অখিল গগৈলৈ (Himanta Biswa Sarma)মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন, “অখিল গগৈৰ বিৰিয়ানিত গৰু নে মূৰ্গীৰ মাংস থাকিব ?”
আজি দেৰগাঁও বিধান সভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলক মহিলা উদ্যমিতা আচঁনিৰ চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। ৩১,৮৯৫গৰাকী উদ্যমী মহিলালৈ আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যমিতা পুঁজিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ১০হাজাৰকৈ টকা বিতৰণ। ৩,৪৮৮ টা আত্মসহায়ক গোট থকা সমষ্টিটোৰ মহিলাসকলৰ সবলীকৰণৰ বাবে বিশেষ গুৰুত্ব প্ৰদান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
অনুষ্ঠান শেষ কৰি সংবাদমাধ্যমক সম্বোধন কৰি বহু বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া জাতিৰ বিৰুদ্ধে গৈ আছে কগ্ৰেছ দল বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
অখিল গগৈলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন, “অখিল গগৈৰ বিৰিয়ানিত গৰু নে মূৰ্গীৰ মাংস থাকিব ?” বিৰিয়ানিত গৰু নে মূৰ্গীৰ মাংস থাকিব প্ৰথমে সেয়া স্পষ্ট কৰক অখিল গগৈয়ে। বিৰিয়ানিৰে বৰ অসমৰ সপোন দেখা অখিল গগৈয়ে অসমীয়াক পৰঠা, বিৰিয়ানী আৰু মুছলমানে খোৱা প্ৰতিটো খাদ্যৰ প্ৰশিক্ষণ দিব বুলি কৰিছিল ঘোষণা
এইদৰে দেৰগাঁৱত বহু বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

