Nitin Nabin । ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰি সোমবাৰে নীতিন নবীনক দলটোৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। মাত্ৰ ৪৫ বছৰ বয়সতে দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ শীৰ্ষ সাংগঠনিক পদত অধিষ্ঠিত হোৱা নবীনেই বিজেপিৰ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰীয় সভাপতি হিচাপে পৰিগণিত হৈছে। বিধায়ক পদৰ পৰা ৰাষ্ট্ৰীয় নেতৃত্বলৈ তেওঁৰ এই উত্থান ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
নবীনৰ সভাপতি হিচাপে প্ৰথম বছৰটোতেই একাধিক নিৰ্বাচনী প্ৰত্যাহ্বান অপেক্ষা কৰি আছে। পশ্চিম বংগ, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু অসমৰ দৰে ৰাজ্যসমূহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে অসমৰ বাহিৰে এই ৰাজ্যসমূহত বিজেপিয়ে এতিয়ালৈকে নিজাববীয়াকৈ ক্ষমতা দখল কৰিব পৰা নাই। পশ্চিম বংগ আৰু তামিলনাডুত আগৰ নিৰ্বাচনতকৈ উন্নত প্ৰদৰ্শন কৰাৰ লক্ষ্য লৈ ইতিমধ্যে দলটোৱে কৌশল সাজিছে।
ৰাষ্ট্ৰীয় সভাপতি হিচাপে আনুষ্ঠানিক ঘোষণা প্ৰক্ৰিয়া মঙলবাৰে দিনৰ ১১:৩০ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংসহ দলৰ একাধিক জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিব। ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদী বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈছে।
বৰ্তমান দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব পালন কৰি থকা নীতিন নবীনে বিনা প্ৰতিদ্বন্দ্বিতাৰে এই শীৰ্ষ পদত নিৰ্বাচিত হয়। কালি বিয়লি ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত অনুষ্ঠিত হোৱা মনোনয়ন প্ৰক্ৰিয়াত তেওঁৰ পক্ষত মুঠ ৩৭ খন মনোনয়ন পত্ৰ দাখিল কৰা হয়। প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ আৰু ৰাজনাথ সিঙকে ধৰি কেইবাজনো শীৰ্ষ নেতা তেওঁৰ মূল প্ৰস্তাৱক আছিল।

নতুন সভাপতিগৰাকীয়ে দলীয় কৰ্মীসকলক কেৱল হ্ৰস্বম্যাদী নিৰ্বাচনী লাভত সীমাবদ্ধ নথাকি “পঞ্চায়তৰ পৰা সংসদলৈকে” বিজেপিৰ সংগঠন শক্তিশালী কৰাৰ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী মোদীৰ “বিকশিত ভাৰত” দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি তেওঁ কয় যে বিজেপিৰ লক্ষ্য কেৱল নিৰ্বাচনী জয় নহয়, বৰঞ্চ জনসাধাৰণৰ দৈনন্দিন সমস্যাৰ সৈতে গভীৰভাৱে জড়িত হৈ থাকিবলৈ সক্ষম হোৱা। অসমৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি নবীনে কয় যে বিজেপি নেতাসকলে কেৱল নিৰ্বাচনৰ সময়তে নহয়, সদায়ে তৃণমূল পৰ্যায়ৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব।
দীৰ্ঘদিন ধৰি কেন্দ্ৰত ক্ষমতাত থকা দল হিচাপে বিজেপিক সংগঠনৰ দিশত অধিক শক্তিশালী কৰি তোলা আৰু তৃণমূল ভিত্তি অক্ষুণ্ণ ৰখাটো নবীনৰ অন্যতম ডাঙৰ প্ৰত্যাহ্বান হ’ব। একে সময়তে অমিত শ্বাহ আৰু জে পি নাড্ডাই গঢ়ি তোলা সংগঠনিক সফলতাৰ ধাৰাবাহিকতা বজাই ৰখাও তেওঁৰ বাবে সহজ নহ’ব। দুয়ো নেতাই দলটোক নতুন উচ্চতালৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
নীতিন নবীনে ৰাজনীতিত প্ৰৱেশ কৰে ২০০৬ চনত, পিতৃ তথা বিজেপিৰ জ্যেষ্ঠ নেতা নবীন কিশোৰ প্ৰসাদ সিনহাৰ মৃত্যুৰ পিছত। পাটনা পশ্চিম সমষ্টিৰ উপ-নিৰ্বাচনত জয়ী হৈ আৰম্ভ কৰা তেওঁৰ যাত্ৰা ২০১০ চনৰ পৰা বাংকিপুৰ সমষ্টিত একেৰাহে চাৰিবাৰ বিধায়ক হিচাপে বিজয় লাভৰ জৰিয়তে শক্তিশালী হৈছে। বিহাৰৰ নীতিশ কুমাৰ চৰকাৰত তেওঁ পথ নিৰ্মাণ, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু আইন-ন্যায়কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছে। ইয়াৰ উপৰিও ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিহাৰ সভাপতি আৰু আন ৰাজ্যত সাংগঠনিক দায়িত্ব চম্ভালি তেওঁ এজন উদীয়মান ৰাষ্ট্ৰীয় নেতাৰূপে নিজৰ পৰিচয় গঢ়ি তুলিছে।
এতিয়া দলৰ শীৰ্ষ পদত অধিষ্ঠিত নবীনৰ সন্মুখত আছে বহু প্ৰত্যাহ্বান—নিৰ্বাচনী যুদ্ধ, সংগঠনৰ পুনৰ শক্তিশালীকৰণ আৰু পূৰ্বসূৰীসকলৰ সফলতাৰ ধাৰা অক্ষুণ্ণ ৰখা। এইবোৰ মোকাবিলা কৰিবলৈ তেওঁ কেনে কৌশল গ্ৰহণ কৰে, সেয়াই হ’ব আগন্তুক দিনৰ ৰাজনৈতিক আলোচনাৰ মূল বিষয়।

