শেহতীয়াকৈ (Pijush Hazarika) ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ ‘এ আই ইউ ডি এফ অসমৰ কিংমেকাৰ’ বিষয়ক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই।
আজি কলিয়াবৰত আমিনুল ইছলামৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় – অসমত কিংমেকাৰ হ’ব নোৱাৰে এ আই ইউ ডি এফ। তেওঁলোক যদি কিংমেকাৰ হ’বলগীয়া হয়, বাংলাদেশলৈ যাব লাগিব। বাংলাদেশৰে যিহেতু মানুহ, বাংলাদেশলৈ ঘূৰি গ’লে অত্যন্ত সুখী হ’ম।
তাতে তেওঁলোক কিং হওক, কিংমেকাৰ কিয় হ’ব লাগে? ইয়াত কিংমেকাৰহে হ’ব খুজিছে, বাংলাদেশতো তেওঁলোক কিং হ’ব। কিং হোৱা মানুহে কিংমেকাৰ হ’ব বিচাৰে নেকি? মন্ত্ৰীগৰাকীয়ে এ আই ইউ ডি এফৰ বিতৰ্কাত বিধায়কগৰাকীৰ এই মন্তব্যক নৎসাত কৰি আৰু কয় – অসমৰ মানুহে এ আই ইউ চি এফক কেতিয়াও কিং ডেকাৰ হ’লে নিদিয়ে। এনে আগতেও হ’বলৈ দিয়া নাই, আগলৈও নিদিয়ে।

