Himanta Biswa Sarma: টিকটৰ নামত কোটি কোটি টকা লোৱাৰ অভিযোগ, কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰীৰ

মিঞা মুছলমান(Himanta Biswa Sarma)অধ্যুষিত বিধানসভা সমষ্টিত কংগ্ৰেছৰ টিকট পোৱাৰ নামত বৃহৎ অংকৰ ধন লোৱাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰে। তেওঁৰ কয়, কংগ্ৰেছৰ টিকট প্ৰদান ব্যৱস্থা সম্পূৰ্ণৰূপে ধনকেন্দ্ৰিক। শুকুৰবাৰে শোণিতপুৰ জিলাৰ ঠেলামৰাত আয়োজিত এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “মিঞা মুছলমান অধ্যুষিত যিসমূহ সমষ্টি আছে, সেইসমূহত কংগ্ৰেছে প্ৰতিটো টিকটৰ বিনিময়ত তিনিৰ পৰা চাৰি কোটি টকা আদায় কৰে। যোৱাবাৰৰ নিৰ্বাচনতো এইদৰে ধন লোৱা হৈছিল। এইবাৰো প্ৰাৰ্থীসকলৰ পৰা ইতিমধ্যে পঞ্চাশ হাজাৰ টকাকৈ সংগ্ৰহ কৰা হৈছে।” তেওঁৰ অভিযোগ অনুসৰি, যোৱা নিৰ্বাচনত মিত্ৰদলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিসমূহতো এই ধন লোৱা হৈছিল যদিও পাছত সেই ধন ঘূৰাই দিয়া নহ’ল। “ইয়াৰ দ্বাৰা স্পষ্ট হয় যে কংগ্ৰেছৰ গোটেই ব্যৱস্থাটোৱেই টকা-পইচাৰ ওপৰত নিৰ্ভৰশীল,” বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।


বিজেপিৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, বিজেপিত টিকট বিচাৰিবলৈ কোনো ধৰণৰ মাচুল দিব নালাগে। “বিজেপিত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ মাচুলবিহীন। ইয়াৰ বিপৰীতে কংগ্ৰেছত টিকটৰ দৰ-দাম নিৰ্ধাৰণ কৰা হৈছে। কিছুমান প্ৰাৰ্থীয়ে আগতীয়াকৈ ধন আদায়ো কৰি থৈছে,” বুলি তেওঁ কটাক্ষ কৰে। কংগ্ৰেছে এশখন সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব বুলি কৰা ঘোষণাৰ সন্দৰ্ভত বিধায়ক অখিল গগৈক উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “অখিল গগৈয়ে যদি কোনোপধ্যে ২৬ খন আসনো লাভ কৰে, সেয়াও তেওঁলোকৰ বাবে এক ডাঙৰ সাফল্য হ’ব।” তেওঁ লগতে কয় যে কংগ্ৰেছৰ কোনো সুদৃঢ় সাংগঠনিক গাঁথনি নাই আৰু প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰতেই দলটোৰ সীমাবদ্ধতা স্পষ্ট হৈ পৰিছে।


ইফালে, তেজপুৰৰ ঐতিহাসিক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জোনাকী’ ছবিগৃহ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে ছবিগৃহটো অধিগ্ৰহণ কৰাৰ বিষয়ত চিন্তা-চৰ্চা কৰি আছে। অৱশ্যে বৰ্তমানলৈকে ছবিগৃহটো ব্যক্তিগত মালিকানাধীন হৈ থকাৰ বাবে কিছুমান আইনগত আৰু প্ৰশাসনিক দিশ বিবেচনা কৰিবলগীয়া আছে বুলিও তেওঁ উল্লেখ কৰে। ইপিনে, কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহত পোৱা অস্ত্ৰ সন্দৰ্ভত চলি থকা বিতৰ্কৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “সেই অস্ত্ৰসমূহ আৰক্ষীৰ সম্পত্তি। এই বিষয়টোক লৈ ৰাজনীতি কৰা অনুচিত।” ইপিনে,
শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই অভয়াৰণ্যত বসবাস কৰা লোকসকলক উচ্ছেদ কৰা হ’ব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰে জনজাতীয় লোকসকলৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি আহিছে। বন অধিকাৰ আইন, ২০০৫ অনুসৰি সোণাই-ৰূপাইত বসবাস কৰা বড়ো সম্প্ৰদায়ৰ লোকসকলক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে। “তেওঁলোকক উচ্ছেদ কৰাৰ কোনো প্ৰশ্নই উঠে নোৱাৰে,” বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে মন্তব্য কৰে।

Related Articles