পাহাৰীয়া জিলা পশ্চিম কাৰ্বি(Karbi Lamet Amei) আংলঙৰ ভকচঙস্থিত হৰ্ণবিল ক্ৰীড়াক্ষেত্ৰত ৩৪ সংখ্যক কাৰ্বি লামেট আমেইৰ অধিৱেশনখনিৰ লাইখুঁটা প্ৰতিষ্ঠা কৰা হয় ৷ আগন্তুক ২০ ৰ পৰা ২৩ জানুৱাৰীলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া কাৰ্বি জনগোষ্ঠীৰ ভাষা-সাহিত্যৰ ধ্বজাবাহক কাৰ্বি লামেট আমেই অৰ্থাৎ কাৰ্বি সাহিত্য সভাৰ এই ৩৪ সংখ্যক অধিৱেশনখনিৰ বাবে পুৱাভাগত কাৰ্বি জনগোষ্ঠীয় মাঙ্গলিক পৰম্পৰাৰে লাইখুটা প্ৰতিষ্ঠা কৰে কাৰ্বি লামেট আমেইৰ মেইফু অৰ্থাৎ সভাপতি কামছিং হাঞ্চে আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ’ৱে ৷ কাৰ্বি জনগোষ্ঠীৰ ভাষা-সাহিত্যক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আগৰণুৱা হিচাপে সেৱা আগবঢ়াই যোৱা কেইবাগৰাকীও জ্যেষ্ঠ আৰু উদীয়মান কবি-সাহিত্যিক এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে ৷

অনুষ্ঠানত অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰভাত চন্দ্ৰ তাৰ’ৱে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে কাৰ্বি ভাষাৰ ইতিহাসত এই ৩৪ সংখ্যক কাৰ্বি লামেট আমেইৰ অধিৱেশনে প্ৰথমবাৰৰ বাবে এশখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াব ৷ কাৰ্বি ভাষাৰ ক্ষেত্ৰত এইধৰণৰ গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা আগতে কোনোদিনে হোৱা নাছিল, সেইবাবে আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ ৷ অতিকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে এইবাৰৰ অধিৱেশনত নবীন-প্ৰবীণ সাহিত্যিকৰ প্ৰকাশ পাবলগীয়া এই শতাধিক গ্ৰন্থৰ জৰিয়তে কাৰ্বি জনগোষ্ঠীৰ ইতিহাস আৰু অতীত-বৰ্তমান-ভৱিষ্যতৰ বিষয়ে সকলোৱে জানিবলৈ সক্ষম হ’ব ৷ তাৰোপৰি, আমাৰ কাৰ্বি জাতিৰ হাতপুথিৰ অভাৱৰ কাৰণে জাতিটো কিছু কিছু ক্ষেত্ৰত এখোজ হলেও পিছপৰি ৰোৱা যেন অনুভৱ হয়, যাৰবাবে বিগত ৩৪ বছৰ পূৰ্বে প্ৰয়াত লংকাম টেৰন ডাঙৰীয়াৰ নেতৃত্বত কাৰ্বি লামেট আমেই নামৰ এই সাহিত্য অনুষ্ঠানটোৰ জন্ম হৈছিল ৷
এই লামেট আমেইৰ যোগেদি কাৰ্বি জনগোষ্ঠীয়ে নিজৰ ভাষা-সাহিত্য-সংস্কৃতিক আগবঢ়াই লৈ যাবলৈ আজিৰ তাৰিখত যথেষ্ট সুবিধা পাইছে বুলি সাংবাদিকৰ আগত সদৰী কৰে প্ৰভাত চন্দ্ৰ তাৰ’ৱে ৷ উল্লেখযোগ্য যে কাৰ্বি ভাষাক আগবঢ়াই নিবলৈ তিনিখন বা তাতোধিক গ্ৰন্থ প্ৰকাশ কৰি ওলিওৱা লেখক-লেখিকালৈ একলাখকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ’ব বুলি কাৰ্বি লামেট আমেইৰ সভাপতি কামছিং হাঞ্চেই সদৰী কৰে ৷

