SR: এছআৰৰ জৰিয়তে বিজেপিয়ে ভোট চুৰিৰ অপচেষ্টা অব্যাহত ৰাখিছেঃ সাংসদ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

অসমত(SR) এছআইআৰ নহ’ব বুলি স্পষ্টকৈ ঘোষণা কৰাৰ পিছতো ভাৰতৰ নিৰ্বাচন আয়োগে নতুন নাম দি “স্পেচিয়েল ৰিভিজন” চমুকৈ এছআৰ প্ৰক্ৰিয়া আৰম্ভ কৰাটো ভোট চুৰিৰ এক নতুন কৌশল বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। আজি এক সংবাদমেলত সাংসদগৰাকীয়ে কয় যে নিৰ্বাচন আয়োগে নিজেই আগতে অসমত এছআইআৰ নহ’ব বুলি কৈছিল যদিও হঠাতে নতুন পদ্ধতিৰে বিশেষ পুনৰীক্ষণৰ নামত যি প্ৰক্ৰিয়া চলিছে সেয়া নজিৰবিহীন, অবৈধ আৰু নীতিবৰ্হিভূত।

ৰকিবুল হুছেইনে কয় যে ভোটাৰ তালিকা সময়ে সময়ে পুনৰীক্ষণ কৰা, ১৮ বছৰৰ ওপৰৰ লোকৰ নাম অন্তৰ্ভুক্ত কৰা, মৃত লোকৰ নাম কৰ্তন কৰা বা স্থানান্তৰিত লোকৰ নাম স্থানান্তৰ কৰাৰ নিয়মীয়া ব্যৱস্থা আছে। কিন্তু “স্পেচিয়েল ৰিভিজন” নামৰ এই পদ্ধতি স্বাধীন ভাৰতত কেতিয়াও প্ৰয়োগ কৰা হোৱা নাই। নিৰ্বাচন আয়োগে এছআইআৰ নহ’ব বুলি কৈ পুনৰ এই নতুন প্ৰক্ৰিয়া ঘোষণা কৰাটো স্পষ্টভাৱে সন্দেহজনক বুলি মন্তব্য কৰে তেওঁ।

সাংসদগৰাকীয়ে অভিযোগ কৰে যে খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছত অভিযোগ আৰু ওজৰ-আপত্তিৰ নামত যি চলিছে সেয়া অত্যাচাৰৰ সীমা চেৰাই গৈছে। বহু লোকক এদিনো সময় নিদিয়াকৈ জাননী দিয়া হৈছে। কৰ্মসূত্ৰে বাহিৰত থকা লোককো শাৰীৰিকভাৱে উপস্থিত হ’বলৈ বাধ্য কৰা হৈছে। কোনো লোক বেমাৰৰ বাবে দিল্লী বা চেন্নাইত থাকিলেও তেওঁ উপস্থিত নহ’লে নাম কৰ্তন হ’ব বুলি ভাবুকি দিয়া হৈছে।

তেওঁ কয় যে বিএলঅ’ক নিয়োগ কৰি দলৰ বিএলএসকলক লগত লৈ ঘৰে ঘৰে গৈ জাননী দিয়া হৈছে। অথচ যিজন বিএলঅ’ নিজেই মানুহৰ ঘৰে ঘৰে গৈছে, সেইজনকো তালিকাত “মৃত” বুলি দেখুওৱা হৈছে। ইয়াৰ দ্বাৰা প্ৰমাণ হয় কিমান ভয়ংকৰ নীতিবৰ্হিভূত কাম চলিছে। বহু অৱসৰপ্ৰাপ্ত বিষয়া আৰু সাধাৰণ নাগৰিকৰ বিৰুদ্ধে মিছা অভিযোগ দাখিল কৰা হৈছে। যিসকল লোকৰ নামত অভিযোগ দিয়া বুলি কোৱা হৈছে, তেওঁলোকক সুধিলে অভিযোগ কৰ্তাই নিজেই কয়—“মই এই অভিযোগ দিয়া নাই।”

ৰকিবুল হুছেইনে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ বিতৰ্কিত মন্তব্যৰ উদ্ধৃতি দি কয় যে তেওঁ ৬০টা সমষ্টিত ৫ হাজাৰৰ পৰা ১০ হাজাৰ ভোট কাটিব লাগে বুলি কৈছিল। ইয়াৰ পিছতে সকলো বিৰোধী দলে একেলগে স্বাক্ষৰ কৰি এজাহাৰ দাখিল কৰিছিল আৰু ভাৰতৰ নিৰ্বাচন আয়োগ তথা অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক স্মাৰকপত্ৰ দিছিল। কিন্তু তাৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। কোন সমষ্টিত কিমান ভোট কাটিলে বিজেপিৰ সুবিধা হ’ব, সেই গোপন তথ্যও মুখ্য নিৰ্বাচনী বিষয়াক দিয়া হৈছে বুলিও সাংসদগৰাকীয়ে সদৰী কৰে।

তেওঁ আৰু কয় যে জাননী প্ৰদান কৰি এদিন বা দুদিনৰ ভিতৰত উপস্থিত থাকিবলৈ কোৱা হৈছে, যিটো সম্পূৰ্ণ নজিৰবিহীন। দুগৰাকী বিএলঅ’কো জাননী দিয়া হৈছে। এই অনিয়মৰ কথা পোহৰলৈ অহাত নগাঁও জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াই ৰাজহুৱা জাননী জাৰি কৰি শুনানি বন্ধ কৰিবলৈ বাধ্য হয়। বঢ়মপুৰ, নগাঁও-বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ শুনানি বাতিল কৰি পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত শুনানি স্থগিত ৰখা হৈছে।

ৰকিবুল হুছেইনে কয় যে মিছা, বিভ্ৰান্তিকৰ আৰু অনাৱশ্যকীয় অভিযোগ দাখিল কৰাটো অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ অপব্যৱহাৰ। ইয়াৰ ফলত অপ্ৰয়োজনীয় বিভ্ৰান্তি আৰু বিশৃংখলতাৰ সৃষ্টি হৈছে। সঠিক পুনৰীক্ষণৰ পিছত এনে অভিযোগ সত্য প্ৰমাণিত হ’লে প্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ধাৰা ৩১সহ অন্যান্য আইনৰ অধীনত কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি জিলা প্ৰশাসনে নিজেই কৈছে।

তেওঁ জাননী লাভ কৰা নাগৰিকসকলক আহ্বান জনাই কয় যে যিসকলৰ ওচৰলৈ জীৱিত থকাৰ পিছতো “মৃত” বুলি বা স্থায়ীভাৱে স্থানান্তৰিত নোহোৱাৰ পিছতো জাননী গৈছে, তেওঁলোকে বিএলঅ’, ভাৰতৰ নিৰ্বাচন আয়োগ আৰু অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক লিখিত অভিযোগ দাখিল কৰিব লাগে। কোনো কোনো ক্ষেত্ৰত অশিক্ষিত লোক ঘৰত নথকাৰ সুযোগ লৈ বিএলঅ’ই “স্থায়ীভাৱে স্থানান্তৰিত” বুলি লিখি দিছে আৰু বহু লোকৰ ইপিআইচি নম্বৰ পৰ্টেলৰ পৰা কৰ্তন কৰা হৈছে। ৱেবছাইটৰ পৰা লিংক আঁতৰাই দিয়াত আবেদনো কৰিব নোৱাৰা হৈছে। এই সকলোবোৰক তেওঁ “চূড়ান্ত আৰু ব্যাপক অনিয়ম” আখ্যা দিয়ে।

ৰকিবুল হুছেইনে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গম পাইছে যে এতিয়া কোনো জাতি-জনগোষ্ঠীৰ ভোটাৰ তেওঁৰ লগত নাই, সেয়েহে ভোট চুৰিৰ পথ বাছি লৈছে। দিছপুৰ আৰু ৰঙানদী সমষ্টিত ৰেচন কাৰ্ডত কেৱাইচি জমা নিদিয়াৰ অজুহাতত ভোট কৰ্তন কৰা হৈছে বুলিও তেওঁ দাবী কৰে। ৰেচন কাৰ্ডৰ কেৱাইচি নথকা লোকসকলক সোনকালে কেৱাইচি জমা দিবলৈ আহ্বান জনাই তেওঁ কয়—নহ’লে অত্যাচাৰী চৰকাৰে আপোনাৰ নাম কাটি দিব।

শেষত সাংসদগৰাকীয়ে কয় যে এই সংকটৰ সময়ত কংগ্ৰেছ দল সদায় ৰাইজৰ কাষত আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এই সকলো বিষয় মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত উত্থাপন কৰিছে আৰু আয়োগে সমস্যাৰ সমাধান কৰিব বুলি আশ্বাস দিছে। প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কেতিয়াও ভোটাৰ তালিকাৰ পৰা বাদ পৰিবলৈ দিয়া নহয় বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে জাননী লাভ কৰা লোকসকলক অভিযোগ দাখিল কৰাৰ লগতে শুনানিত কংগ্ৰেছ দলে সহায় কৰিব বুলিও সদৰী কৰে।

Related Articles