ওদালগুৰি জিলা নিৰ্বাচনী বিষয়াই ৬৪ নং পানেৰী, ৬৯ নং ওদালগুৰি (অঃসুঃজঃজাঃ) আৰু ৭০নং মাজবাট জিলাৰ তিনি বিধানসভা সমষ্টিৰ সাধাৰণ জনতা তথা ভোটাৰ সকলক আহ্বান জনাইছে যে, ভাৰতীয় নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষনা কৰাৰ লগতে নিৰ্বাচনী আচৰন বিধি ২৬ ফেব্ৰুৱাৰীৰ পৰা জাৰি কৰিছে। সেয়েহে জিলা নিৰ্বাচনী বিষয়াই সকলো সাধাৰন জনতাক আহ্বান জনাইছে যে সকলোৱে জিলা নিৰ্বাচন প্ৰস্তুতিত সম্পুৰ্ণ সহয়োগ কৰি প্ৰযোজ্য হৈ থকা নিয়ম আৰু বিধি মানি, নৈতিক ভোটদানৰ জৰিয়তে আগন্তক নিৰ্বাচন স্বচ্ছ আৰু নিকা ৰূপে পালন কৰাত সহায় কৰিবলৈ আহ্বান জনায়। অবৈধ টকা-পইচা, সুৰা ইত্যাদিত দৃষ্টি দিবলৈ ফ্লাইং স্কোৱাদ আৰু ষ্টাটিক চাৰভাইবেল টীম ইতিমধ্যে জিলাখনত সক্ৰিয় হৈছে । সেয়েহে নাগৰিক সকলক যথাবিহিত তথ্য নথকাকৈ লগত অত্যাধিক নগদ ধন লৈ নুফুৰিবলৈ আহ্বান জনোৱা হল। যান-বাহন সমূহত নিয়মীয়া পৰিদৰ্শন কৰি থকা হৈছে, যদিহে পৰিদৰ্শনত এখন গাড়ীত ৫০,০০০ টকাতকৈ অধিক টকা তথা বেনাৰ, নিৰ্বাচনী সামগ্ৰী, ড্ৰাগছ, সুৰা, মাৰানস্ত্ৰ আৰু ১০,০০০ টকাতকৈ অধিক মূল্যৰ উপহাৰ সামগ্ৰী লৈ ভোটাৰক প্ৰলোভন তথা আন অবৈধ কামৰ বাবে ব্যবহাৰ কৰিব পৰাৰ সম্ভাৱনা থকা সকলো বস্তু কোনো প্ৰতিনিধি, তেওঁৰ এজেন্ট, ৰাজনৈতিক দলৰ কৰ্মী ইত্যাদিৰ বাহনত পালে জব্দ কৰা হব। কোনো ব্যক্তিয়ে প্ৰলোভনেৰে ভোটাৰক বিপথে পৰিচালিত কৰিব পৰা কাৰ্য্য ভাৰতীয় দণ্ডবিধি আইনৰ অনুচ্ছেদ ১৯৩-বি ৰ মতে কাৰাদণ্ড, জৰিমনা তথা দুয়োৰে দণ্ডিত হব । ভোটাৰক উৎকোছ দিয়া আৰু গ্ৰহন কৰাৰ বিৰূদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰু ভোটাৰক ভয় খুৱাবলৈ বিচৰাৰ বিৰূদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ফ্লাইং স্কুৱাড। গঠন কৰা হৈছে। সেয়েহে জনসাধাৰনক আহ্বান জনোৱা হয় যে উৎকোচ লোৱা আৰু দিয়া কাৰ্য্যৰ পৰা বিৰত থকাৰ লগতে নিৰ্বাচন সংক্ৰান্তীয় সকলো অভিযোগ যি ভোটাৰক বিপথে পৰিচালিত কৰিব পাৰে তাৰ বাবে গোচৰ ০৩৭১১-১৯৫০ ত দিব পাৰিব বুলি উল্লেখ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…
- মহাৰাষ্ট্ৰ কংগ্ৰেছে নিদিলে এজনো মুছলমান প্ৰাৰ্থী, দলৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ…
- লোকসভা নিৰ্বাচনত পূৰ্বৰ তুলনাত কমিল ভোটদানৰ হাৰ, বিভিন্ন ঠাইত ভোট বৰ্জনৰ ঘটনা…
- বিশ্বত প্ৰথমবাৰৰ বাবে ছালৰ কৰ্কট ৰোগৰ ভেকছিনৰ সফল পৰীক্ষণ সম্পন্ন…
- ২৬/১১ মুম্বাই কাণ্ডৰ প্ৰধান অভিযুক্ত আজমল কাছাবক ফাঁচীকাঠত ওলোমোৱা আইনজীৱী উজ্জ্বল নিকামে লাভ কৰিলে বিজেপিৰ টিকট
- কংগ্ৰেছৰ এই যুঁজ দেশক ৰক্ষা কৰা আৰু দেশৰ সংবিধানক ৰক্ষা কৰাৰ যুঁজঃ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে
- কৰ্ণাটকত কংগ্ৰেছৰ ক্ষতি কৰিছে ডি কে শিৱকুমাৰ বা সিদ্ধাৰামাইয়াইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
- ইউৰোপীয় ইউনিয়নৰ খাদ্য সুৰক্ষা কৰ্তৃপক্ষৰ ভয়ংকৰ তথ্য! ভাৰতৰ ৫২৭ বিধ খাদ্যত পোৱা গৈছে কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ…
- অভিনেতা চুনু ছুদৰ হোৱাটছএপ একাউণ্ট ব্লক! ৩৬ ঘণ্টাৰো অধিক সময় হোৱাটছএপ বন্ধ হৈ থকাত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেতাগৰাকীৰ…