গৱেষক আৰু সদ্য স্নাতক ছাত্ৰ-ছাত্ৰীলৈ সুখবৰঃ ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি’ ঘোষণা


অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলৰ আৰ্থিক সহায়ৰ উদ্দেশ্যে অসম চৰকাৰে ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি’ ঘোষণা কৰিছে। অহা ১১ ফেব্ৰুৱাৰীত এই আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজা সামাজিক মাধ্যমযোগে সদৰী কৰিছে।

এই অভিলাষী আঁচনিৰ অধীনত ৰাজ্যৰ গৱেষণা কার্যত জড়িত ছাত্ৰ-ছাত্ৰীসকলক প্ৰতি মাহে ২৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। তদুপৰি দিব্যাংগ গৱেষকসকলে এই আঁচনিখনৰ জৰিয়তে প্ৰতি মাহে ৪০,০০০ টকাৰ আৰ্থিক সহায় লাভ কৰিব। এই ব্যৱস্থাই উচ্চতৰ গৱেষণাত নিয়োজিত মেধাসম্পন্ন যুৱক-যুৱতীসকলক ডাঙৰ সকাহ দিব বুলি আশা কৰা হৈছে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পোষ্টত লিখে, “গৱেষণা কৰি থকা মৰমৰ শিক্ষাৰ্থীসকল— তোমালোকক কথা দিয়া মতেই গৱেষণাত সহায় হোৱাকৈ জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্য ৰাশি ১১ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ’ব। তোমালোকে গৱেষণা কাৰ্য সুচাৰুৰূপে চলাই ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ অগ্ৰণী সেনানী হোৱা, আমি সদায় এনেকৈয়ে তোমালোকক উৎসাহ যোগাই থাকিম।”

ইফালে গৱেষকসকলৰ উপৰিও সদ্য স্নাতক ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও চৰকাৰে ‘জীৱন প্ৰেৰণা আঁচনি’ নামেৰে আন এক বিশেষ আঁচনি ঘোষণা কৰিছে। অহা ১০ ফেব্ৰুৱাৰীত এই আঁচনিখন আৰম্ভ কৰা হ’ব। এই আঁচনিৰ জৰিয়তে ২০২৫ বৰ্ষত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ সহায়ক হোৱাকৈ আৰ্থিক সাহায্য লাভ কৰিব।

এই আঁচনিৰ অধীনত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা স্নাতক উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে এবছৰৰ বাবে প্ৰতি মাহে ২,৫০০ টকাৰ জলপানি লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ জৰিয়তে যুৱ সমাজক চৰকাৰী চাকৰি তথা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মনোযোগেৰে প্ৰস্তুতি চলাবলৈ আহ্বান জনায়।

মুঠতে, এই দুয়োটা আঁচনিয়ে অসমৰ গৱেষক আৰু যুৱ শিক্ষাৰ্থীসকলৰ শিক্ষাগত উন্নয়ন আৰু ভৱিষ্যৎ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Related Articles