ওদালগুৰি জিলা সমিত্ৰ উদ্যোগত ননৈ ছেৰফাং সমষ্টিৰ সৌজনত সমাগত বিধান সভা নিৰ্বাচন বাবে ৬৪ নং পানেৰী বিধান সভাৰ বিজেপি-ইউপিপিএল – এজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী তথা ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী সমৰ্থন ১৯ মাৰ্চ তাৰিখৈ সমষ্টি টোৰ অন্তৰ্গত ওৰাঙ্গাজুলিত এখহ্মনি নিৰ্বাচনী প্ৰচাৰ সভা অনুস্থিত হয। জিলা বৌধিক বিকাশ কোষৰ সহকাৰী সম্মন্ধৰক্ষী বিকন ডেকাই আত ধৰা সভা খমত আমন্ত্ৰিত মুখ্য বক্তা ভাৰত চৰকাৰৰ জনজাতি উন্নয়ন প্ৰৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা ঝাৰখন্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অৰ্জ্জুন মুন্ডা , মঙ্গলদৈ লোকসভাৰ সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া, বিটিচি পৰিষদীয় কাৰ্য্যবাহী সদস্য সন্জিত তান্তী আৰু অৰুপ ৰয়, প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ শান্তিয়াছ কুজুৰ, জিলা সভাপতি কাৰ্তিক চম্দ্ৰ বড়ো, ৰাজ্যিক নেতা কিশোৰ উপাধ্যায়, ইউপিপিএল জিলা সদস্য কৃষ্ণ গিৰী, এজেপি প্ৰমোদ হাজৰিকা, সুজিত সৰকাৰ, জৌংশ্ৰা বড়ো, অৰ্জ্জুন দৈমাৰী, জোনমনি শইকীয়াৰ লগতে অঞ্চলটোৰ বহু কেইগৰাকী কৰ্মকৰ্তাৰ লগতে অঞ্চলৰ স্থানীয় বহু লোক উপস্থিত থাকে। সভাত জনতাক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে অসমত এইবাৰ আকৌ বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত । উল্লেখযোগ্য যে বিগত বৰ্ষ কেইটাত কেন্দ্ৰই অসমত আদিবাসী উন্নয়ন পুঁজিলৈ ৭০০ কোটিতকৈও অধিক ধন আবন্তন কৰাৰ লগতে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰন প্ৰক্ৰিয়া চলি আছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । আনহাতে সাংসদ দিলিপ শইকীয়াই সাংবাদিকৰ আগত হাগ্ৰামা মহিলাৰীৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কৰা ভাষ্যক কটাক্ষ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মা আমেৰিকা, লণ্ডন জাপান সকলোতে যাব পাৰিব কিন্তু হাগ্ৰামা মহিলাৰীৰk বিটিচিত সোমোৱাই কঠিন হৈ পৰিব তেওঁ যদি বেছি দুৰলৈ যাব খোজে অকল বাংলাদেশত হে যাব পাৰিব । লগতে বিটিচি একাংশ যুবকে অস্ত্ৰ তুলি লোৱা কাৰ্য্যক সহজ ভাবে লব পৰা নাই। তেওঁ সেয় সকল যুবকৰ সৈতে আলাপ-আলোচনাৰ মাধ্যমেৰে সামাজিক জীবনলৈ ঘুৰি আহিবলৈ আহ্বান জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…