আসন্ন বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমত ৰাজনৈতিক উত্তাপ দিনক দিনে তীব্ৰতৰ হৈ উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন কৰা পাকিস্তান লিংক সন্দৰ্ভত প্ৰতিক্ৰিয়া জনাবলৈ গৌৰৱ গগৈয়ে সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে। গৌৰৱ গগৈৰ সংবাদমেল সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বহু বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই। গৌৰৱ গগৈয়ে নিজৰ সন্তানৰ ধৰ্ম কিয় সলনি কৰিলে বুলি ওভতি ধৰে মন্ত্ৰী পীযূষ হাজৰিকাই। তেওঁ কয় – তৰুণ গগৈ ডাঙৰীয়াৰ নাতি আজি এজনো হিন্দু নহয়। এটা পৰিয়ালত যদি ৪ জন সদস্য থাকে তাৰে ১ গৰাকী হিন্দু আৰু আন ৩ গৰাকী যদি বিদেশী হয়,তেন্তে তেখেত নিজৰ পৰিয়ালতে সংখ্যালঘু। আৰু সেই গৰাকী ব্যক্তিয়েই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ দিৱাস্বপ্ন দেখে। আজি তৰুণ গগৈ ডাঙৰীয়া জীয়াই থকা হ’লে মনত অত্যন্ত দুখ পালে হেতেন। এতিয়াও সময় আছে গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ দল ছোনিয়া গান্ধীয়ে যেনেকৈ ইটালীয়ান নাগৰিকত্ব এৰি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিলে, আপুনিও আপোনাৰ পত্নীক যদি সম্ভৱ ভাৰতীয় নাগৰিকত্ব দিয়ক। লগতে পাকিস্তান লিংকমেন সন্দৰ্ভতো বহু প্ৰশ্ন উত্থাপন কৰে।
আনহাতে, এই সন্দৰ্ভত জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমতো এটো দীঘল পোষ্ট প্ৰকাশ কৰে। পোষ্টত মন্ত্ৰী হাজৰিকাই গৌৰৱ গগৈৰ সংবাদমেলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়—“গৌৰৱ গগৈয়ে সংবাদমেলত কি ক’ব, সেই বিষয়টো মই পূৰ্বেই জনাইছিলোঁ। ‘The Ultimate & Real FLOP SHOW’ কেনেকুৱা হয়, সেয়া আজি দেখুৱাই দিলে। ইয়াৰ লগতে তেওঁ অভিযোগ কৰে যে সাংবাদিকসকলে প্ৰশ্ন সুধি থকাৰ সময়তে গৌৰৱ গগৈয়ে আধাতে সংবাদমেল এৰি ওলাই যায়। এই ঘটনাক সাংবাদিকসকলৰ প্ৰতি অপমান বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই জনসংযোগ মন্ত্ৰী হিচাপে দুখ প্ৰকাশ কৰে। পীযুষ হাজৰিকাই গৌৰৱ গগৈৰ বক্তব্যত উত্থাপিত কিছুমান তথ্যকো মিছা বুলি অভিযোগ কৰে। বিশেষকৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত ভিছা ব্যৱস্থা আৰু এলিজাবেথ ক’লবাৰ্নৰ দৰমহা লেনদেন বিষয়ত গৌৰৱ গগৈয়ে ভুল তথ্য দিয়া বুলি দাবী কৰে মন্ত্ৰী হাজৰিকাই। এই ঘটনাক কেন্দ্ৰ কৰি শাসক আৰু বিৰোধীৰ মাজত বাক-বিতণ্ডা তীব্ৰতৰ হৈ উঠিছে আৰু বিষয়টো আগন্তুক দিনত অসমীয়াৰ ৰাজনীতিত অধিক চৰ্চিত হোৱাৰ সম্ভাৱনা দেখা গৈছে।

