মহানগৰীত লোমহৰ্ষক ডকাইতি কাণ্ড, চিনেমাৰ কায়দাৰে অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ ।Guwahati

Guwahati । গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক শিহৰণকাৰী ডকাইতি কাণ্ড। ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গণেশপাৰাৰ ‘স্নেহাশ্ৰয়’ নামৰ এটা অট্টালিকাত ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত নিশাৰ ভাগত চিনেমাৰ কায়দাৰে ডকাইতি সংঘটিত হয়। এই ঘটনাই সমগ্ৰ মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসাৰে, এখন বগা ৰঙৰ ‘চুইফট ডিজায়াৰ’ বাহনত আহি চাৰিজনীয়া মুখমণ্ডলত ক’লা কাপোৰ পৰিহিত ডকাইতৰ এটা দলে বাসগৃহত প্ৰৱেশ কৰে। ঘটনাৰ সময়ত ব্যৱসায়ী অনিল ডেকা বিদেশত অধ্যয়নৰত কন্যাক থ’বলৈ বিমানবন্দৰলৈ গৈছিল। সেই সময়ত ঘৰত কেৱল তেওঁৰ পত্নী কৰবী ডেকা আৰু গাড়ী চালকজন উপস্থিত আছিল।

ডকাইতৰ দলটোৱে প্ৰায় ৪০ মিনিট ধৰি ঘৰটোৰ ভিতৰত সন্ত্ৰাস চলায়। পিষ্টল আৰু চোকা অস্ত্ৰৰে ডকাইতকেইজনে কৰবী ডেকা আৰু চালকজনক ভয়ানকভাৱে আক্ৰমণ কৰে। আনকি কৰবী ডেকাৰ মুখত পিষ্টল সুমুৱাই প্ৰাণে মৰাৰ ভাবুকি দি আলমাৰিৰ চাবি কাঢ়ি লোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতে ডকাইতৰ দলটোৱে ঘৰত থকা নগদ ধন, সোণৰ অলংকাৰসহ বিভিন্ন মূল্যবান সামগ্ৰী লুটি লৈ যায়। এই সমগ্ৰ লোমহৰ্ষক ঘটনা বাসগৃহটোত স্থাপন কৰা চিচিটিভি (CCTV) কেমেৰাত বন্দী হৈছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ফটাশিল আমবাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। চিচিটিভি ফুটেজৰ আধাৰত ডকাইতৰ দলটোৰ সন্ধান চলোৱা হৈছে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে।

জনবসতিপূৰ্ণ এলেকাত সংঘটিত এই দুঃসাহসিক ডকাইতি কাণ্ডই মহানগৰবাসীক গভীৰভাৱে শংকিত কৰি তুলিছে। আৰক্ষীয়ে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিছে।

Related Articles