BJP Assam: মিঞাক সন্তুষ্ট কৰি ৰাখিব বাবে গৌৰৱ গগৈয়ে ড০ হিমন্ত বিশ্ব শর্মাক চিনি নাপায় : ৰাজ্যিক বিজেপি

ৰাজ্যৰ হাতশগ্রস্ত(BJP Assam) বিৰোধীয়ে ইছ্যুবিহীনভাবে আগন্তুক বিধানসভা নির্বাচনত অৱতীৰ্ণ হ’ব বিচাৰিছে। ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ বন্যাত উটি গৈছে ৰাজ্যৰ বিৰোধী। নিৰ্বাচনত পৰাজয় বৰণৰ পিছত উপায়ন্তৰ হৈ ভোট চুৰি, ইভিএমক দোষ দিয়াতো কংগ্ৰেছৰ বাবে নতুন বিষয় নহয়। বিহাৰ বিধানসভা তথা মহাৰাষ্ট্ৰ পৌৰসভা নির্বাচনটো কংগ্ৰেছে ভোট চুৰিৰ অজুহাতেৰে নিৰ্বাচনত অৱতীর্ণ হৈছিল যদিও জনতাই তেওঁলোকৰ দাবী নস্যাৎ কবি ভাৰতীয় জনতা পার্টিক বিশাল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিছে এই মন্তব্য বিজেপিৰ জ্যেষ্ঠ মুখপাত্র ব্রজেন মহন্তৰ। আজি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেলত মুখপাত্র গৰাকীয়ে কয় যে, ইতিমধ্যে ৰাজ্যৰ বিৰোধীয়ে বিজেপিৰ সন্মুখত আত্মসমর্পন কৰিছে। পৰাজয় হ’ব বুলিয়েই বিৰোধীয়ে বিজেপি দল তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অপপ্রচাৰত লিপ্ত হৈছে। মিঞাৰ বাবে ৪৮ খন আসন সংৰক্ষণৰ দাবী কৰা নেতাৰ কোলাত বহি গৌৰৱ গগৈৰ বৰ অসম গঢ়াৰ সপোন ৰচিছে।

১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ অন্ত পেলাই অসমত বিজেপি নেতৃত্বত এনডিএ চৰকাৰৰ প্ৰতিষ্ঠা কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈয়ে চিনি নোপোৱাতো স্বাভাৱিক। তাব পৰিৱৰ্তে অসম আন্দোলন বিৰোধীতা কৰিবলৈ কংগ্ৰেছৰ ঔৰসত জন্ম হোৱা আমছুৰ সভাপতি বেজাউল কৰিম সৰকাৰৰ পাকঘৰত একেলগে আহাৰ গ্ৰহণ কৰে গৌৰৱ গগৈয়ে ড০ হিমন্ত বিশ্ব শর্মাক চিনি নাপায়। শিৱসাগৰ-তিনিচুকীয়াক মিঞালেও বনোৱা আৰু শিক্ষা জেহাদেৰে অসমৰ খিলঞ্জীয়াক শাসন কৰাৰ দৰে সাম্প্রদায়িক বক্তব্য প্রদান কৰা ব্যক্তিৰ পক্ষত থিয় হৈ গৌৰৱ গগৈয়ে সনাতনী সভ্যতাৰ বৰ ঘৰত সিদ্ধি দিব বিচাৰিছে।

অসমীয়া খিলঞ্জীয়া ৰাইজৰ উন্নতিৰ কাৰণে দিনে নিশাই নিজকে অহোপুৰুষাৰ্থ কৰা কর্মোদ্যমী মুখ্যমন্ত্রী ৫০ হিমন্ত বিশ্ব শৰ্মাই ডাভোছৰ পৰা ১৫ হাজাৰ কিলোমিটাৰ বাট যাত্রা সামৰি অসমত উপস্থিত হৈয়েই ক্ষন্তেক জিবণি নোলোৱাকৈয়ে পুনৰ জনতাৰ ওচৰত থিয় দিছে। কংগ্রেছে সংস্থাপন দিয়া অবৈধ মিএএক উচ্ছেদ কৰি খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষা কৰা, বৰদোৱা থানৰ ভূমি বেদখলমুক্ত কৰি বিশ্বমানৰ প্রকল্প নির্মাণ কৰা, এটকাও নোহোৱাকৈ সম্পূর্ণ মেধাৰ ভিত্তিত ডেৰ লাখতকৈ অধিক যুৱক-যুৱতীক চাকৰি দিয়া, অসম আন্দোলনৰ ছহীদসকলক উপযুক্ত মর্যদা প্রদানেৰে ছহীদ স্মাৰক নিৰ্মাণ কৰা ড০ হিমন্ত বিশ্ব শর্মাক গৌৰৱ গগৈয়ে চিনি নাপায়। মিঞাক সন্তুষ্ট কৰি ৰাখিব বাবে গৌৰৱ গগৈয়ে ড০ হিমন্ত বিশ্ব শর্মাক চিনি নাপায় বুলি মুখপাত্রজনে সংবাদমেলযোগে উল্লেখ কৰে। লগতে সংবাদমেলত উপস্থিত থাকে বিজেপিৰ আন এগৰাকী মুখপাত্র প্রাঞ্জল কলিতা।

Related Articles