নৱবৰ্ষৰ প্রথম দিনটোত অনুষ্ঠিত হ’ল মুখ্যমন্ত্ৰীৰ ‘নতুন দিনৰ আলাপ’।(Arunodoi)
অৰুণোদয় হিতাধিকাৰীৰ বাবে নৱবৰ্ষৰ ডাঙৰ ঘোষণা।
নতুন বছৰত মুখ্যমন্ত্ৰীৰ উপহাৰ।
এই অনুষ্ঠানতে ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা।
‘অৰুণোদয়’ লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ৮ হাজাৰ টকা।
চাৰি মাহৰ ধন একেলগে লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অৰুণোদয় পোৱা মহিলাসকলে ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে একেলগে ৮ হাজাৰ টকা লাভ কৰিব।’’
এই ঘোষণাক ব’হাগ বিহুৰ আগতীয়া উপহাৰ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

