বকো বিধানসভা সমষ্টিত কংগ্ৰেছযে বিধায়িকা নন্দিতা দাসক পুনৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাত সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী-সমৰ্থকসকল উৎফুল্লিত হৈ পৰিছে। প্ৰাৰ্থীত্ব লাভ কৰি কালি নন্দিতা দাসে সমষ্টিটোৰ ছমৰীয়া ব্লক কংগ্ৰেছ এলেকাত প্ৰবেশৰ লগে লগে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ কেইবা শতাধিক নেতা কৰ্মী আৰু সমৰ্থকে সুদুৰ জামলাইৰ পাঁচ কিলোমিটাৰ পথ বাইক ৰেলী কৰি আদৰি আনি নগৰবেৰাস্থ ইন্দিৰা ভৱন প্ৰাংগণত উপস্থিত হয়। পিছত উৎফুল্লিত দলীয় কৰ্মী সকলে নন্দিতা দাসক গামোচা আৰু ফুলৰ মালা পিন্ধাই আদৰণি জনোৱাৰ লগতে আতচবাজী ফুটাই ইন্দিৰা ভৱন প্ৰাংগণ মুখৰিত কৰি তোলে। ইয়াৰ পিছত দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হৈ সমষ্টিটোৰ ৰংগেশ্বৰীত উৎফুল্লিত কংগ্ৰেছ কৰ্মী সকলে আযোজন কৰা সাংস্কৃতিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি উপস্থিত সকলোকে হাতত চিহ্নত ভোট দি তেওক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায়। তদুপৰি কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে সমষ্টিটোৰ টুপামাৰী, বদলা, ৰাংগাপানী, সোণতলী আদি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। ইফালে দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰি নন্দিতা দাসে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰক্ৰিয়া প্ৰকাশ কৰি কয় য়ে দ্বিতীয়বাৰৰ বাবে কৰ্মদক্ষতা চাই দলে মোক প্ৰাৰ্থীত্ব প্ৰদান কৰাত মই কংগ্ৰেছৰ উৰ্ধ্বতম কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ । সমষ্টিটোত বিগত দিনত কৰি অহা সেৱা, বানপানী আৰু লক ডাউন সময়ত দৰিদ্ৰ লোকক ওচৰত গৈ কৰা সহায় – সহযোগিতাৰ তথা বহিঃৰাজ্যৰ পৰা সমষ্টিটোৰ বহু শ্ৰমিক, শিক্ষাৰ্থীক সহায় কৰাৰ বাবে ৰাইজে মোক পুনৰ নিৰ্বাচিত কৰিব কৈ নন্দিতা দাসে কয় আগন্তক নিৰ্বাচনত অগপ দলৰ প্ৰাৰ্থী গৰাকীৰ লগত মোৰ প্ৰতিন্দ্বিতা হব যদিও বকো সমষ্টিৰ পৰা মই বহু ভোটৰ ব্যৱধানত নিশ্চিতভাৱে জয়ী হম।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…