নলবাৰী জিলাত (Gaurav Gogoi) কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলাখনৰ মুকালমুৱা ৰাজহুৱা পেক্ষাগৃহত উপস্থিত হৈ এখন দলীয় সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাত বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ। বৰক্ষেত্ৰী আৰু বৰভাগ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সহযোগত বুথ আৰু বি.এল.এ. সন্মিলন অনুষ্ঠিত কৰে।
আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি অনুষ্ঠিত কৰা সাংগঠনিক সভাখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ লগতে নেতা কৰ্মী সকলে বিপুল আদৰণি জনায়। ইয়াৰ পাছতে স্থানীয় বিধায়ক দিগন্ত বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাখনত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কোৱা অচিনাকি লোক সন্দৰ্ভত কয় যে চৰ অঞ্চলৰ ডাঙৰ নেতাজন যদি মুখ্যমন্ত্ৰী,মন্ত্ৰীৰ বাবে চিনাকি মানুহ, তেন্তে চৰাঞ্চলৰ সাধাৰণ মানুহজনো গৌৰৱ গগৈৰ বাবে চিনাকি মানুহ হব পাৰে। আজিৰ সভাত ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে এইবাৰ বৰক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ দলৰ জয় নিশ্চিত হ’ব বুলি ভাষণৰ আৰম্ভণিতে উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে এসময়ত কংগ্ৰেছ দলত কেলেংকাৰী কৰা মূল মানুহজন আছিল হিমন্ত বিশ্ব শৰ্মা। এতিয়া বিজেপি দলত আহি কেবল নিজৰ পৰিয়ালৰ উন্নয়ন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সেয়েহে এতিয়া ৰাইজক এজনৰ অসম নালাগে,আমাৰ অসম লাগে বুলি মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ।
এইবাৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ওফৰাই অসমৰ ৰাইজে অসমত শান্তি, সম্প্ৰতি পুনৰাই ঘুৰাই আনিব বুলি কয় গৌৰৱ গগৈয়ে। ঠায়ে ঠায়ে মেডিকেল কলেজ খুলি বিলিং বনাইছে কিন্তু সুবিধা নাই, বিশুদ্ধ খোৱা পানী যোগানৰ বাবে পানীৰ পাইপ বহুৱাইছে কিন্তু পানী নাই, অসমত দিনকদিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত, অপৰাধজনিত ঘটনা কিন্তু চৰকাৰে এইবোৰ নিৰ্মূল কৰাত ব্যৰ্থ হৈছে। ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয় আমি কংগ্ৰেছ দলে ৰাইজৰ মাজত সোমাইছো আৰু সকলোৱে কংগ্ৰেছ দলক আকোৱালি লৈছে।
এইবাৰ নিৰ্বাচনত চৰকাৰ সলনি হব, মুখ্যমন্ত্ৰী সলনি হব বুলি উদাত্ত ভাষণ প্ৰদান কৰে। আনহাতে, বৰক্ষেত্ৰী সমষ্টিত ভোটাৰ তালিকা বিশেষ সংশোধনী প্ৰক্ৰিয়াত শুনানিত হাজিৰ হোৱাৰ বাবে ১৭৫০০ লোকলৈ জাননী প্ৰেৰণ কৰা সন্দৰ্ভত কয় যে বিজেপিয়ে অসমৰ ভোটাৰক ভৰষা নকৰি বহি:ৰাজ্যৰ মানুহক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা আৰু একাংশ ভোটাৰৰ নাম কৰ্তন কৰি নিৰ্বাচন জয়ী হোৱাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। ৰেজাউল কৰিম চৰকাৰে দেবব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈক মুখ্যমন্ত্ৰীৰ এজেন্ট আখ্যা দিয়া সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় কংগ্ৰেছ দলে একমাত্ৰ দল যি দলে সকলোকে একত্ৰিত কৰি বিজেপি দলক বিদায় দিব পাৰে।
আগন্তুক ২৬ ৰ বিধানসভা নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিৰ লগতে সমগ্ৰ অসমতে কংগ্ৰেছ দলৰ ফলফল ভাল হব বুলি মন্তব্য প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। স্থানীয় বিধায়ক দিগন্ত বৰ্মনে সভাৰ সামৰণি ভাষণ ৰাখি সকলোকে দলীয় দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় আৰু বৰক্ষেত্ৰীত কংগ্ৰেছে দলৰ জয় নিশ্চিত বুলি উল্লেখ কৰি কংগ্ৰেছ কৰ্মী সকলক উৎসাহিত কৰে। সাংগঠনিক সভাখনত অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি জয়ন্ত কলিতা, ৰাজ্যিক সাধাৰণ সম্পাদক আনোৱাৰ আহমেদ, ৰাজ্যিক সম্পাদক তথা নলবাৰী জিলা কংগ্ৰেছৰ তত্বাৱধায়ক অৰুণ তিয়াৰী, ৰাজ্যিক মুখপত্ৰ ৰাতুল কলিতা,ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰাণজিৎ দাস,বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ, বৰভাগ ব্লক কংগ্ৰেছৰ সভাপতি তথা জিলা কংগ্ৰেছৰ বিষয়ৱবীয়া, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আইৰ বিষয়ৱবীয়া সকলৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সকল উপস্থিত থাকে।

