মহানগীৰৰ দিছপুৰ(Mira Borthakur Goswami) সমষ্টিত একাংশ লোকৰ ভোট কৰ্তন কৰিবলৈ নিৰ্বাচন আয়োগ আৰু বিজেপি দলে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে৷ আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এখন সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ বিজেপি দল আৰু নিৰ্বাচন আয়োগে ভোট চুৰি কৰি দিছপুৰৰ মচনদ দখল কৰিবলৈ ব্লুপ্ৰিণ্ট ৰচনা কৰা বুলি দাবী কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷ এছআৰৰ জৰিয়তে পৰিকল্পিতভাৱে ভোট কৰ্তন কৰিব খোজাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি মীৰা বৰঠাকুৰে কয় যে দিছপুৰ সমষ্টিত ৰেচন কাৰ্ডৰ ই-কেৱাইচি পুনৰীক্ষণৰ নামত ৬ হাজাৰ ভোটাৰৰ নাম বিজেপি আৰু নিৰ্বাচন আয়োগে কৰ্তন কৰিবলৈ আগবাঢ়িছে৷ হাতীগাঁও, সিজুবাৰী, দক্ষিণগাঁও, ঘোঁৰামৰা এলেকাত বিভিন্নজনক ই-কেৱাইচিৰ নামত হাৰাশাস্তি আৰু অত্যাচাৰ কৰিছে৷ ৰেচন কাৰ্ড দিয়া সূলভ মূল্যৰ দোকানীসকল এই কামৰ বাবে কৰ্তৃপক্ষ নহয়৷ কিন্তু চৰকাৰে দোকানীসকলক প্ৰচণ্ড হেঁচা দি প্ৰথমে কৌশলগতভাৱে ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰিছে৷
তাৰ পিছত ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ’ব৷ ভূৱন ডেকা, আজাদ আলী, ডিম্বেশ্বৰ ৰাজবংশী, বিষ্ণু বৰ্মনৰ দোকানৰ পৰা কৌশলপূৰ্ণভাৱে ৰেচন কাৰ্ডৰ ই-কেৱাইচিৰ নামত প্ৰায় ৫০০ নাম কৰ্তন কৰা হৈছে৷ বৰঠাকুৰে ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ লগতে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰি শুনানিত অংশ ল’বলৈ অতি কম সময় দিয়াৰ অভিযোগ আনে৷ তেওঁ কয় যে আমি বাৰে বাৰে কৈ আহিছো যে কিবা ওজৰ-আপত্তি থাকিলে মানুহক সময় দিব লাগিব৷ এদিন আগত জাননী দিছে আৰু পিছদিনা শুনানিত উপস্থিত থাকিবলৈ কোৱা হৈছে৷ এয়া অত্যন্ত গৰ্হিত, দুৰ্ভাগ্যজনক আৰু গণতন্ত্ৰক হত্যা কৰাৰ এটা প্ৰক্ৰিয়া৷ নিৰ্বাচন আয়োগ বিজেপিৰ এক মৰ্চাৰ দৰে কাম কৰিছে বুলি নিৰ্বাচন আয়োগক আক্ৰমণ কৰি তেওঁ কয় যে যিমানে অভিযোগ নিদিয়ক কিয় বিজেপিৰ উৰ্ধত গৈ কাম নকৰে নিৰ্বাচন আয়োগ৷ ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়াই বিহাৰৰ ভোট চুৰিৰ কথা তন্ন-তন্নকৈ কোৱাত মানুহে উপলব্ধি কৰিব পৰা নাছিল৷ বিহাৰৰ পৰা অসমতো ভোট চুৰিৰ মডেল এটা লৈ আহিছে৷ ইয়াৰ বিৰুদ্ধে অসমত এটা সৰ্বাত্মক আন্দোলন গঢ়ি উঠিব লাগে বুলি ৰাইজক আহ্বান জনাই কয় যে বিজেপিয়ে কেৱল মচনদ দখল কৰিবলৈ ভোট চুৰি কৰা নাই, অসমীয়াক সমূলাঞ্চে নিঃশেষ কৰিব বিচৰা হৈছে৷ হিন্দীবলয়ৰ ওচৰত অসমক শৰণাপন্ন কৰা কৰা হ’ব৷ এয়া অসমৰ বাবে অশনি সংকেত৷ এটা এটা সমষ্টিত যদি ৬ৰ পৰা ৮ হাজাৰ ভোট কৰ্তন কৰা হয় তেন্তে এয়া ‘চবকা সাথ চবকা সাথৰ মডেল’৷
বিজেপিয়ে জানে এইবাৰ অসমত সুস্থ আৰু গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন হ’লে বিজেপি কোনো কাৰণত শাসনলৈ নাহে৷ যাৰ উমান পাই যোৱাবাৰ যিবোৰ সমষ্টিৰ যিবোৰ এলেকাত কংগ্ৰেছে বেছি ভোট পাইছিল সেইবোৰ সমষ্টিত ৮ৰ পৰা ১২ হাজাৰ ভোট কৰ্তন কৰি মচনদ দখল কৰিব খুজিছে৷ নিৰ্বাচন আয়োগে ১৮ হাজাৰ গোচৰ নিষ্পত্তি কৰিব পৰা নাই৷ উচ্ছেদিত লোকক ভোট স্থানান্তিৰত কৰিবলৈ আবেদন কৰিবলৈ কৈছে৷ আবেদনবোৰ অগ্ৰাহ্য কৰি হাৰাশাস্তি কৰিছে৷ নিৰ্বাচন আয়োগে স্পষ্ট কৰক যে তেওঁলোকে স্বতন্ত্ৰভাৱে কাম কৰিব নে বিজেপিৰ শ্ৰুতলিপিত কাম কৰিব৷ অসম আৰু গণতন্ত্ৰ বচাবলৈ কাম কৰক নিৰ্বাচন আয়োগে৷ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভাৰ্চুৱেল সভাত প্ৰতিগৰাকী বিধায়কক একোটা সমষ্টিত ১০ হাজাৰকৈ ভোট কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়াৰ প্ৰসংগ উল্লেখ কৰি কয় যে অখিল গগৈ ডাঙৰীয়াই এই কথা ৰাজহুৱা কৰিছে৷ নিৰ্বাচন আয়োগে এই পৰ্যন্ত দিলীপ শইকীয়াক নিজাববীয়াকৈ জাননী জাৰি কৰা নাই কিয়? কিয় জবাবদিহি কৰা নাই তাৰ উত্তৰ দিয়ক আয়োগে। আজি সূলভ মূল্যৰ দোকানীসকল মানসিক হেঁচাত আছে৷ তেওঁলোকে কৈছে যে ৰেচন কাৰ্ডৰ যি ই-কেৱাইচিৰ পুনৰীক্ষণৰ কথা কৈছে সেই কাম কৰাৰ কৰ্তৃপক্ষ তেওঁলোক নহয়৷ দোকানীসকলে কৈছে যে যিসকল মানুহক নাম কৰ্তন কৰিব খোজা হৈছে সেইসকল ইয়াৰ থলুৱা মানুহ৷ দোকানীসকলে আমাক মাত মাতিবলৈ কৈছে৷ অসমত ইতিমধ্যে মাটি চুৰি হৈছে, গৰু চুৰি হৈছে, কয়লা চিণ্ডিকেটৰ জৰিয়তে কয়লা চুৰি কৰা হৈছে, চুপাৰি চিণ্ডিকেট কৰা হৈছে৷ সকলোতে বিজেপিয়ে চুৰি কৰিছে৷ এইবাৰ নিকৃষ্ট পন্থাৰে ভোট চুৰি কৰিব খুজিছে৷ ভোট চুৰি কৰি পুনৰ শাসনলৈ আহিবলৈ ব্লুপ্ৰিণ্ট ৰচিছে৷
গণতন্ত্ৰক ভালপোৱা প্ৰতিগৰাকী মানুহক সজাগ হ’বলৈ আহ্বান জনাই মহিলা কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে ই-কেৱাইচিৰ নামত যি হাৰাশাস্তি কৰিছে তাৰ বিৰুদ্ধে সজাগ হওক৷ লগতে মীৰা বৰঠাকুৰে হাৰাশাস্তিৰ বলি হোৱাসকলক তেওঁৰ সৈতে যোগাযোগ কৰাৰ লগতে ৰেচন কাৰ্ডৰ ই-কেৱাইচিৰ বিষয়টোক গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনায়৷ নদুৱাৰ, তেজপুৰ নগাঁও, বৰক্ষেত্ৰী, ৰঙানদীত বিজেপিয়ে এই কাম কৰিছে৷ য’ত য’ত এইবাৰ বিজেপিৰ জিকাৰ সম্ভাৱনা নাই তাত ভোট চুৰি কৰি মচনদ দখল কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে যে এশ খনতকৈ বেছি আসন পাব৷ এনেকৈ যদি প্ৰতিটো সমষ্টিত ১০ৰ পৰা ১৫ হাজাৰ ভোট কৰ্তন কৰি নিজৰ মানুহৰ নাম অন্তৰ্ভুক্তি কৰে তেন্তে এশখন আসন পাব৷ চুৰি ভোটেৰেৰে যাতে নিৰ্বাচন কৰা নহয় সেয়া নিৰ্বাচন আয়োগক নিশ্চিত কৰিবলৈকো আহ্বান জনাই বৰঠাকুৰে৷ অসমৰ মানুহে নিজৰ নাম ভোটাৰ তালিকাত আছে নে নাই সেয়া তন্নতন্নকৈ পৰীক্ষা কৰিবলৈকো কয় নেত্ৰীগৰাকীয়ে।

