Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি

২০২৫ বৰ্ষত (Assam News) অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি-

হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গঃ
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰ৷ এটা কালিকা লগা দিন৷ ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ বাবে জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ৷ ছিংগাপুৰত নিশা স্থানীয় একাংশ লোকৰ সৈতে আনন্দেৰে কটোৱা জুবিন গাৰ্গে পুৱাৰ ভাগতে ছিংগাপুৰ প্ৰণালী [Singapore strait]ৰ অন্তৰ্গত ছেইণ্ট জনছ দ্বীপলৈ গৈছিল৷ তাত তেওঁ সাগৰত সাঁতুৰিবলৈ গৈ এক দুৰ্ঘটনাত পতিত হয়৷ প্ৰথমে উদ্ধাৰকাৰীৰ দলে জুবিন গাৰ্গক পানীৰ পৰা তুলি আনি চিপিআৰ দিয়াৰ ব্যৱস্থা কৰে আৰু তেওঁক ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰে, ছিংগাপুৰ জেনেৰেল হাস্পতালৰ আইচিইউত ভৰ্তি কৰোৱা হয়, অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক৷ কিন্তু ইতিমধ্যে সকলো শেষ হৈ গৈছিল৷ ছিংগাপুৰ জেনেৰেল হাস্পতালৰ চিকিৎসকে জুবিন গাৰ্গক মৃত ঘোষণা কৰে৷ এই বাতৰি বিয়পি পৰাৰ পিছতে সৰগ ভাগি পৰে ৰাজ্যবাসীৰ মূৰত৷ লগে লগে স্বতঃস্ফুৰ্তভাৱে বন্ধ হৈ পৰে ৰাজ্যৰ সকলো প্ৰান্তৰ দোকান-পোহাৰ৷ এদিন, দুদিন, তিনিদিনলৈ এনেদৰে বন্ধ হৈ থাকে ৰাজ্যৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয় আদি৷ শোকত ভাগি পৰা জনতাই ৰাজপথৰ কাষে কাষে জুবিন গাৰ্গৰ প্ৰতিচ্চবি স্থাপন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সেয়া কেনে এক শোকৰ পৰিস্থিতি আছিল নেদেখাজনে হয়তো অনুভৱ কৰিব নোৱাৰিব৷ অসম চৰকাৰৰ তৎপৰতাত ছিংগাপুৰৰ পৰা প্ৰথমে দিল্লীলৈ আৰু তাৰ পিছত গুৱাহাটীলৈ অনা হৈছিল অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নশ্বৰ দেহ৷ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নিষ্প্ৰাণ দেহটো অনাৰ পিছতে কান্দোনৰ ৰোল উঠিছিল৷ আনকি বিমান বন্দৰৰ কৰ্মচাৰীসকলেও প্ৰটোকল ভংগ কৰি প্ৰাণৰ শিল্পীগৰাকীৰ কফিন অন্তিম বাৰৰ বাবে চুই চোৱাৰ মানসেৰে কফিনৰ কাষলৈ কান্দি কান্দি দৌৰি গৈছিল৷ কোনো নীতি-নিয়মে তেওঁলোকক বান্ধি ৰাখিব পৰা নাছিল৷ এটা কফিনৰ ভিতৰত চিৰনিদ্ৰাত মগ্ন হৈ অসমলৈ উভতি আহিছিল সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ নশ্বৰ দেহ৷


বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাঃ
ৰোগৰ সৈতে যুঁজি চিৰদিনৰ বাবে চকু মুদিলে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাই৷ লগে লগে স্তব্ধ হৈ পৰিল অসমৰ সংগীত জগতৰ এক ধাৰা৷ প্ৰখ্যাত বাঁহীবাদকগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে শোকস্তব্ধ হৈ পৰে ৰাজ্যবাসী৷ ৩ নৱেম্বৰৰ পুৱা চেন্নাইত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই৷ শিল্পীগৰাকীয়ে  পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ৷ দীৰ্ঘদিন ধৰি তেওঁ যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল৷ ২১ অক্টোবৰত উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ চিকিৎসাৰ নিয়া হৈছিল দীপক শৰ্মাক৷ চেন্নাইৰ ৰেলা হাস্পতালত মৃত্যু ঘটে বিশিষ্ট বাঁহীবাদকগৰাকীৰ৷ ৫৭ বছৰ বয়সত মৃত্যু ঘটে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট শিল্পীগৰাকী৷ গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা আছিল বাঁহীবাদকগৰাকী৷ বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰে৷ ৰাষ্ট্ৰীয় মাধ্যমত বহুকেইটা জনপ্ৰিয় চেনেলত সংগীতৰ কাম কৰিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাই৷ ২০১৩ চনলৈ ৩খন অসমীয়া চলচ্ছিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জিটিভিত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল শিল্পীগৰাকীয়ে৷ জাতিংগা, লুইতক ভেটিব কোনে, জংকি পানৈত সংগীতৰ কাম কৰিছিল শিল্পীগৰাকীয়ে৷ ষ্টাৰ প্লাছযোগে সম্প্ৰচাৰিত কেলেইদোস্কোপৰ আৱহ সংগীতৰ মুখ্য বাঁহীবাদক আছিল দীপক শৰ্মা৷ ১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল বাঁহীবাদক দীপক শৰ্মাই৷ তেওঁৰ পিতৃ প্ৰয়াত প্ৰমোদ শৰ্মা৷ অসমৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা তেখেতে বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে৷ অসুস্থতাৰ মাজতে দীপক শৰ্মালৈ আগবঢ়োৱা হৈছিল ২০২৫ বৰ্ষৰ ‘জুবিন গাৰ্গ বঁটা’৷ চিকিৎসাৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হৈছিল তেওঁ৷ তাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীয়ে ২০২৫ চনৰ অক্টোবৰ মাহত তেওঁক প্ত লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছিল৷ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাঁহীৰ জৰিয়তে অসমৰ মাটিৰ সুবাস বিলাই দীপক শৰ্মাই আমাৰ সংগীতক নতুন পৰিচিতি দিছিল৷


‘নাগাৰা নামৰ’ সম্ৰাট ৰামচৰণ ভৰালীৰ মৃত্যুঃ
অসমে হেৰুৱালে নাগাৰা নামৰ বিশিষ্ট শিল্পী ৰামচৰণ ভৰালীক৷ ভৰালীয়ে ৬ নৱেম্বৰৰ নিশা ১২.২০ বজাত ইহলীয়া ত্যাগ কৰে৷ ‘নাগাৰা নামৰ সূৰ্য’ হিচাপে পৰিচিত শিল্পীগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰে৷
নলবাৰীৰ কুমাৰীকটাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে৷ নাগাৰা নামৰ এজন বিশিষ্ট পাঠক আছিল ৰামচৰণ ভৰালী৷ তেওঁ আনুমানিক ১৯৬৪ চনত নাগাৰা দলত যোগদান কৰিছিল আৰু মৃত্যুলৈকে এই শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছিল৷ নাগাৰা নামক ৰাইজৰ মাজলৈ লৈ যোৱাত ৰামচৰণ ভৰালীৰ অৱদান অতুলনীয়৷ নাগাৰ নামৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ “নাগাৰা নামৰ পাঠক” আৰু “নাগাৰা নামৰ সূৰ্য” বুলি জনা যায়৷ নাগাৰা নামৰ লগতে তেওঁ তালৰ এক অভুতপূৰ্ব কলা দেখুৱাইছিল৷ নাগাৰা নামলৈ আগবঢ়োৱা অৱদানৰ বাবে শিল্পীগৰাকীয়ে বহু সন্মানেৰেও সন্মানিত হৈছে৷ তেওঁৰ নামত আছে নাগাৰা নামৰ প্ৰায় ৮৫খন অডিঅ’ কেচেট, ৩০খন ভিডিঅ’ চিডি আৰু ছয়খন গ্ৰন্থ৷ ‘মোহন ভাইৰা স্মৃতি বঁটা’ প্ৰাপক এই শিল্পীগৰাকীয়ে অসমৰ নাগাৰা নামৰ ক্ষেত্ৰখন চহকী কৰি থৈ গৈছে৷
ভৰালীৰ মৃতু্য অসমৰ লোক কৃষ্টিৰ পথাৰখনৰ বাবে এক ডাঙৰ ক্ষতি বুলি ক’ব পাৰি৷ ভৰালীৰ নাগাৰ নামৰ এই যাত্ৰা বৰ সহজ নাছিল৷ এই দিশটোক কৰ্ম হিচাপে গঢ় দিয়াৰ পাছত তেওঁ দৰিদ্ৰতাৰ সন্মুখীন হ’বলগীয়াও হৈছিল৷ কিন্তু তাৰ পাছতো তেওঁ নাগাৰা নামৰ ক্ষেত্ৰখনলৈ অৱদান দি গৈছিল৷ হেৰাই যাব ধৰা এক সংস্কৃতি তেওঁৰ প্ৰৱেশৰ পাছত পুনৰ জী উঠাত সহায়ক হৈছিল৷ অসমৰ ৰাইজৰ মাজত ৰামচৰণ ভৰালীৰ নাগাৰ নামৰ বিশেষ জনপ্ৰিয়তা আছিল৷ কিন্তু শিল্পীগৰাকীৰ আকস্মিক মৃত্যুয়ে এতিয়া তেওঁৰ পৰিয়াল তথা অনুৰাগীসকলক শোকস্তব্ধ কৰি তোলে৷
ৰামচৰণ ভৰালীয়ে সৰুতে পিতৃ-মাতৃ আৰু ভগ্নীক হেৰুৱাইছিল৷ আৰ্থিক সমস্যাৰ বাবে তেওঁ দশম শ্ৰেণীতে পঢ়া এৰিছিল৷ ইয়াৰ পাছত তেওঁ বলোৱাৰ ‘প্ৰগতি সংঘ’ৰ যাত্ৰা পাৰ্টিৰ সৈতে এক সম্পৰ্ক গঢ়ি তুলিছিল৷ ১৯৫২ চনৰ পৰা ১৯৬৩ চনলৈ মুঠ ১১টা যাত্ৰা পাৰ্টিত তেওঁ অভিনয় কৰিছিল৷ তেওঁ ১৯৬৪ চনৰ নাগাৰ নামৰ দল এটা গঠন কৰিছিল৷ তেওঁ অসমৰ উপৰি অৰুণাচল প্ৰদেশ আৰু দিল্লীতো নাগাৰা নাম প্ৰদৰ্শন কৰিছে৷ ১৯৯১ চনৰ পৰা ২০১০ চনলৈ অসমৰ শ্ৰোতা-দৰ্শকলৈ তেওঁ অডিঅ’ কেছেট ৮৫খন আৰু ভিডিঅ’ কেছেট ৩০ খন উপহাৰ দিয়াৰ উপৰি ৬ খন নাগাৰা নামৰ কিতাপ উপহাৰ দিছে৷ তেওঁ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বহু সন্মান লাভ কৰিছে৷ ১৯৯৪ চনত এককালীন চৰকাৰী সাহায্য লাভ কৰাৰ উপৰি ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে নাগাৰা নামৰ শিল্পীয়ে চৰকাৰী স্বীকৃতি হিচাপে পেঞ্চন লাভ কৰিছিল৷ ভৰালীৰ নাগাৰা নামৰ কেচেটসমূহৰ ভিতৰত -লক্ষ্মীনাৰায়ণ, চিত্ৰকেতু আদি শ্ৰোতাৰ মাজত অতি জনপ্ৰিয়৷


নাট্যকাৰ চৈয়দ ছাদুল্লাঃ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে ৩ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰে যশস্বী সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ আৰু গীটাৰিষ্ট চৈয়দ ছাদুল্লাই৷ ‘এয়া আকাশবাণী ডিব্ৰুগড়’ বুলি কোৱা ৰেডিঅ’ৰ সেই চিনাকি কণ্ঠ চিৰদিনৰ বাবে হেৰাই গ’ল৷ যশস্বী সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ আৰু গীটাৰিষ্টগৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰ ৷ কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ তথা অনাতাঁৰ ঘোষক হিচাপে অতি জনপ্ৰিয় হৈ পৰা চৈয়দ ছাদুল্লাই জন্মগ্ৰহণ কৰিছিল ডিব্ৰুগড়ত ১৯৪৮ চনৰ ৰ ফেব্ৰুৱাৰীত৷
সৰুৰে পৰা গীটাৰত সুৰ তুলি ভালপোৱা শিল্পীগৰাকীয়ে বৰ্নাধ্য জীৱনকালত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে৷ ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা চৈয়দ ছাদুল্লাই সৰু কালছোৱাত শ্বিলঙত পঢ়া-শুনা কৰিছিল৷ কিন্তু তেওঁ সপ্তম শ্ৰেণীলৈ উন্নীত হওঁতে তেওঁলোক ডিব্ৰুগড়লৈ ঘূৰি আহে৷ স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ ডিব্ৰুগড়ৰ কানৈ কলেজত কলেজীয়া শিক্ষা আৰম্ভ কৰে৷ সেই সময়ৰ ৰাজ্যৰ জনপ্ৰিয় সাংস্কৃতিক দল কুইভাৰ্চৰ অন্যতম সদস্য আছিল চৈয়দ ছাদুল্লা৷
চৈয়দ ছাদুল্লাই কানৈ কলেজত অধ্যয়ন কৰা সময়তে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল ৷ বিশিষ্ট সাংস্কৃতিক কৰ্মী ভৱেশ গোস্বামী, নজিফুৰ ৰহমান, জিয়াউৰ ৰহমান, বিজু ফুকন, হেমন্ত দত্ত আদি ব্যক্তিসকলৰ সৈতে আৰম্ভ কৰিছিল সাংস্কৃতিক ক্ষেত্ৰখনৰ কাম৷ ১৯৬৫ চনত এই ব্যক্তিসকলৰ সৈতে চৈয়দ ছাদুল্লাই ৰাজ্যৰ জনপ্ৰিয় সাংস্কৃতিক দল কুইভাৰ্চ গঠন কৰিছিল ৷ এই সাংস্কৃতিক দলটোত গীটাৰ বজাইছিল চৈয়দ ছাদুল্লাই ৷ এই দলটোৰ জৰিয়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অত্যন্ত জনপ্ৰিয় হৈ উঠে চৈয়দ ছাদুল্লা ৷ তেতিয়া ড॰ ভূপেন হাজৰিকা, খগেন মহন্তকে আদি কৰি বহু স্বনামধন্য শিল্পীৰ সান্নিধ্য লাভ কৰিছিল তেওঁ ৷
কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰি ১৯৬৯ চনত চৈয়দ ছাদুল্লাই ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰৰ বিভাগীয় শিল্পীৰ পদত যোগদান কৰিছিল৷ চৈয়দ ছাদুল্লাই ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰত যোগদান কৰাৰ পাছত নতুনকৈ ৰাজ্যত আৰম্ভ হৈছিল ৰেডিঅ’ৰ প্ৰতি ৰাইজৰ আগ্ৰহ৷ চৈয়দ ছাদুল্লা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা ৷ তেওঁ দূৰদৰ্শন, নেশ্যনেল জিঅ’গ্ৰাফিক আৰু ডিস্ক’ভাৰী চেনেলৰ সৰ্বমুঠ ১০০ খনতকৈ অধিক ডকুমেণ্টৰীৰ ঘোষক আছিল৷ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এসময়ৰ প্ৰতি দেওবাৰে সন্ধিয়া চাৰে সাতটা বজাত পোন্ধৰ মিনিটৰ বাবে প্ৰচাৰিত মনোৰঞ্জনধৰ্মী ‘বৰ্ণালী’ অনুষ্ঠান সঞ্চালনা কৰি অনুষ্ঠানটো অধিক আকৰ্ষণীয় আৰু জনপ্ৰিয় কৰি তুলিছিল৷ আকাশবাণী ডিব্ৰুগড়ৰ পৰা প্ৰচাৰিত হোৱা কেইটিমান অনুষ্ঠান ডাকপখিলী, হেল্লো মন্দাকিনী আদিৰ আঁত ধৰি সকলো শ্ৰোতা-ৰাইজৰে এইসমূহ অনুষ্ঠান প্ৰিয় কৰি তুলিবলৈ সক্ষম হৈছিল৷ চৈয়দ ছাদুল্লা এগৰাকী কবি, লেখক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, সূত্ৰধাৰ, আবৃত্তিকাৰ, গায়ক, গীটাৰবাদক আৰু বলিষ্ঠ অভিনেতা আছিল৷ ১৯৭৫ চনৰে পৰাই তেখেতে আকাশবাণীৰ বাবে নাট লিখি প্ৰযোজনা আৰু পৰিচালনা কৰিছিল৷ বহুতো ধাৰাবাহিকৰ কাহিনী ৰচনা কৰি নিজেই অনাতাঁৰ আৰু মঞ্চৰ নাটকত অভিনয় কৰিছিল৷ তেখেতে ১৯৭৪ চনত প্ৰযোজনা পৰিচালনা আৰু অভিনয়ৰ বাবে ‘উৰুখা’ আৰু ‘বিচাৰ’ নামেৰে দুখন নাটকত আকাশবাণী বাৰ্ষিক বঁটা লাভ কৰিছিল৷ বৰ্ণাধ্য জীৱন পৰিক্ৰমাত বিভিন্ন বঁটা আৰু সন্মানেৰে সমৃদ্ধিশালী হৈছিল চৈয়দ ছাদুল্লা ৷ ২০২১ বৰ্ষত বিষ্ণু ৰাভা দিৱসত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আহমদ আলী বাঁশকান্দী বঁটাৰে সন্মানিত কৰিছিল তেখেতক৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই বঁটা প্ৰদান কৰিছিল৷ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাই চৈয়দ ছাদুল্লাক ‘আই অসমী’ বঁটা, আকাশবাণীৰ বাৰ্ষিক বঁটা প্ৰতিযোগীতাত সৰ্বভাৰতীয় ভিত্তিত কেইবাটিও বঁটা, ২০২৪ চনত শিল্পী সাধনা বঁটা, সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে ‘কণ্ঠশিৰোমণি’ বঁটা, শিৱসাগৰ জিলা সাহিত্য সভাই আগবঢ়োৱা জিকিৰ শিল্পী কেৰিমুদ্দিন আহমেদ সোঁৱৰণী শিল্পী বঁটা ২০২৫ আদিৰে সন্মানিত৷ ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ৷


শিল্পী ৰাজীৱ শদিয়াঃ
জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শেষ নিশ্বাস৷ গীত গাই থাকোতেই মঞ্চৰ পৰা তললৈ বাগৰি পৰিল জাতি-মাটিৰ গীত গাই ভালপোৱা এগৰাকী শিল্পী৷
১৩ জানুৱাৰীত চিৰদিনৰ বাবে হেৰাই গ’ল কণ্ঠশিল্পী ৰাজীৱ শদিয়া৷ তিনিচুকীয়া জিলাৰ তৰাণী বনাঞ্চলৰ কাষত দূৱাৰমৰা নৈৰ পাৰৰ ভিতৰুৱা ৰসবাৰী গাঁৱত আয়োজন কৰা হৈছে ‘ৰসবাৰী পৰ্যটন মেলা’ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল ৷ উক্ত অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া৷ নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি আছিল জাতি আৰু মাটিৰ গীত গাই ভালপোৱা জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই৷ গীত পৰিবেশন কৰি থকাৰ সময়তে ঘটি গৈছিল এক অঘটন৷ গীত পৰিৱেশন কৰি থাকোতেই মঞ্চৰ পৰা বাগৰি পৰিল শিল্পী ৰাজীৱ শদিয়া৷ হঠাৎ অসুস্থ হৈ এইদৰে বাগৰি পৰে শিল্পীগৰাকী৷ তাৰ পাছত ততাতৈয়াকৈ ৰাজীৱ শদিয়াক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷ কিন্তু ১৩ জানুৱাৰীৰ দুপৰীয়া তেওঁ শেষনিশ্বাস ত্যাগ কৰে৷ নিজস্ব এক গায়নশৈলীৰে অসমবাসীৰ মাজত এগৰাকী জনপ্ৰিয় শিল্পী আছিল ৰাজীৱ শদিয়া৷
ৰসবাৰী পৰ্যটন মেলাত দুটা গীত পৰিৱেশন কৰাৰ পাছতে অসুস্থ হৈ মঞ্চৰ তললৈ বাগৰি পৰিছিল শিল্পীগৰাকী৷ শিল্পীগৰাকীয়ে বুকু আৰু কাণত সোপা মাৰি ধৰা বুলি মন্তব্য কৰি নিমিষতে মঞ্চৰ তলত পৰি যায় ৷ তাৰ পাছতে মেলাত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ৷ চিকিৎসকৰ মতে, ৰাজীৱ শদিয়াৰ ৰক্ত চাপ অতি নিম্ন হৈ পৰাৰ লগতে তেওঁ হৃদৰোগতো আক্ৰান্ত হৈছিল ৷


‘সৰা পাতে পাতে ফাগুন নামে’ … বুলি গাবলৈ আৰু কেতিয়াও ঘূৰি নাহে গায়ত্ৰী হাজৰিকা
‘সৰা পাতে পাতে ফাগুন নামে’ এই গীতটিৰে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ শেষ নিশ্বাস ত্যাগ কৰে ৷ ১৬ মে’ৰ দিনৰ ২.১৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে৷ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ১২ মে’ ৰ পৰা চিকিৎসাধীন হৈ আছিল তেওঁ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫ বছৰ ৷
১৯৮০ চনত জন্মগ্ৰহণ কৰা বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল গুৱাহাটীৰ টি.চি.ছোৱালী হাইস্কুলৰ পৰা আৰু উচ্ছতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ সংগীত বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্ছ নম্বৰ লাভ কৰিছিল৷ পৰৱৰ্তী সময়ত কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে ভাতখাণ্ডে সংগীত বিদ্যাপীঠ, লক্ষ্ণৌৰ পৰা এম. মিউজ ডিগ্ৰী লাভ কৰে৷ ১১ বছৰ বয়সত প্ৰথম মঞ্চত গীত পৰিৱেশন কৰিছিল গায়ত্ৰী হাজৰিকাই৷ ১৯৯২ চনত গুৱাহাটী ৰেডিঅ’ চেণ্টাৰ আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত শিশুশিল্পী হিচাপে গীত পৰিৱেশন কৰিছিল তেওঁ ৷ গায়ত্ৰী হাজৰিকাই কণ্ঠদান কৰা জনপ্ৰিয় গীতসমূহৰ ভিতৰত হৈছে – আবেলিৰ হেঙুলী আকাশে, ইমান সেমেকা, জোনাক নাছিল বনত, তুমি অহাৰ বাতৰি পালে, তোমালৈ মোৰ মৰম, মন মোৰ উৰি ফুৰে, মাথোঁ এজাক বৰষুণ, যেতিয়া জোনাক নামিছিল, সৰা পাতে পাতে, সোণোৱালী সপোন আদি ৷ ইয়াৰোপৰি গায়ত্ৰী হাজৰিকাই মনোজ বৈশ্যৰ ‘ক্ৰোধ’, যতীন বৰাৰ ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’ৰ লগতে ভালেসংখ্যক অসমীয়া ছবিত কণ্ঠদান কৰিছে ৷ ২০২১ চনত ৰত্নাকৰ ছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটোৰ বাবে তেওঁ ‘প্ৰাগ চিনে এৱাৰ্ড’ত মহিলা শাখাত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটাও লাভ কৰিছিল৷ অসমীয়া ধাৰাবাহিক বৈদেহী, ৰ’দালী, দামিনী, মমতা, পৰিণীতা, আল্পনা আদিৰ শীৰ্ষ গীতত তেওঁ কণ্ঠ নিগৰাইছিল ৷ গায়ত্ৰী হাজৰিকাৰ একক কণ্ঠৰ শ্ৰব্য সংকলন দুটাৰ নাম হৈছে ‘মিঠা আৱেশেৰে’ [২০১৪] আৰু ‘সুৰৰ আৱেশেৰে’ [২০১৭]৷ শেহতীয়াকৈ ঝুলন কৃষ্ণ মহন্তই পৰিচালনা কৰা ছবি ‘সুন্দৰপুৰ কেঅছ’ ছবিখন প্ৰযোজনা কৰাৰ লগতে ছবিখনৰ গীততো কণ্ঠদান কৰিছিল গায়ত্ৰী হাজৰিকাই৷


ৰঙা বাছত দৌৰি থকা গঁড়ৰ প্ৰতীকৰ স্ৰষ্টা চৌকত আলী
অসম ৰাজ্যিক পৰিবহন নিগমৰ  বাছত থকা দৌৰি থকা গঁড়ৰ প্ৰতীকটো প্ৰায় সকলোৰে চিনাকী৷ সেই প্ৰতীকৰ স্ৰষ্টা হৈছে শিল্পী চৌকত আলী৷ চৌকত আলীৰ মৃত্যু ঘটে৷ ১০৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে৷ জ্জ্ব নৱেম্বৰৰ  পুৱাই শতায়ুগৰকা শিল্পীয়ে মৃত্যুৰ কোলাত শুই পৰে৷ ১৯২৩ চনৰ ২৪ নৱেম্বৰত গুৱাহাটীৰ আমবাৰীত জন্মগ্ৰহণ কৰিছিল চৌকত আলীয়ে৷ তেজপুৰৰ বাসিন্দা এইগৰাকী চৌকত আলীয়ে ১০৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ নিশা প্ৰায় আঢ়ৈ বজাত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে৷ তেওঁ অসমৰ বাবে দি গৈছে এক যুগমীয়া অৱদান৷ বহুতেই হয়তো সেয়া দেখিছে, কিন্তু তাৰ আঁৰৰ কাহিনী নাজানে৷ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত অংকিত দুৰ্দান্ত গঁড়টো নি(য় আপুনিও দেখিছে৷ সেই গঁড়টো হৈছে অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীক চিহ্ন৷ এই প্ৰতীক চিহ্নৰ স্ৰষ্টা হৈছে চৌকত আলী৷ ১৯৭১ চনত তেতিয়াৰ আছাম ট্ৰান্সপৰ্ট আৰু বৰ্তমানৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত নতুনকৈ সংযোজন কৰা হৈছিল এটি এশিঙীয়া গঁড়ৰ ছবি৷ সেই ছবি অংকন কৰিছিল তেতিয়াৰ আছাম ট্ৰান্সপৰ্টৰ কৰ্মচাৰী চৌকত আলীয়ে৷ এই সৃষ্টিৰ বাবে পুৰস্কাৰ হিচাপে তেতিয়াৰ আছাম ট্ৰান্সপৰ্টৰ সঞ্চালক ভৱেন হাজৰিকাই ১০২ টকা আগবঢ়াইছিল চৌকত আলীক৷ কেৱল চিত্ৰশিল্পী হিচাপেই নহয়, এজন খেলুৱৈ, এজন অভিনয় শিল্পী হিচাপেও খ্যাতি অৰ্জন কৰিছিল তেওঁ৷ অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীকৰ উপৰি তেওঁ অংকন কৰিছিল আন বহু চিত্ৰ৷ কেবাখনো অসমীয়া ছবিতো অভিনয় কৰিছিল চৌকত আলীয়ে৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰো সান্নিধ্য লাভ কৰিছিল তেওঁ৷ ১৯৪৩ চনৰ পাছৰে পৰা তেওঁ মহাৰাণা ক্লাবৰ হৈ প্ৰায় ২০ বছৰ ধৰি খেলিছিল৷ তেওঁ মহাৰাণা ক্লাৱৰ হৈ গুৱাহাটীত হকী দলৰ অধিনায়কত্বও কৰিছিল৷ তাৰোপৰি ১৯৪৮ চনত গুৱাহাটীৰ ইয়ং ইউনিয়নৰ হৈ ফুটবল দলৰ গ’লকীপাৰো আছিল প্ৰয়াত আলী৷ সৰ্বভাৰতীয় পৰ্যায়ত খিতাপ দখল কৰিছিল এই দলটোৱে৷ চৌকত আলীৰ মৃত্যুত বিভিন্ন জনে  শোক প্ৰকাশ কৰে৷

Related Articles