অসমৰ অন্যতম (Bagurumba) প্ৰাচীন জনগোষ্ঠী বড়ো সম্প্রদায়ৰ এক জনপ্ৰিয় লোক নৃত্য হৈছে বাগুৰুমবা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১৭ জানুৱাৰীৰ সন্ধিয়া মহানগৰীৰ সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত প্ৰায়১০হেজাৰ বড়ো জনগোষ্ঠীয় শিল্পীয়ে খাম, ছেৰজা, ছিফুং, জথা আৰু জাপশ্ৰিঙৰ তালে তালে এক অপৰূপ দৃষ্টিনন্দন শৈলীৰে বাগৰুমবা নৃত্য উপস্হাপন কৰিব।
বৃহস্পতিবাৰে গুৱাহাটীৰ সৰু সজাই ক্ৰীড়া প্ৰকল্পত এক সংবাদ মেলক সম্বোধন কৰি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই প্ৰকাশ কৰে যে ৰাজ্যৰ বৈচিত্ৰপূৰ্ণ সাংস্কৃতিক বৈভৱ সমূহক বিশ্ব মঞ্চত উদ্ভাসিত কৰি তোলাৰ বাবেই বিগত কেই বছৰমানৰ পৰা কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই পদক্ষেপৰ অংশ হিচাপে ইতিমধ্যে বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠান সফল ভাৱে আয়োজিত হোৱা বুলি মন্ত্ৰী বড়াই উল্লেখ কৰি কয় যে এই অনুষ্ঠান সমূহে আমাৰ সাংস্কৃতিক সম্পদ সমূহ বিশ্বৰ সমুখত তুলি ধৰাৰ লগতে আমাৰ মাজৰ সাতামপুৰুষীয়া ভাতৃত্ববোধ আৰু সমন্বয়ৰ এনাজৰীডালো কটকটীয়া কৰে।
এই অনুষ্ঠানৰ সফল ৰূপায়ণে বাগুৰুমবা নাচত ব্যৱহৃত বাদ্য- খাম, চেৰজা, চিফৌং,জথা ,জাপশ্ৰীংআদিৰ লগতে বড়ো চিখলা সকলে পৰিধান কৰা দখোনা, ৰেগেৰেগাং জোমগ্ৰা, আৰণাই, গছলা, চন্দ্ৰহালা মালা, ফুলকুৰি খেৰা, আসাম গথা আদি সাজ পাৰ আৰু আ -অলংকাৰ আদিয়েই দেশ-বিদেশৰ লোকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰি মন্ত্ৰী বড়াই সংবাদ মেলত প্ৰকাশ কৰি ই পৰ্যটনৰ বিকাশতো ইতিবাচক প্ৰভাৱ পেলাব বুলিও কয়।
উল্লেখ্য যে বড়ো সমাজৰ দুলাৰাই বড়ো হাৰিমু আফাদ,বড়ো সাহিত্য সভা,দুলাৰাই বাথৌ গৌথুমকে ধৰি কেবাটাও সংগঠনৰ সহযোগত ২৫ গৰাকী বিশেষজ্ঞই যুগুটাই দিয়া পৰামৰ্শৰ ভিত্তিত গুৱাহাটীৰ শিল্পগ্ৰামত ৪,৫আৰু ৬ জানুৱাৰীত প্ৰায় চাৰিশ ওজা প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। এই প্ৰশিক্ষক সকলে ৰাজ্যৰ ২৩খন জিলাৰ ৮১টা সমষ্টিত ৮ৰপৰা ১০ জানুৱাৰীলৈ প্ৰায় ১০হেজাৰ শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰে। শিল্পী সকলক বিভিন্ন জিলাৰ পৰা ১১
জানুৱাৰীত গুৱাহাটীলৈ অনা হয় আৰু ১২জানুৱাৰীৰ পৰা সৰু সজাইত আখৰা অনুষ্ঠিত হয়।
দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন হ’ব লগা এই ঐতিহাসিক অনুষ্ঠানে বড়ো জনগোষ্ঠীৰ এই বৰ্ণাঢ্য সাংস্কৃতিক বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিব বুলিও মন্ত্ৰী বড়াই সংবাদমেলত প্ৰকাশ কৰে। কাইলৈ চূড়ান্ত আখৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলিও মন্ত্ৰী বড়াই প্ৰকাশ কৰে। এই বাগুৰুমবা দহৌৰ প্ৰতি ৰাইজৰ আগ্ৰহৰ পৰিপ্ৰেক্ষিতত কাইলৈ চূড়ান্ত আখৰাৰ ব্যৱস্হা কৰা হৈছে বুলি উল্লেখ কৰি সাংস্কৃতিক মন্ত্রী বড়াই ইতিমধ্যে প্ৰায় ১৪ হেজাৰ প্ৰৱেশ পত্ৰ বিতৰণ কৰা হৈছে বুলিও ব্যক্ত কৰে। ১৭ জানুৱাৰীৰ দিনা দৰ্শকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মূল ষ্টেডিয়ামৰ বাহিৰত এল ই ডি স্ক্ৰিণৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে।

