Road accident: মঙলবাৰে চাকৰিত যোগদান কৰাৰ কথা আছিল লুনা ভৰদ্বাজে

নিয়তিৰ নিষ্ঠুৰ পৰিহাস।(Road accident)

১০৮ ৰ চকাৰ তলত পিষ্ট হ’ল লুনা ভৰদ্বাজৰ সপোন।

মঙলবাৰে এক্সিছ বেংকত যোগদান কৰাৰ কথা আছিল লুনাই।

কিন্তু সৰস্বতী পূজাৰ দিনাই ১০৮ এম্বুলেন্সৰ খুন্দাত থিতাতে নিহত লুনা ভৰদ্বাজ।

লুনা ভৰদ্বাজৰ বঙাইগাঁৱৰ উত্তৰ শালমৰাৰ বাসগৃহত কান্দোনৰ ৰোল।

মহানগৰীৰ কাহিলীপাৰাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা।

কাহিলীপাৰাত ১০৮ ৰ খুন্দাত নিহত হয় ২৬ বছৰীয়া লুনা ভৰদ্বাজ।

দুৰ্ঘটনাত দেৰগাঁৱৰ অচ্যুত বৰুৱা নামৰ এজন যুৱকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

Related Articles