ওদালগুৰি জিলাৰ ওৰাঙত ২১মাৰ্চত বি পি এফৰ নিৰ্বাচনী কাৰ্যালয় শুভ উদ্ধোধন অনুষ্ঠান হৈ যায় ৷ কাৰ্য্যলয়টো শুভ উদ্বোধন কৰে ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাচঁনৈ চেৰফাং সমষ্টিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য শ্যাম চুণ্ডীয়ে ৷শুভ উদ্বোধন অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ধনশ্ৰী সমষ্টিৰ এম চিএল এ ফ্লেছ মোছাহাৰীয়ে কয় যে -এইবাৰ নিৰ্বাচনত ইউ পি পি এল,বিজেপি আৰু জি এছ পিৰ চৰকাৰ নাথাকিব ৷তেওঁলোকৰ মাজত কোনো বুজা পৰা হোবা নাই ৷তেওঁলোকৰ অবস্থা অতি বেয়া ৷বিজেপি আৰু ইউ পি পি এলে এইবোৰ নাটক কৰি আছে ৷প্ৰমোদ বড়োবে ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰৰ কোনো এটাও প্ৰতিশ্ৰুতি পালন কৰা নাই ৷কোকৰাঝাৰত চাপ্লাই ,ঠিকা ঠুকুলীৰ নামত ১৫/২০শতাংশ কমিশ্যান সংগ্ৰহৰ অভিযোগ কৰে মোছাহাৰীয়ে ৷আনকি এম জি এন ৰেগাৰ কামত ছেয়াৰমেন সকলে চহী মাৰিবলৈ ৩শতাংশ কমিশ্যান সংগ্ৰহ কৰে ৷ এইবোৰ দুৰ্নীতি নহয় নেকী বুলি মোছাহাৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ বিটিআৰ চুক্তিত একো নাই ৷ বিটিআৰ চুক্তিৰ মই এগৰাকী চিগনেটৰী হোৱাৰ লগতে মই এজন সদস্য হয় ৷মই কিয় বিপিএফ দলত আহিব লগীয়া হৈছে সেয়া আৰু বহলাই কোৱাৰো প্ৰয়োজন নাই বুলিও তেওঁ ভাষণত কয় ৷মিছা কথা,মিছা প্ৰলোভন দিয়া বিজেপি চৰকাৰক বহ্মপুত্ৰত দলিয়াই দিব লাগে ৷এইবাৰ মহাজোঁটৰ চৰকাৰ দিশপুৰ হব বুলি ভাষনত উল্লেখ কৰে মোছাহাৰীয়ে৷অনুষ্ঠানটোত ব্লক বিপিএফৰ সম্পাদক জ্যোতিষ কলিতা,প্ৰাক্তন চেয়াৰমেন বেনুধৰ অধিকাৰী আদিকে ধৰি বিপিএফৰ বহু নেতা কৰ্মী উপস্থিত থাকে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…
- Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…
- বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে কোকৰাঝাৰখন পিছ পৰি ৰৈছেঃ মন্ত্ৰী পীয়ূষ হাজৰীকা…
- বৰপেটাত বিৰোধীৰ কোনো অস্তিত্ব নাই, ইয়াত বিৰোধীয়েও নাজানে তেওঁলোকৰ প্ৰাৰ্থী কোন, ফণীভূষণ চৌধুৰী অসমৰ ৰাজনীতিৰ ভীষ্ম, এগৰাকী সুদক্ষ ব্যক্তিঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স ৭৫ হাজাৰ অতিক্ৰম…
- চেমিকণ্ডাক্টৰ জৰিয়তে চাউথ ইষ্ট এছিয়াৰ দুৱাৰ মুকলি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইঃ বিমল বড়া