ৰাইজে বাহন ভাঙি ছিঙি পেলাই দিলে দ’ খালত কোনোমতে প্ৰাণ ৰক্ষা শুকুৰ আলীৰ। ৰেলীত অহা লোকক টকা নিদিয়া বাবে ঘটে এই অঘটন। টকাৰ বিনিময়ত শুকুৰ আনিছিল প্ৰায় পাচ সহশ্ৰাধিক লোক। এই লোকসকলোক লগত লৈ দৌলাশালৰ পৰা ভেল্লা হৈ বহৰি লৈ উলিয়ায় বৃহৎ ৰেলী। শিলা পাৰ হোৱাৰ পিছত জনতা বজাৰৰ পৰা অলপ নিলগত ৰেলীত অহা লোকে বিচাৰে টকা। কিন্তু শুকুৰৰ দালাল কেইজনমানে ৰেলীত অহা লোকক টকা দিবলৈ অমান্তি হোৱাত এই অঘটন ঘটাৰ অভিযোগ উঠিছে। টকা পোৱাৰ পৰা বঞ্চিত সমৰ্থকে শুকুৰ আলীৰ বাহন ঘেৰাও কৰি লাঠিৰে ভাঙি ছিঙি চূৰমাৰ কৰে বাহনখন। তাৰ পিছতে পৰিস্থিতি অধিক ভয়াবহ হয়। দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰ পিট ঘটে বুলি অভিযোগ উঠিছে। চাৰিটা কালৰ কংগ্ৰেছৰ বিধায়ক গৰাকীয়ে ওচৰৰে এঘৰ মানুহৰ ঘৰত সোমাই কোনোমতে প্ৰাণ ৰক্ষা কৰে।
উল্লেখযোগ্য যে শুকুৰ আলী আহমেদে টিকট পোৱাৰ পিছতে আজি উলিয়ায় বৃহৎ ৰেলী। কেইবা সহশ্ৰাধিক কৰ্মী সমৰ্থকক লৈ ৰেলী উলিয়াই চমক সৃষ্টি কৰে তেওঁ ভোটাৰৰ মাজত । বিগত বিশ বছৰে নিজৰ দখলত থকা সমষ্টিটোৰ বিশেষ উন্নয়ন নহলেও তেওঁ নিৰ্বাচনৰ সময়ত এইদৰে ৰেলী উলিয়াই ৰাইজক ভেল্কীবানত আবদ্ধ কৰে তেওঁ। সমষ্টিৰ কোণে কোণে প্ৰচাৰ চলায় এই ৰেলীৰে। বহৰি, চেঙা, ভেল্লাৰ মাজৰে পাৰ হৈ শিলাৰে পুনৰ বহৰি উলিয়ায় এই ৰেলী। ভেল্লাত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত চেঙা সমষ্টিত তেওঁৰ কোনো প্ৰতিদ্বন্দী নাই বুলি দম্ভালি মাৰে শুকুৰ আলীয়ে।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰে তেওঁ। উল্লেখযোগ্য যে চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদে উলিওৱা এই বৃহৎ ৰেলীৰ ফলত কেইবা ঘন্টা ধৰি বৰপেটা-দৌলাশাল-হাজো পথত যান জঁটৰ সৃষ্টি হয়। ফলত ব্যাপক অসুবিধাত ভূগিব লগা হৈছে সাধাৰণ ৰাইজে। ইপিনে ভেল্লা পাৰ হোৱাৰ পিছতে এই অনাকাংক্ষিত ঘটনাটো ঘটে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…