ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ৯৩ ন বোকাখাত বিধান সভা সমষ্টিত ১৮৫ টা ভোটগ্ৰহন কেন্দ্ৰত ১৪৪৩৬৩ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব ১১ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য।কংগ্ৰেছ নেতৃত্বাধীন মহাজোটৰ প্ৰাৰ্থী যুৱ নেতা প্ৰণৱ দলে,অসম গণপৰিষদৰ বিজেপি, গণশক্তি মিত্ৰ জোটৰ প্ৰাৰ্থী তথা কৃষি মন্ত্ৰী অতুল বৰা, ৰাইজৰ দলৰ প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰা,জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰেৱকান্ত গগৈ, বোকাখাত নিৰ্মাণ গোটৰ সভাপতি তথা প্ৰাক্তন নিৰ্দলীয় বিধায়ক জীতেন গগৈ, আপৰ প্ৰাৰ্থী বিজয় কুটুম , নিৰ্দলীয় প্ৰাৰ্থী দুলাল বৰা, এন , চিপিৰ প্ৰাৰ্থী মৃদুল শইকীয়া , নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত দলৈ,সুমন তাতী , দীনেশ কৰ্মকাৰে। উল্লেখাযােগ্য যে, ৯৩নং-বােকাখাত বিধানসভা সমষ্টিত মুঠ ১৮৫ টা ভােট গ্রহণ কেন্দ্ৰত নিবার্চন অনুষ্ঠিত হব। ইয়াৰে ৮ টা ভােট গ্রহণ কেন্দ্র নগৰাঞ্চলত আৰু ১৭৭ টা গ্রামাঞ্চলত অৱস্থিত। ৩১ টা সহায়ক ভােটগ্রহণ কেন্দ্রও স্থাপন কৰা হৈছে। সমষ্টিটোত ১০ টা ভােটদানকেন্দ্রক জটিল ভােটগ্রহণ কেন্দ্র বুলি চিনাক্ত কৰা হৈছে। বােকাখাত বিধানসভা সমষ্টিত মুঠ ভােটাৰৰ সংখ্যা হৈছে ১৪৪৩৬৩ গৰাকী ইয়াৰে পূৰুষ ভােটাৰৰ সংখ্যা হৈছে ৭৩৭৯৪ আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ৭৩৬৮৬ গৰাকী । ১৮ ৰ পৰা ১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা হৈছে ১৮৯৭ । ৮০ বছৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা হৈছে ১৩৫৬। বিশেষভাবে সক্ষম ভোটাৰৰ সংখ্যা হৈছে মুঠ ৯৪২ গৰাকী ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 8৫৬ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪৮৬। বােকাখাত বিধানসভা সমষ্টিত মুঠ ডি ভােটাৰৰ সংখ্যা হৈছে ২১২ জন। আনহাতে মুঠ চাৰ্ভিচ ভােটাৰ আছে ৩৫৩ জন। আগন্তুক বিধানসভা নির্বাচনৰ বাবে ৯৩ নং বােকাখাত বিধানসভা সমষ্টিটো ৬ টা জ’ন আৰু ১৭ টা চেক্টৰত বিভক্ত কৰি জ’নেল আৰু চেক্টৰ বিষয়াসকলক নিযুক্তি দিয়া হৈছে। ভােটদান পক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ২৫৯ গৰাকী প্রিজাইডিং বিষয়া আৰু ৭৭৭ গৰাকী পুলিং বিষয়া নিযুক্তি দিয়া হৈছে। এইবাৰ ৯৩ নং বোকাখাত বিধান সভা সমষ্টিত ১১ গৰাকীকৈ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে যদিও তিনি গৰাকী প্ৰাৰ্থীৰ মাজতে ভোটাৰ ৰাইজৰ দৃষ্টি থাকিব। কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী প্ৰণৱ দলে,,নিৰ্দলীয় বিধায়ক জীতেন গগৈ আৰু অসম গণপৰিষদৰ সভাপতি তথা মিত্ৰ জোটৰ প্ৰাৰ্থী অতুল বৰাৰ মাজতেই মূল যুজঁ খন হব বুলি অনুমান কৰিব পাৰি। এই বাৰ কংগ্ৰেছৰ নিজা প্ৰাৰ্থী নাই যদিও আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী প্ৰণৱ দলেক কংগ্ৰেছ নেতৃত্বাধীন মহাজোটে সমৰ্থন আগবঢ়াইছে ।গাৱে গাৱে গৈ ঘৰে ঘৰে তামোল পান লৈ ভোট ভিক্ষা কৰি সাধাৰণ ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হৈছে প্ৰণৱ দলে । অন্য হাতে সমষ্টিটোত যদিও বোকাখাতত বহু কংগ্ৰেছ কৰ্মীৰ প্ৰণৱ দলেৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ নাই তথাপিও শেষতীয়াকৈ বহু কংগ্ৰেছ কৰ্মীৰে প্ৰণৱ দলেৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে।সমষ্টিটোত মিত্ৰ জোটৰ প্ৰাৰ্থী অতুল বৰাৰ সৱল স্থিতি যদিও নিৰ্দলীয় প্ৰাৰ্থী জীতেন গগৈ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰাই ভালকৈয়ে আউল লগোৱাৰ সম্ভাৱনা আছে অতুল বৰাক। বোকাখাত বিধান সভা সমষ্টিৰ মহুৰা মৌজাৰ উত্তৰ মহুৰা, দিচৈ, গুলুংটেমেৰা আৰু দুসূতিমুখ গাওঁ পঞ্চায়তৰ মিচিং সম্প্ৰদায় ভোটাৰ আৰু নুমলীগড় , বিহৰা , বোকাখাত , বৰজুৰি , কাজিৰঙাত চাহ জনগোষ্ঠিৰ ভোটাৰে নিৰ্ণয় কৰিব বোকাখাতৰ ১১ জন প্ৰাৰ্থীৰ ভাগ্য ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…
- “খনিকৰ পুথি”ৰ বিষয়ে জানক…
- নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…
- Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…
- বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে কোকৰাঝাৰখন পিছ পৰি ৰৈছেঃ মন্ত্ৰী পীয়ূষ হাজৰীকা…