Zubeen Garg: জুবিন গাৰ্গৰ স্মৰণসভাত মানৱিক শিল্পীৰ প্রতি শ্ৰদ্ধাঞ্জলি

গুৱাহাটী প্ৰেছ (Zubeen Garg)ক্লাব-ত মঙলবাৰে অনুষ্ঠিত স্মৰণ অনুষ্ঠানৰ আয়োজন কৰে দুটা সাহিত্য-সংস্কৃতিক আৰু সামাজিক সংগঠনে—দেশ ভাবনা (কলকাতা) আৰু কৃষ্টি পথাৰ অসম। অনুষ্ঠানজুৰি আছিল গভীৰ আবেগৰ পৰিবেশ। স্মৰণসভাত পুনৰ-পুনৰ উচ্চাৰিত হয় একেই দাবী—অসমৰ সংস্কৃতি, সংগীত আৰু মানৱিক চেতনাত অতুলনীয় অৱদান আগবঢ়োৱা এই শিল্পীক মৰণোত্তৰ ভাৰতৰত্ন সন্মান প্ৰদান কৰা হওক। অনুষ্ঠানৰ আৰম্ভণিতেই জুবিন গাৰ্গৰ বহুমুখী অৱদান স্মৰণ কৰা হয়। বক্তাসকলে কয়, তেওঁ কেৱল এজন জনপ্ৰিয় কণ্ঠশিল্পী নহয়; তেওঁ আছিল সমাজৰ প্ৰতি দায়বদ্ধ, মানৱিক চেতনাৰে ভৰা এজন সংবেদনশীল ব্যক্তি। সংগীতৰ লগতে সমাজচিন্তা, পৰিৱেশ সচেতনতা আৰু সাধাৰণ মানুহৰ অধিকাৰৰ ক্ষেত্ৰত তেওঁ লোৱা স্পষ্ট অৱস্থান আজিও বহু লোকৰ বাবে প্ৰেৰণা। তেওঁৰ গান যেনেকৈ হৃদয়ত গাঁথি গৈছে, তেনেকৈয়ে তেওঁৰ চিন্তাধাৰাই সমাজক নতুন দৃষ্টিৰে ভাবিবলৈ শিকাইছে।


এই স্মৰণসভাত সাহিত্য, সংস্কৃতি আৰু সমাজক্ষেত্ৰত অৱদানৰ স্বীকৃতি স্বৰূপে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিত্বক স্মাৰক সন্মাননা প্ৰদান কৰা হয়। সন্মানপ্ৰাপ্তসকলৰ ভিতৰত আছিল ৰাজীৱাক্ষ ৰক্ষিত, সুদীপ শৰ্মা চৌধুৰী, অৰুপ চক্রৱৰ্তী, মৃণাল চৰকাৰ, আজহাৰ আলম, অনুপমা ডেকা আৰু জ্যেষ্ঠ সমাজকৰ্মী আব্দুল জলিল। আয়োজকসকলে উল্লেখ কৰে যে সমাজ আৰু সংস্কৃতিৰ ধাৰাবাহিক বিকাশত এইসকল ব্যক্তিৰ অৱদান বিশেষ গুৰুত্বপূর্ণ। ইফালে, দীৰ্ঘদিন ধৰি সংগীত সাধনাত নিয়োজিত থকাৰ স্বীকৃতি স্বৰূপে কণ্ঠশিল্পী মিতুল বর্মন আৰু কণ্ঠশিল্পী বিজয় বিশ্বাসক বিশেষভাৱে পুৰস্কৃত কৰা হয়। কেৱল সেয়াই নহয়, এই দুয়োগৰাকী কণ্ঠশিল্পীয়ে অনুষ্ঠানত দুটা গান পৰিবেশন কৰি প্ৰয়াত শিল্পীৰ প্ৰতি গভীৰ সংগীতাঞ্জলি নিবেদন কৰে। তেওঁলোকৰ আবেগভৰা পৰিবেশনে সমগ্ৰ অনুষ্ঠানক অধিক গাম্ভীৰ্য আৰু আবেশেৰে ভৰাই তোলে।


আমন্ত্রিত অতিথি হিচাপে বক্তব্য ৰাখি আব্দুল জলিলে কয়, “জুবিন গাৰ্গ আছিল এজন মহামানৱ। তেওঁ অমৰ, অজেয়। তেওঁৰ কৰ্ম আৰু চিন্তাই চিৰকাল মানুহক পথ দেখাই যাব।” আনহাতে সাংবাদিক সুদীপ শৰ্মা চৌধুৰীয়ে কয়, “জুবিন গাৰ্গক পাহৰি যোৱা সম্ভৱ নহয়। তেওঁ কেৱল শিল্পী নহয়; প্ৰকৃতি, গছ-গছনি, জীৱ-জন্তু—সকলোৰ প্ৰতি তেওঁৰ গভীৰ ভালপোৱা আছিল। মানৱতাৰ এক অনন্য প্ৰতীক হিচাপে তেওঁ সদায় জনমানসত জীৱিত হৈ থাকিব।” স্মৰণসভাত শিশু শিল্পী সায়ন ৰায়ে সংগীত পৰিবেশনৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। ইয়াৰ উপৰিও কলকাতা, ত্ৰিপুৰা আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে গান আৰু কবিতাৰে জুবিন গাৰ্গক স্মৰণ কৰে। প্ৰখ্যাত শিল্পী প্ৰলয় ৰায়ৰ স্বৰলিপিত শিল্পীবৃন্দই পৰিবেশিত কৰা গান আৰু আবৃত্তিয়ে অনুষ্ঠানৰ সৌন্দৰ্য বহুগুণ বৃদ্ধি কৰে।


কলকাতা, ত্ৰিপুৰা আৰু অসমৰ শিল্পীৰ সমবেত অংশগ্ৰহণে এই স্মৰণসভা এক সৰ্বভাৰতীয় সাংস্কৃতিক মিলনক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। কলকাতাৰ অ্যাকশন গ্ৰুপ এই অনুষ্ঠানৰ অন্যতম সহযোগী হিচাপে পাশে থাকে। অনুষ্ঠানত দেশ ভাবনাৰ পক্ষৰ পৰা দেব কিশোৰ চক্রৱৰ্তী আৰু কৃষ্টি পথাৰ অসমৰ পক্ষৰ পৰা মহানন্দ দত্ত চৰকাৰ উপস্থিত থাকে। তেওঁলোকে কয়, জুবিন গাৰ্গৰ আদৰ্শ, গান আৰু মানৱিক মূল্যবোধ আগন্তুক প্ৰজন্মৰ মাজলৈ লৈ যোৱাই এই স্মৰণসভাৰ মুখ্য লক্ষ্য। অনুষ্ঠানৰ অন্তত সৰ্বসম্মতভাৱে পুনৰ জোৰদাৰ দাবী উত্থাপন কৰা হয়—অসমৰ সাংস্কৃতিক আৰু মানৱিক চেতনাত অতুলনীয় অৱদান আগবঢ়োৱা জুবিন গাৰ্গক মৰণোত্তৰ ভাৰতৰত্ন সন্মান প্ৰদান কৰা হওক। গভীৰ নীৰৱতা আৰু শ্ৰদ্ধাৰ মাজেৰে স্মৰণসভাৰ সমাপ্তি ঘটে, লগতে ৰৈ যায় এক দৃঢ় সংকল্প—শিল্পীৰ সৃষ্টিক আৰু আদৰ্শক চিৰজীৱিত কৰি ৰাখাৰ অঙ্গীকাৰ।

Related Articles