Himanta Biswa Sarma: বৰক্ষেত্ৰীত যোৱাবাৰ পৰাজিত প্ৰাৰ্থীয়ে কাম কৰি আছে, প্ৰাৰ্থীত্ব সলনি হ’ব বুলি নাভাবোঃ মুখ্যমন্ত্ৰী

নলবাৰী জিলাৰ (Himanta Biswa Sarma) বৰক্ষেত্ৰী বিধানসভা সমষ্টিত আজি ৩০,৮,০৬ গৰাকী আত্ম সহায়ক গোটৰ সদস্যাক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ দহ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ প্ৰচেষ্টাত বৰক্ষেত্ৰীৰ নপ্তিপাৰাত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ বৰক্ষেত্ৰী সমষ্টিৰ আত্ম সহায়ক গোটৰ ৩০,৮,০৬ গৰাকী মহিলাক চেক প্ৰদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয় ৰাজ্যখনৰ ৪০ লাখ মহিলা আত্মসহায় গোটৰ ৮ লাখ মহিলা লাখপতি বাইদেউ হৈছে। বাকী মহিলাবোৰকো লাখপতি বাইদেউ বনোৱাৰ লক্ষ্যৰে অসম চৰকাৰে মহিলা উদ্যমিতা আঁচনি ৰূপায়ন কৰিছে। এই আঁচনিৰ জড়িয়তে ৩২ লাখ মহিলাক সামৰি লোৱা হৈছে। আঁচনিৰ দহ হাজাৰকৈ টক লাভ কৰা মহিলা সকল ব্যৱসায় কৰি ফলাফল ভাল হলে দ্বিতীয়বাৰ তেওঁ লোকক আকৌ ২৫ হাজাৰকৈ টকা দিব। ব্যৱসায়ত উন্নতি লাভ কৰিলে তৃতীয়বাৰ আকৌ ৫০ হাজাৰকৈ টকা দিব। এনেকৈ লাহে লাহে মহিলা সকল লাখপতি বাইদেউ হব পাৰিব। এই আঁচনি লাভ কৰিবলৈ তিনিটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব বুলিও ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে,বৰক্ষেত্ৰীত নতুনকৈ দুই হাজাৰ অৰুণোদয় দিয়াৰ ঘোষণা কৰাৰ লগতে কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় কংগ্ৰেছে এইবোৰ আঁচনিৰ বিৰোধীতা কৰে, এইবোৰৰ সলনি কংগ্ৰেছৰ মতে ঢুতি,লুংঙি দিব লাগে। নিযুত মইনা, অৰুণোদয়, সূলভ মূল্যৰ সামগ্ৰী, ঘোচ নিদিয়াকৈ চৰকাৰী চাকৰিৰ লগতে বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি কয় যে বিজেপি চৰকাৰ গঠন হোৱাৰ সময়ত কোনেও এইবোৰ কথা কল্পনা কৰিব পৰা নাছিল। কিন্তু চৰকাৰে এইবোৰ কৰি দেখুৱালে। আজিৰ সভাখনত কংগ্ৰেছ দলৰ বিধায়ক দিগন্ত বৰ্মন উপস্থিত নথকা প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱাবাৰ কম সংখ্যক ভোটৰ ব্যৱধানত পৰাজিত হোৱাৰ পিছতো নাৰায়ণ ডেকাই বৰক্ষেত্ৰী সমষ্টিত ৰাইজৰ কাম কৰি আছে। আজি জয়ী হোৱা বিধায়ক গৰাকী সভাত উপস্থিত থাকিব লাগিছিল,কিন্তু নাই, সেয়েহে উন্নয়নৰ বাবে আমি বিজেপিক ভোট দিব লাগে। অখিল গগৈৰ শেষতীয়া মন্তব্য সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় অখিল গগৈয়ে যি ধৰণে মিঞা মানুহৰ মাজত সোমাইছে,যিবোৰ মন্তব্য কৰি আছে, সেইবোৰৰ পৰা বুজিব পাৰি যদি চৰকাৰ সলনি হয় মিঞাৰ ৰাজত্ব চলিব,অসমীয়া মানুহৰ একো কামে নাথাকিব। অসমত বিজেপিক হৰুৱাৰলৈ ৰাজীৱ ভৱণত মিঞাৰ প্ৰাৰ্থী অধিক হোৱা বুলি মন্তব্য প্ৰদান কৰে।

ইফালে, বৰক্ষেত্ৰী বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব সন্দৰ্ভত কয় যোৱাবাৰ পৰাস্ত হোৱা প্ৰাৰ্থী গৰাকীয়ে ৰাইজৰ কাম কৰি আছে,গতিকে এইবাৰ নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীত্ব সলনি হব বুলি নাভাবো বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এছ আৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে- হিন্দু আৰু খিলঞ্জীয়া মুছলমান লোকলৈ জাননী প্ৰেৰণ কৰা দেখা নাই,মিঞা মুচলমান লোকলৈ জাননী প্ৰেৰণ কৰিছে। মিঞাক অলপ উৎপাত কৰিব লাগিব নহলে মুৰৰ ওপৰত উঠিব। এইবাৰ নিৰ্বাচনত প্ৰায় ১০৬ টা সমষ্টিত বিজেপি মিত্ৰযোঁটে জয়লাভ কৰিব আৰু মিত্ৰতাৰ ক্ষেত্ৰত প্ৰায় একে থাকিব যদিও দুই এটা সমষ্টি সাল সলনি হব পাৰে। আজি প্ৰকাশ প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ বিজেপিত যোগদান সন্দৰ্ভত কয় যে তেওঁ লোকে যোগদান কৰি পাৰ্টীৰ কাম কৰি থাকক কিন্তু এইবাৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থীত্ব বিচাৰিব নালাগে।

বিজেপিৰ প্ৰাৰ্থীত্বৰ ক্ষেত্ৰত প্ৰাথমিক আলোচনা প্ৰায় সমাপ্ত হৈছে বুলি জানিব দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি অনুষ্ঠিত হোৱা সভাখনত জেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,প্ৰাক্তন বিধায়ক তথা জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা,নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী,নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা,নলবাৰী জিলা পৰিষদৰ অধ্যক্ষা গীতুমনি বৈশ্য, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীকে ধৰি জিলা প্ৰশাসনৰ বিষয়ৱবীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়ৱবীয়া, জিলা পৰিষদৰ সদস্য/সদস্যা, গাঁও পঞ্চায়তৰ প্ৰতিনিধি,ভাৰতীয় জনতা পাৰ্টীৰ কেইবাজনো বিষয়ৱবীয়া উপস্থিত থাকে।

Related Articles