‘কা’ৰ নিচিনা ভয়ংকৰ আইন জাপি দি খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট নমাই আনিছে বিজেপিয়ে। গতিকে বিজেপিৰ বিৰুদ্ধে ৰাইজে এইবাৰ মাৰবান্ধি থিয় হোৱাৰ বাবে একত্ৰিত হৈছে। আজি বাক্সা জিলাৰ সদৰ মুছলপুৰত বিপিএফৰ উদ্যোগত উলিওৱা এক মহিলা পদযাত্ৰাত অংশগ্ৰহণ কৰি ৬৩ নং চাপাগুৰি সমষ্টিৰ দলীয় প্ৰাৰ্থী হিতেশ বসুমতাৰীয়ে এইদৰে কয়। তেখেতে কয় যে, কংগ্ৰেছ, বিপিএফ, এআইইউডিএফ, চিপিআই, চিপিআই(এম এল), চিপিআই(এম)ৰ মহাজোঁটে ঐক্যবদ্ধ হোৱাৰ বাবে আমি এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব পাৰিম। ইতিমধ্যে চাপাগুৰি সমষ্টিটোৰ সকলো ধৰ্মালম্বী লোকে নিজকে বিজেপিৰ দৰে অপশক্তিৰ পৰা ৰক্ষা পৰাৰ বাবে একত্ৰিত হৈছে। সেয়েহে সমষ্টিটোৰ ভোটাৰ ৰাইজে একত্ৰিত হৈ বিপিএফ দলক ভোট প্ৰদান কৰাৰ বাবে সাজু হোৱা বুলি মন্তব্য কৰে। সমষ্টিটোৰ ভোটাৰ ৰাইজক এইবাৰৰ নিৰ্বাচনত শান্তি-সম্প্ৰীতি অক্ষু্ণ্ণ ৰক্ষাৰ স্বাৰ্থত বিপিএফক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। আজি এই মহিলা পদযাত্ৰাত প্ৰায় তিনি শতাধিক মহিলাই পদযাত্ৰা কৰি সমষ্টিটোৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…