলোকক চাইনীজ বুলি উপহাস কৰে৷ তেতিয়া এঞ্জেলে তেওঁলোকক শান্তভাৱে বুজাবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকে এঞ্জেলক ছুৰীৰে আক্ৰমণ কৰে গুৰুতৰভাৱে আহত কৰি পলাই যায়৷মাইকেলে কয় যে, তেওঁলোকে আমাক চাইনীজ বুলি কৈ আছিল৷তেতিয়া এঞ্জেলে তেওঁলোকক এনেকৈ নকবলৈ আহহ্বান কৰে৷ এঞ্জেলে তেওঁলোকক নিজৰ পৰিচয় দি কয় যে, আমি ভাৰতীয়৷ এয়া প্ৰমাণ কৰিবলৈ আপোনালোকক কি প্ৰমাণ দিব লাগিব৷

কিন্তু তেতিয়াই অভিযুক্তই এঞ্জেলক ছুৰীৰে আক্ৰমণ কৰে৷ এই আক্ৰমণৰ সময়ত এঞ্জেলে ডিঙি আৰু হাড়ত গুৰুতৰভাৱে আঘাত পাইছিল৷ কিন্তু অৱশেষত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷এই ঘটনাৰ পাছতে সমগ্ৰ ত্ৰিপুৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি ঘটনা সন্দৰ্ভত ন্যায়ৰ আহ৩ান জনাইছে৷ বিভিন্ন দল-সংগঠনে এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷বৰ্তমানলৈ আৰক্ষীয়ে প্ত জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ কিন্তু মূল অভিযুক্ত যজ্ঞ অৱস্তী এতিয়াও পলাতক অৱস্থাত আছে৷ তেওঁ নেপালৰ বাসিন্দা, সন্দেহ কৰা হৈছে তেওঁ নেপাললৈ পলায়ন কৰিছে৷ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ২৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰি দুটালৈ দল মোতায়েন কৰা হৈছে৷ এঞ্জেলৰ মৃত্যুৰ পিছত আৰক্ষীয়ে এই গোচৰত অধিক কঠোৰ ধাৰা সংযোজন কৰিছে৷ বৰ্তমান এই গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ১০৩[ৰ] ধাৰা, অৰ্থাৎ হত্যা, আৰু ফৌজদাৰী প্ৰক্ৰিয়া আইন [চি আৰ পি চি]ৰ ধাৰা ৩[প্ত]ৰ অধীনত পঞ্জীয়ন কৰা হৈছে৷

Related Articles