শংকৰজ্যোতি বৰুৱাক (Sankor Jyoti Baruah) কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
নিজৰ ‘ভাই’ বুলি শংকৰজ্যোতিক অমিত শ্বাহৰ সৈতে চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰীয়ে।
‘য়ে মেৰা ভাই হ্য’… এইদৰে শংকৰজ্যোতি বৰুৱাক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সামাজিক মাধ্যমতো বিজেপিত যোগদান কৰা শংকৰজ্যোতি বৰুৱাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে ফটো শ্বেয়াৰ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাই-
‘আজি ডিব্ৰুগড জিলা অসমৰ দ্বিতীয় ৰাজধানী হিচাপে পৰিগণিত হোৱাৰ সময়ত অমিত শ্বাহ জীৰ সভাত উপস্থিত থাকো।
মোৰ বাবে স্মৰণীয় যে অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত সভাতে মোক ওচৰলৈ মাতি ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে চিনাকী কৰাই দিয়ে।
ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া।’
আজি ডিব্ৰুগড়ত এইদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ন-বিজেপি নেতা শংকৰজ্যোতি বৰুৱাৰ চিনাকি পৰ্ব।
ডিব্ৰুগড়ৰ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

