Google: সাৱধান! এই ৬টা বস্তু গুগলত চাৰ্চ কৰিলে জেললৈ যাব লাগিব আপুনি

বৰ্তমান (Google) সময়ত প্ৰযুক্তি আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। গুগল, ছ’চিয়েল মিডিয়া, এআই অবিহনে দিনটো যেন অসম্পূৰ্ণ। কিন্তু বেছিভাগ মানুহেই গম নাপায় যে ইণ্টাৰনেটত কৰা প্ৰতিটো চাৰ্চ ৰেকৰ্ড কৰা হয়। আপোনাৰ অনলাইন কাৰ্য্যকলাপ নিৰীক্ষণ কৰিব পাৰি, বিশেষকৈ যদি আপুনি অবৈধ বা স্পৰ্শকাতৰ বিষয় চাৰ্চ কৰে।

ভাৰতৰ আইন, যেনে আই টি আইন, ভাৰতীয় দণ্ডবিধি আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA) অনলাইন কাৰ্যকলাপৰ ক্ষেত্ৰত অতি কঠোৰ। এই আইনসমূহে কৰ্তৃপক্ষক সন্দেহজনক অনলাইন আচৰণৰ তদন্তৰ ক্ষমতা প্ৰদান কৰে।

গুগলত কি কি বিষয়ত চাৰ্চ কৰিব নালাগে জানি লওক-

যদি কোনোবাই সন্ত্ৰাসবাদী সংগঠন, তেওঁলোকৰ মতাদৰ্শ, নিযুক্তি প্ৰক্ৰিয়া বা অপপ্ৰচাৰ সামগ্ৰীৰ সৈতে জড়িত তথ্য সন্ধান কৰে, তেন্তে সেয়া অতি গুৰুতৰ বিষয় হ’ব পাৰে। এনে বিষয়বস্তু দেখা বা সন্ধান কৰিলে তৎক্ষণাত সুৰক্ষা সংস্থাসমূহক সতৰ্ক কৰি দিয়া হয়। ভাৰতত এনে কাৰ্যকলাপ অবৈধ বুলি গণ্য কৰা হয়।

শিশু যৌন নিৰ্যাতন, আপত্তিজনক ছবি, ভিডিঅ’ বা এনেধৰণৰ আন যিকোনো বিষয়বস্তু বিচাৰি উলিওৱাটো ভাৰতৰ অন্যতম গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হয়।

ফোন হেকিং, বেংক একাউণ্ট হেক, ইউপিআই বা অ’টিপি জালিয়াতিৰ দৰে বিষয় বিচাৰিলেও আপুনি বিপদত পৰিব পাৰে। ই কেৱল তথ্য সংগ্ৰহৰ দৰে যেন লাগিলেও চাইবাৰ কোষে ইয়াক অপৰাধমূলক উদ্দেশ্য হিচাপে ল’ব পাৰে। ভাৰতত অনলাইন জালিয়াতি বৃদ্ধি পোৱাৰ বাবে এনে অনুসন্ধানৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিৰীক্ষণ কৰা হয়।

ঘৰতে বনোৱা বোমা নিৰ্মাণ, অবৈধ অস্ত্ৰ, অস্ত্ৰ পৰিৱৰ্তন বা থ্ৰীডি প্ৰিণ্টেড বন্দুকৰ দৰে বস্তু বিচাৰি উলিওৱাটো অত্যন্ত বিপজ্জনক। কেৱল কৌতুহল হ’লেও কৰ্তৃপক্ষই প্ৰায়ে এনে ক্ষেত্ৰত কোনো ধৰণৰ চান্স লোৱা নাই।

ড্ৰাগছ প্ৰস্তুত বা বিক্ৰী, অবৈধ ডাৰ্ক ৱেব বজাৰ বা গোপন লেনদেনৰ সৈতে জড়িত সঁজুলিৰ বিষয়ে তথ্য বিচাৰি উলিওৱাটো এটা গুৰুতৰ অপৰাধ। নিচাযুক্ত দ্ৰব্য আৰু চাইবাৰ আইন প্ৰয়োগকাৰী সংস্থাই যৌথভাৱে এনে গোচৰসমূহ নিৰীক্ষণ কৰে।

আধাৰ কাৰ্ড, পেন কাৰ্ড, পাছপ’ৰ্ট আদি চৰকাৰী নথি-পত্ৰ কপি বা সম্পাদনা কৰা সম্পৰ্কীয় তথ্য বিচাৰি উলিওৱাটোও অপৰাধ।

এইসমূহ বিষয় ভুলতেও গুগলত চাৰ্চ নকৰিব।

Related Articles