২০২৬ৰ অসম বিধানসভাৰ (Political News)নিৰ্বাচনৰ প্ৰাক্ক্ষণত ক্ৰমে গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক বতাহ৷ শেহতীয়াকৈ অখিল গগৈয়ে উত্থাপন কৰা ভোটাৰৰ নাম কৰ্তনৰ অভিযোগে বিজেপিৰ ভিতৰচ’ৰাত ব্যাপক আলোড়নৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ অখিল গগৈৰ অভিযোগকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই৷ বিজেপিৰ ৰাজ্যিক সভাপতি স্পষ্ট কৰি দিছে যে, অখিল গগৈয়ে সামাজিক মাধ্যমত আপলোড কৰা স্ক্ৰীণশ্বট’সমূহ ৪ জানুৱাৰীৰ ভিডিঅ’ কনফাৰেন্সৰ ফটো৷ এই ভিডিঅ’ কনফাৰেন্সৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে তেওঁলোকৰ বিষয়ববীয়াসকলে৷ শইকীয়াই অখিল গগৈক কটাক্ষ কৰি কয় যে, অখিক গগৈয়ে দিয়া তথ্যৰ পাঁচ পইচাৰো দাম নাই৷ তেনে তথ্যৰ কোনো গুৰুত্ব নাই৷ অখিল গগৈ, লুৰীণজ্যোতি গগৈয়ে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ বিভিন্ন পৰিসংখ্যা দাঙি ধৰিছে৷ কিমান ভোটাৰ নাম কৰ্তন কৰিব লাগে তেওঁলোকক ঠিক কৰি ল’বলৈ আহ৩ান জনাইছে দিলীপ শইকীয়াই৷ ইফালে তেওঁ কয়, ‘এছআৰক লৈ আমি সন্তুষ্ট, কিন্তু লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ মিঞা প্ৰেম দেখি আমি অসন্তুষ্ট৷ আৰু এজন আছেই৷ তেওঁলোকে কেৱল মিঞাৰ নাম বাদ পৰাটো নিবিচাৰে লাগিলে খিলঞ্জীয়াৰ নাম বাদ পৰক৷ অখিল, লুৰীণৰ কাৰণে মিঞাৰ নাম কৰ্তন হ’ব নালাগে, প্ৰয়োজনত খিলঞ্জীয়াৰ নামেই কৰ্তন হওক৷ তোষামোদ আৰু মিঞা প্ৰেম বিজেপিৰ ৰ কাম নহয়৷’ তেওঁ কয় যে, ‘স্ক্ৰীণশ্বটতত দেখা হৰ্ষ নামৰ ডিমৌ সমষ্টিৰ বিএলএ ৰ বিনোদ কোঁৱৰ ওৰফে হৰ্ষ৷ অখিল গগৈৰ লগত তেওঁৰ সম্পৰ্ক ভাল হ’ব পাৰে৷ ৪ জানুৱাৰীত বিনোদ কোঁৱৰে ফেচবুকত দিয়া ফটোকে অখিল গগৈয়ে ৬ জানুৱাৰীত নিজৰ প্ৰফাইলত আপলোড কৰিছে৷ অখিল গগৈয়ে যিখন কাণেৰে শুনাৰ কথা কৈছে সেই একেটা কথা ভিচিত থকা ২০০ খন কাণেও শুনিছে৷ তেওঁলোকৰ পৰা মতামত লওক৷ বিৰোধী বৌদ্ধিক দীনতাত ভুগিছে৷ মীৰা বৰঠাকুৰে এইটো বিষয়ত চিবিআই তদন্ত বিচাৰি অপৰিপক্কতাৰ উদাহৰণ দিছে৷’ উল্লেখ্য যে, কালি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত বিজেপিয়ে হস্তক্ষেপ কৰাৰ অভিযোগৰ পাছতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ভিডিঅ’ কনফাৰেন্সৰ ফটো সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিছিল বিধায়ক অখিল গগৈয়ে৷ ইয়াৰ লগতে সেই ভিডিঅ’ কনফাৰেন্সৰ সম্পূৰ্ণ ভিডিঅ’ ৰাজহুৱা কৰাৰ বাবে প্ৰত্যাহ৩ান জনাইছিল বিধায়ক গগৈয়ে৷ সামাজিক মাধ্যমত তেওঁ লিখিছিল, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ভয়ংকৰ ভিডিঅ’ কনফাৰেন্সখনৰ ফটোবোৰ চাওক৷ এই ভিডিঅ’ কনফাৰেন্সখনতে দিলীপ শইকীয়াই ভোটাৰ তালিকাৰ এছআৰৰ সময়ত ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া বৈধ ভোটাৰৰ নাম কৰ্তনৰ ভয়ংকৰ অভিসন্ধিৰ কথাকৈ মুকলিকৈ স্বীকাৰ কৰিছিল আৰু কৰ্তনৰ বাবে ১২ জানুৱাৰীৰ ভিতৰত বুথভিত্তিক নাম তালিকা জমা দিবলৈ বিধায়ক, বিজেপিৰ জিলা আৰু মণ্ডল সভাপতিসকলক নিৰ্দেশ দিছিল৷’

