Breaking

২৬ মাৰ্চত নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰহালৈ আহিব অমৃত শ্বাহ : তদাৰকত ব্যস্ত মন্ত্ৰী পীয়ুষ হাজৰিকা

0 2,105

ৰহাত ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৰহা সমষ্টিত ইতিমধ্যে মিত্ৰজোঁট আৰু মহাজোঁটে ব্যাপক প্ৰচাৰ চলাই আছে যদিও প্ৰচাৰৰ ক্ষেত্ৰত আগবাঢ়ি আছে মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী বিষ্ণু দাস। ইতিমধ্যে ৰহালৈ মিত্ৰজোঁটৰ হাইপ্ৰফাইল নেতাৰ আগমন ঘটিবলৈ আৰম্ভ কৰিছে। যোৱা ১৮ মাৰ্চত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰহাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিচত অহা ২৬ মাৰ্চত ৰহালৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰৰ তদাৰক কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু ৰহাত মিত্ৰজোঁটৰ জয় নিশ্চিত বুলি কয়। মহাজোঁটৰ কোনো কাম নাই বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই মিত্ৰজোঁটলৈ হিলদল ভাঙি মানুহ আহিছে বুলি দাবী কৰে।

Leave A Reply