গান্ধী পৰিয়ালত (Priyanka gandhi son engagement) বিবাহৰ আয়োজন। প্রিয়ংকা গান্ধীৰ পুত্ৰ ৰেহানে প্রেমিকা আবিবা বেগেৰ সৈতে আৰম্ভ কৰিব যুগ্ম জীৱন। ৱায়ানাদৰ কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী আৰু ব্যৱসায়ী ৰবাৰ্ট ভাদ্ৰাৰ পুত্ৰ ৰেহন ভাদ্ৰাৰ প্ৰেমিকা অবিবা বেগৰ সৈতে বাগ্দান। এংগেজমেণ্টৰ পিছতে ৰাজস্থানৰ ৰন্থামবোৰত উপস্থিত হৈছে দম্পতীহাল আৰু তেওঁলোকৰ পৰিয়াল।ৰেহান আৰু অবিবাৰ প্ৰেমৰ সম্পৰ্ক ৭ বছৰ ধৰি চলি আছে। দুয়োৰে ফটোগ্ৰাফীৰ প্ৰতি এক আকৰ্ষণ আছে।
তেওঁলোকৰ এংগেজমেণ্টত কেৱল ভাদ্ৰ, গান্ধী, বেগ পৰিয়ালৰ ঘনিষ্ঠ আত্মীয়ইহে অংশগ্ৰহণ কৰিছিল। অৱশ্যে গান্ধী বা ভাদ্ৰা পৰিয়ালৰ কোনেও এংগেজমেণ্টৰ খবৰটো এতিয়াও নিশ্চিত কৰা নাই।
আবিবা বেগ দিল্লীৰ ব্যৱসায়ী ইমৰাণ বেগ আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰ নন্দিতা বেগৰ কন্যা, যাৰ মাতৃ নন্দিতাই কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনৰ ইণ্টেৰিয়ৰ ডিজাইন কৰিছিল।
আবিবা ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত, সংবাদ মাধ্যমতো কাম কৰিছিল আবিবাই। কন্টেন্ট প্লেটফৰ্ম PROPAGANDA ত জুনিয়ৰ প্ৰজেক্ট মেনেজাৰ হিচাপে আৰু ডিজিটেল কন্টেন্ট প্লেটফৰ্ম আৰ্ট চেইন ইণ্ডিয়াত মাৰ্কেটিং ইন্টাৰ্ণ হিচাপে কাম কৰিছিল।

