ওদালগুৰি আৰু দৰং জিলা সামৰি লোৱা কলাইগাঁও বিধানসভা সমষ্টিত বৰ্তমান প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰা প্ৰতিটো ৰাজনৈতিক দলৰ লগতে কেইবাজনো নিৰ্দলীয় প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। তাৰ ব্যতিক্ৰম নহয় কৰাইগাঁও বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী পংকজ অসমীয়াও। দূৰদৰ্শনৰ ধাৰাবাহিকৰ লগতে অভিনয় জগতৰ লগত জড়িত অসমীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা পৰ্যায়ৰ বিষয়ববীয়াৰ পৰা নতুনকৈ ৰাইজৰ দলৰ পৰা ৰাজনৈতিক জীৱনৰ পাতনি মেলিছে। পংকজ অসমীয়াই কলাইগাঁও বিধানসভা সমষ্টিৰ ইতু মুৰৰ পৰা সিতু মুৰলৈ তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ মাজতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাত পংকজ অসমীয়াই কয় – “মইকোনো ধৰনৰ ৰাজনৈতিক মোনাফা আদায় কৰাৰ বাবে বা ক্ষমতাৰ লোভত ৰাজনীতিলৈ অহা নাই মই ৰাইজৰ বিপুল দাবীত ৰাজনীতিলৈ আহিছো আৰু ৰাইজৰ বাবে কাম কৰিবলৈ আহিছোঁ। কলাইগাঁও বিধানসভা সমষ্টিত আজিলৈ শিক্ষা, স্বাস্হ্য খণ্ডৰ উন্নয়নৰ লগতে গৰাখহনীয়া, বানপানী, নিবনুৱাকে বহুতো সমস্যা আছে আৰু সেই সমস্যা বোৰৰ সম্পূৰ্ণ সমাধান আজিলৈকে হৈ উঠা নাই সেয়ে সেই সমস্যা বোৰৰ সমাধানৰ বাবে এজন সবল আৰু শক্তিশালী যুৱ নেতা ৰাইজে বিছাৰিছে আৰু তাৰ বাবে ওলাই আহিছোঁ আৰু ৰাইজৰ সহায় সহয়োগ পাই আনন্দিত হৈছো।”

